পগলাটোৱে বহুত দিনৰ পৰা দিগদাৰ দি আছে ৰমেশ ঠিকাদাৰক৷ আজি বোলে ইটা এচপৰা লৈ ৰখি আছিল কামৰ পৰা আহালে৷ ঠিকাদাৰে গ্লাচখনেৰে দেখিহে গাড়ীৰ স্পীড বঢ়াই বাচিছে যেনে -তেনে৷ পিছে পগলাৰহে হানি হ'ল, গাড়ীত লাগি উফৰি পৰিল মূৰ ফাটিল৷ ৰাস্তাত পৰি থকা দেখি কোনোবাই ওচৰৰ হস্পিতালখনৰ চুক এটাতেই পেলাই থৈ আহিল৷ মানুহজনীয়ে বিচাৰ খোচাৰ কৰি হস্পিতাল পোৱালৈ অৱস্থা একেবাৰে বেয়ালৈ ঢাল লৈছিল, কিবা ভুল বকিছিল- "বৰষুণ নাহে তহঁতি নিতিতিবি, পেটৰ ভোক পেটতে যাব, তোৰ নিমখকণ ও গোটাব পৰা সামৰ্থ নাই মোৰ অ এতিয়া, মই মৰি থকাই ভাল৷" এই কথা কেইষাৰতেই শেষ হৈছিল পগলাৰ জীৱনটো৷
মইনাৰ সপোনবোৰ যেন আজি- কালি "জুপিতৰা" হোটেলৰ পাছফালে থকা সেই কোঠালিটোতেই আৱদ্ধ৷ চলচলীয়া চকুহালেৰে গ্রাহকৰ খোৱা বাচনবোৰ ঘঁহি ঘঁহি সি জুকিয়াইছে জীৱনৰ অংকবোৰ৷ মে' মাহ সোমাল, তাৰ লগৰবোৰে চাগে এতিয়া মেট্রিকৰ বাবে খুব পঢ়িছে৷ স্কুল নোযোৱা এমাহ দিনে কি বা নতুন পঢ়ালে... বাইদেউজনীয়ে স্কুল খতি নকৰিবলৈ তাক প্রায়েই কয় আৰু তাৰ দেউতাকে ও যে এদিন কৈছিলহি- "অ' মইনাৰ মাক বৰ ভাল কাম এটা পাইছো অ', ৰমেশ ঠিকাদাৰক বোলে হোটেল এখন আৰু ঘৰটো সাজি দিব লাগে অলপ দিন টনা- টনিকেই চল, কামটোত খাটিব লাগিব ভালেকেইদিন৷ একেলগে বহুকেইটা টকা পাম বুজিছ, তেতিয়াই ভগা চালিখন বাতিম দে, মইনাৰ কিতাপকেইখনো কিনি দিম তাৰ বৰ মন পঢ়িবলৈ, তই পিছে চিনি নাপাব সেইজন বৰ ভাল মানুহ জানিছ, একেবাৰে ইশ্বৰ৷" কাম শেষ হোৱাৰ পাছতচোন দেউতাকে তাক ঘৰটো দেখুৱাবলৈ লৈ গৈছিল, বৰ ওখ ডাঙৰ ধুনীয়া ঘৰ আছিল, এখন ফুলনি আৰু তাৰ সমানেই এজনী ছোৱালীও আছিল ঘৰটোত৷ তাৰ মনত আছে দেউতাকে তাইক 'জুপি' বুলি মাতিছিল আৰু তাই পাপা ইয়াত নাথাকে বুলি কৈ আঁতৰি গৈছিল৷ তাৰ পাছৰে পৰা বাৰু ক্রমান্বয়ে দেউতাক কিয় সলনি হৈ গৈছিল..? ভাত মুঠিৰ চিন্তা নকৰা হৈছিল, দিনৰ দিনটো ঘুৰি ফুৰিছিল, ৰাতি কেতিয়াবা ঘৰলৈ আহিছিল কেতিয়াবা ৰাস্তাতে কটাইছিল৷ সিহঁতি প্রায়েই ভোকতেই শুব লগা হৈছিল৷ মইনাই এদিন ৰাতি দেউতাকে কান্দি কান্দি কৈ থকা শুনিছিল- "ইমান দিন খাটি খাটি সাজি দিলো ঘৰ কেইটা,মইনাক পঢ়ুৱাম বুলি, পেটৰ ভাত মুঠি গোটাবলে দিন- নিশা এক কৰি কাম কৰিলো, সি মোক কিয় এনেকুৱা কৰিলে,মোৰ বুকুত কুঠাৰ মাৰিলে" আৰু তাৰ কেইমাহমানৰ পাছতেই তাৰ দেউতাক হেৰাই গৈছিল ক'ৰবাত, গুচি গৈছিল কোনোবা অজান দেশলৈ৷ হঠাৎ কেনেকৈনো পিচলি পৰিল মইনাৰ হাতৰ পৰা কাপটো আৰু ক'ত কি হ'ল সি তলকিবই নোৱাৰিলে৷ পাছতহে বুজিলে মালিক আহিছিল... সেইজন সদায় নাহে, মাজে মাজে কেতিয়াবা আহে আৰু যায়৷ খোৱাৰ বিলটো দি মানুহ দুগৰাকীয়েও আলোচনা কৰি ওলাই গ'ল-"ল'ৰাটোক তেনেকৈ মাৰিব নালাগিছিল, সৰু হৈ আছে জনা নাই কাম-কাজ"৷
