মটক সকল টাইৰা অৰ্থাৎ চীনতিব্বতীয় গোষ্ঠীৰ ভাষীক লোক আছিল বুলি ‘টাই খেকলা বেতত’ উল্লেখিত এক তথ্যৰ পৰা জনা যায়। বৰ্তমান তেওঁলোকৰ ভাষা মান্য ভাষা অসমীয়া যদিও দৈনন্দিন কথাবতৰাত প্ৰচলিত ভাষা অৰ্থাৎ কথিত ভাষাটোৰ উচ্চাৰণ আৰু সততে ব্যৱহাৰিত ভালেমান শব্দ চীন তিব্বত-ধৰ্মীয় মূলৰ বুলিয়ে ঠাৱৰ কৰিব পাৰি । তদুপৰি ‘পলিচিলেবিক’ শব্দবোৰ ‘মনোচেলিবিক’ কৰি কোৱাটো এক সাধাৰণ নিয়ম । যেনে ‘সি তাৰ পা আহিল’ (সি তাৰ পৰা আহিল), ‘হাঁহে চাইটা (চাৰিটা) কণী পাৰিলে’- ইত্যাদি। তদুপৰি মটকসকলৰ কথিত ভাষাত এনে কিছু শব্দ প্ৰচলিত আছে যেনে- ‘কুচুতে’ (নিমিষতে), ‘ডকলাই’ (ধোৱাচাং), ‘হেঁদাৰি মৰা’ (শ্ৰম বিনিময় কৰা), ‘সেজা’ (সোঁত), ‘দেগা’ (জপিয়াই যোৱা), ‘হেনেকে’ (তেনেকৈ), ‘উচুমান’ (নাওমান), ‘আংমৰা’ (কণ- কঠীয়া মৰা), যিবোৰ মান্য অসমীয়া ভাষাত আজিও অপৰিচিত। ভাষাটোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যও যেন –‘কামৰূপ প্ৰাকৃত’ নহয়, বৰঞ্চ ‘সৌমাৰ প্ৰাকৃত’হে এনে ধাৰণা দিয়ে৷ যেনে– ‘মাইকী ল'ৰা-মতাল'ৰা’ বুলি কয় । দন্ত্য ‘ন’ আৰু মুৰ্দ্ধন্য ‘ণ ৰ মূলানুগ হেৰাই যোৱা। লগতে ‘স’,‘ষ’,‘স’,‘হ’ৰ ধ্বনিতাত্বিক বৈশিষ্ট্য উচ্চাৰণত ৰক্ষিত নহয়। উজনি অসম খণ্ডৰ অনেকবোৰ ঠাইৰ নামো এই সৌমাৰ প্ৰাকৃত ৰ পৰাই অহা যেন লাগে । যেনে –‘নখ্ৰাই’, ‘হেবেদা’, ‘গুইজান’, 'দিনজান’, লেচেঙ্কাৰ’, ‘দিচৈ’, ‘দিৰৈ’, ‘বেংমৰা’ ইত্যাদি৷








