মই কোন .....✍ দীপিকা দাস কলিতা

স্নেপচট (১)

চাৰিআলিটোৰ মূৰতে হেলনীয়া আঁঁহত জোপা। আজোককাৰ দিনতে গা-গছজোপা হাতেৰে সাবটি ধৰিব পৰা নগৈছিল। গছজোপাৰ আঁৰতে টিনৰ চালিখন। সাপ্তাহিক বজাৰ বাৰত মেধিৰ সৰুপোনাই শুকান মাছলৈ বহে। সেই ঠাইখিনিৰ পৰাই ভাঁহি আহিছিল কেতবোৰ অস্ফূূূূৰ্ত ক্ৰন্দন যেন লগা শব্দ। দৰাচলতে ঠাই টুকুৰা লোকচক্ষুৰ পৰা কিছু নিলগত। সেই বাটটোৰ শেষত মাথো অংগনবাদী স্কুলখন। তাতে আকৌ গৰমৰ বন্ধ। সেয়েহে সেইফালে মানুহৰ আহ যাহ বন্ধই বুলিব পাৰি। গাওঁতে ভাগী বংশধৰ এজনলৈ পলাই যোৱা হেতু এঘৰীয়াকৈ আজি ষাঠিটা বছৰে খোৱা, কেও কিছু নোহোৱা কুঁজী বুঢ়ী কলমৌ শাক আৰু কচুথোৰা বুটলিবলৈ গৈছিল ৰাতিৰ সাজৰ বাবে, স্কুলখন পিছতে লাগি থকা দ খাৱৈটোত। শব্দটোৰ উমান লৈয়ে বুঢ়ীয়ে আগবাঢ়ি গ'ল। ক'তো একো দেখাও নাযায়। ইফালে বেলি ভাটি দিও দিও। কুকুৰীকণা বুঢ়ীয়ে সোনকালে ঘৰ সোমাব নোৱাৰিলে পয়মালো হ'ব। গেঙনিটোও ক্ৰমাৎ নোহোৱা হৈ গ'ল। বুঢ়ী উলটিবই লৈছিল, এনেতে কাষৰ পানীমেটেকাখিনি লৰি উঠিল। উচপ খাই বুঢ়ীৰ বুকু ঢকঢকাবলৈ ধৰিলে। তথাপি সাহ কৰি আগুৱাই গৈ হাতত থকা লাখুটিডালেৰে হেঁচুকি দিলে। গেঙনিটো শুনা নুশুনাকৈ আকৌ ওলাই আহিল। অলপ হাউলি চাই দেখে যে এইয়া কোন,,,,!!! চিনিব নোৱাৰি। সৰ্বশৰীৰ ক'লা ক'লা। তাতে এন্ধাৰো হৈ গ'ল। অভিজ্ঞতাৰে পুষ্ট বুঢ়ীৰ যেন ষষ্ঠান্দ্ৰিয় সজাগ হৈ উঠিল। বুঢ়ীয়ে চিঞৰিব ধৰিলে। তাৰপিছত তাতে এটা বিৰাট মানুহৰ জুম।

স্নেপচট (২)

