সাধাৰণতে শিশু শব্দটোতে লুকাই আছে এক কোমল অনুভৱ৷কল্পনাপ্ৰৱন, কৌতুহলি, পখিলা খেদি ফুৰা এই শিশু সকলেই আমাৰ দেশৰ ভৱিষ্যত৷ শিশুবোৰক আমি ভগৱান জ্ঞান কৰো৷ প্ৰতিটো দেৱশিশুকে যদি শৈশৱৰ পৰা সু- নিয়ন্ত্ৰণভাৱে জ্ঞান আহৰণৰ সুস্থ পৰিৱেশ প্ৰদান কৰা হয় তেন্তে এই শিশু সকলেই এদিন সমগ্ৰ বিশ্বকে সভ্যতাৰ শিখৰলৈ লৈ যাব৷ কিন্তু আমাৰ মাজৰে এক শ্ৰেণী মানুহে এই ফুলকুমলীয়া শিশুসকলৰ ৰঙীন শৈশৱ কাঢ়ি লৈ শ্ৰমিক হিচাপে ব্যৱহাপ কৰে৷
বৰ্তমান বিশ্বৰ উন্নয়নশীল দেশ সমূহত শিশু শ্ৰমিকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে৷ ইয়াৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান প্ৰথম বুলি এক সমীক্ষাত কোৱা হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ'ল দৰিদ্ৰতা৷ জনসংখ্যা বিস্ফোৰণৰ লগে লগে মাক দেউতাকে ল'ৰা- ছোৱালী পো- পাল দিয়াত অসামৰ্থ যাৰ ফলত নিজৰ ল'ৰা- ছোৱালীক শিশু শ্ৰমিক হিচাপে নিয়োজিত কৰি জীৱন নিৰ্বাহ কৰিছে৷
জীৱনৰ ৰঙীন সপোন দেখাৰ বয়সতে সিহঁত আগবাঢ়িব লগা হৈছে এখন অন্য পৃথিৱীলে৷ পখিলা খেলা সময়ত সিহঁত নামি পৰিছে প্ৰতিটো কাম শুদ্ধ আৰু সুশৃংখলতাৰে কৰি মালিকক সুখী কৰাত৷ শিশুবোৰৰ হাতৰ পৰা কাগজ কলম কাঢ়ি লৈ সিহঁতৰ কান্ধত তুলি দিয়া হৈছে একাধিক কামৰ বোজা৷ কিছুমান শিশুক যদি দেখা হয় হোটেল, ৰেষ্টুৰাণ্ট, উদ্যোগ আদিত আৰু আন কিছুমান দেখা যায় ঘৰুৱা চাকৰৰ ৰূপত৷
কিছুমান সমীক্ষাৰ পৰা জানিব পৰা মতে, ভাৰতবৰ্ষৰ শিশু শ্ৰমিক বিলাকক ৮ ৰ পৰা ১০ ঘণ্টা কামত নিয়োগ কৰে৷ যাৰফলত অতিৰিক্ত সময় ধৰি অনুপযুক্ত পৰিৱেশত যিকোনো খাদ্য কাম কৰাৰ ফলত শিশুসকলে প্ৰধানকৈ যক্ষ্মা, হাওঁফাওঁ, দৃষ্টিহীন আদি ৰোগত ভোগা দেখা যায়৷ ইয়াৰ ফলত প্ৰতিবছৰে দেশত বহুতো শিশুৰ মৃত্যু হৈ আহিছে৷
এই শিশুসকলে সামাজিক, মানসিক, শাৰীৰিকভাৱে ক্ষতিগ্ৰস্থ হৈ পৰে৷ বৰ্তমান চৰকাৰে শিশু শ্ৰমিকৰ ওপৰত বিভিন্ন আইন প্ৰনয়ণ কৰিছে যদিও সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠা নাই৷ চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰি শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে৷ ভাৰতবৰ্ষত শিশু শ্ৰমিক বৃদ্ধিৰ মূল কাৰণটোৱেই হৈছে আৰ্থিক দিশত দুৰ্বল আৰু অনুন্নত শিক্ষা ব্যৱস্থা৷
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত৷ শিশুসকল যিমানেই প্ৰতিভাৱান হ'ব সিমানেই দেশৰ ভৱিষ্যত উজ্জ্বল হৈ উঠিব৷ শ্ৰমিকৰ মালিক সকলে বে-আইনীভাৱে শিশু শ্ৰমিক নিয়োগ কৰে তাৰ বাবে মালিক সকলক চৰকাৰীভাৱে দণ্ডনীয় হোৱাটো প্ৰয়োজনীয়৷ চৰকাৰে যিখন আইন শিশু শ্ৰমিকৰ বাবে আইন প্ৰনয়ণ কৰিছে সেই সকলোবোৰ যেন বাতৰি কাকত আৰু সংবাদ মাধ্যমসমূহতেই সীমাবদ্ধ হৈ আছে৷ যেতিয়ালৈকে এই আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ নুঠিব তেতিয়ালৈকে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব৷
এই শিশু শ্ৰমিকৰ মাজৰে দুই এজনেে সময় উলিয়াই শিক্ষাতো মনোনিৱেশ কৰা দেখা যায় আৰু জীৱন যুদ্ধত সিহঁত জয়ীও হয়৷ বেয়া পৰিৱেশ আৰু অসীম যন্ত্ৰণাত পৰি কেতিয়াবা এই শিশু বিপথে পৰিচালিত হয় আৰু সমাজৰ এতি ঋণাত্মক দৃষ্টভংগী নিক্ষেপ কৰে, সিহঁত হৈ পৰে সমাজ বিৰোধি, অপৰাধ প্ৰৱন আৰু ভয়ানক৷
শিশু শ্ৰমিকৰ এনে কৰুণ পৰিণতিৰ বাবে সমাজৰ বিভিন্ন অভিভাৱক আৰু মালিকসকলক দায়ী কৰোৱাতকৈ বৰ্তমান সময়ত এক নতুন পৰিকল্পনা নকৰিলে এই শিশু সকল ভৱিষ্যত যে অন্ধকাৰ তাত কোনো সন্দেহ নাই৷ সংবিধানে বৰ্তমান সময়ত ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ বাবে মুক্ত আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন প্ৰনয়ণ কৰিছে৷ বৰ্তমান শিশু শ্ৰমিক সকলক সজাগ কৰি বিভিন্ন এন, জি, অ সকলে সহায়ৰ হাত আগবঢ়ালে শ্ৰমিকৰ হাৰ কমি আহিব লগতে দেশখনো উন্নতি দিশত আগবাঢ়িব৷