এসাঁজ খাই এসাঁজ লঘোণ৷ চলি আছে তেনেকৈয়ে মইনা আৰু মাকৰ জীৱন দুটি৷ ভগা জুপুৰীটোৰ সেই বাঁহৰ চাং খনতে প্রায় শুইয়ে থাকে মাকজনী, ইটোৰ পাছত সিটো নুগুছেই বেমাৰ৷ আনদিনাৰ দৰেই সন্ধিয়া ঘৰত সোমাই মইনাই চাকিটো জ্বলাই মুখ- হাতকেইটা ধুই আহিল৷ কেতিয়াবা সুবিধা হ'লে হোটেলৰ থাকি যোৱাখিনিকে সি ঘৰলৈ আনে, আজিও তাকে আনিছিল৷ পোটোকা পৰা কাঁহী দুখনতে মাকে খাবলৈ উলিয়াই দি ক'লে- মইনা মই গা- টো পাতল পাইছো, কাইলৈৰ পৰা তোৰ পৰীক্ষা নহয় কামলৈ মইয়ে যাম দে পাৰিম৷ ভাত কেইটা খাই মাক বিচনাত পৰিছিল আৰু সি কিতাপখন মেলি.............. কোনোবা কোনোবাই হাঁহিলে, 'পগলাৰ পুতেকে বোলে মেট্রিক দিব৷'
সময় কাৰোৰে বাবে নৰয়, পৰীক্ষা শেষ কৰি সি মাকৰ ঠাইত আকৌ সোমাল সেই "জুপিতৰা" হোটেলৰ বাচন ধোৱা কোঠালিটোত৷ কাহানিবা তাৰো ভাৱ হয়, এই মানুহজন (মালিক) বাৰু মানুহনে সঁচাকৈ....? ইমান বেয়া ব্যৱহাৰ, আজি বা আকৌ কি বিহু দেখুৱাবলৈ ওলালহি যি নহওক কামৰ মাজতে বেৰত লগাই থোৱা ডাঙৰ টি. ভিটো সি আঁৰৰ পৰা হ'লেও এপাক চায়৷ অৱশ্যে তাত ওলোৱা কিবা নাচবোৰ সি বেয়া পায়৷ আজি পিছে অসমীয়া নিউজ চেনেল লাগি আছে, এই বিশেষ পৰিৱৰ্তন কিহৰ বাবে সেইটোহে সি বুজিব নোৱাৰিলে সৰুকৈহে কৈছিল 'ভূতৰ মুখত ৰাম নাম' কথাষাৰ শেষ নহওঁতেই তাৰ গালত জোৰেৰে এটা কাণতলীয়া চৰ পৰিল৷ মানুহক সন্মান কৰিব নাজান, কামচোৰ ভিক্ষাৰীৰ জাত বুলি বাহিৰলৈ চোচৰাই আনোতেই একে সময়তে টি. ভি ত ব্রেকিং নিউজ আহিল.......
"হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা৷" নিৰান্নব্বৈ শতাংশ নম্বৰ লাভ কৰি অসমৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে শ্রী সদানন্দ বৰুৱা আৰু মীনা বৰুৱাৰ সুযোগ্য সন্তান শ্রী মাধুৰ্য্য বৰুৱাই৷ সুখ্যাত ঠিকাদাৰ ৰমেশ চৌধৰীৰ 'জুপিতৰা' হোটেলত কাম কৰি নিজা পঢ়াৰ খৰচ উলিওৱাৰ লগতে মাকক চোৱাচিতাৰ দায়িত্ব লৈয়ো এই সফলতা অৰ্জন কৰিলে মাধুৰ্য্যই৷
গালখনত পাঁচটা আঙুলি বহিছিল ৰঙা পৰি গৈছিল৷ মইনাই গম নাপায় এতিয়া সেইবোৰ, ভেবা লাগিল সি টি.ভি লৈ চাই৷ সদানন্দ- মীনা তাৰেই মাক দেউতাকৰ নাম আৰু মাধুৰ্য্য হ'ল এই মানুহহালৰে মৰমৰ মইনা৷ কিন্তু ৰমেশ চৌধৰী......?
মইনাক আজি আৰু কোনেও ধৰি ৰাখিব নোৱাৰে,দৌৰি দৌৰি ওলাই গ'ল | সি আজি মাকক ক'বগৈ-আমি কাম কৰা হোটেলৰ মালিকেই ৰমেশ ঠিকাদাৰ মা,দেউতাই যাক ইশ্বৰ মানিছিল,যি জনে মোক আজিও মাৰ-পিট কৰে, যি জনে দেউতাক কাম কৰাই কষ্টৰ মূল্য নিদি পাগল সজাইছিল, যিয়ে দেউতাক গাড়ীৰে মহতীয়াই হত্যা কৰিছিল সেই একেজনেই ৰমেশ ঠিকাদাৰ আৰু মই, মই আজি অসমৰ ভিতৰতে প্রথম স্থথান পাইছো মা, দেউতাৰ সপোনবোৰ এদিন মই পূৰ কৰিম, এই ভগা চালিখন এদিন মই নতুনকৈ সাজিম, দেউতাক এদিন নহয় এদিন মই ন্যায় দিম মা ন্যায় দিম৷
ঠিকনাঃ গোলাঘাট