খাৱৈটো বহুত দ' আছিল। সাধাৰণভাৱে মানুহ এজন নমাৰ সাহ কেতিয়াও কৰিব নোৱাৰে। মেটেকাখিনৰ তলত চাগৈ আৰু দহ বাৰফুটমান দ'। ইফালে সময়ো কম। মেটেকাখিনি লৰাই থকা প্ৰাণীটো যদি মানুহ তেন্তে হাতত সময় তেনেই তাকৰ। কাৰণ ইতিমধ্যে ক্ৰন্দন একেবাৰে স্তব্ধ হৈ পৰিছিল। কোনো কামক হেয় নকৰা তগৰৰ  পুতেক যদুৰ গাৱঁতে নাম আছে যদিও আজি সিও ভয় খাইছে। তথাপি মৰসাহ কৰি কঁকালত নাৰিকল পাৰোতে বন্ধা ৰচীডাল ভালকৈ বান্ধি লৈ খাৱৈটোলৈ নামি গ'ল। লগত আৰু দুজন সহযোগীয়ে ওপৰৰ পৰা ধৰি টানি থাকিল। ডাঠ যদিও মেটেকাখিনিয়ে যদুৰ শৰীৰৰ ভৰ ধৰি ৰাখিব নোৱাৰিলে। যদু চিঞৰি চিঞৰি মানুহকেইজনক ৰচীডাল আৰু নমাই নেদি ওপৰতে ধৰি থাকিব দিলে। লৰি থকা জীৱটোৰ কাষলৈ ভুমুকি চাইয়ো একো তলকিব নোৱাৰি, যদুৱে হাতত থকা বিড়ী খোৱা লাইটাৰতো জ্বলাই দিলে। লাগি থকা মেটেকাখিনি টান মাৰি আঁঁতৰাই দি চাই যে নীলা ৰঙৰ চাদৰ এখনেৰে আধা মেৰুৱাই থকা কেঁচুৱা এটি। খাৱৈটোৰ ক'লা ক'লা পানীবোৰে কেচুৱাটোৰ কণমানি শৰীৰটো ক'লা কৰিলেও ক'লা কৰিব পৰা নাছিল কণমানি চকুকেইটা আৰু তাৰ আভা। যদুৱে তেনেদৰেই তালৈ আধামুদা চকুৰে থৰ লাগি চাই থকা আৰু এই ডুবো, এই ডুবো হোৱা কেঁচুৱাটোক তেনেদৰেই ধৰি বুকুৰ মাজত সাবটি ল'লে। বহুপৰ কান্দি কান্দি লেবেজান হোৱা কণমানিটো হয়তো জীয়াই থাকিবলৈ যেন অহোপুৰুষাৰ্থ কৰিছিল। বুকুখন কিবাযেন এক অজান আৱেগত ভৰপুৰ হৈ পৰিল। মানুহ দুজনে যদুক টানি টানি ওপৰলৈ তুলি আনিলে। যদুৰ চকুৰে নিজৰ অজানিতে পানী সৰসৰাই বৈ আহিল।

স্নেপচট(৩)

কুঁজীবুঢ়ীৰ এঘৰীয়া কৰা ঘৰটোত আজি গাৱঁৰ ৰাইজ ভৰ্তি। কাৰণ খাৱৈটোৰ একেবাৰে ওচৰত ঘৰ বুলিবলৈ সেইটোৱেই। সম্পূৰ্ণ ষাঠিটা বছৰৰ মূৰত  এই এৰালপৰীয়া ভিটাটোত মানুহৰ খদমদমনি। কুঁজী বুঢ়ীৰ মন কুলাই পাচিয়ে নধৰা অৱস্থা। বুঢ়ীৰ চোতালতে ডাঙৰকৈ জুই একুৰা জ্বলাই এজনে পানী গৰম কৰিলে। কেঁচুৱা পোৱাৰ খবৰ গাৱঁৰ ইমূূৰৰ পৰা সিমূৰলৈ ভাহি গৈছিল। সকলোৱে দহোবন কাতি কৰি দৌৰি আহিছিল কেঁচুৱাটো চাবলৈ কুঁজী বুঢ়ীৰ ঘৰত। তাৰ মাজতে গোঢ়ামি দেখুৱাই থকা কেইঘৰমান এঘৰীয়া কুঁজীবুঢ়ীৰৰ ঘৰত ভৰি নিদি বাটতে ৰৈ আছিল।গাৱঁৰ সকলোতকৈ ভাল বয়সস্থ ধাইজনীয়ে কেঁচুৱাটোক গা মুৰ ভালদৰে ধুই পখালি দি কৈছিল, 'প্ৰায় তিনি চাৰদিনীয়া ছোৱালী এইজনী।' ৰমলাই মোনা এটাত নিজৰ ছোৱালীজনীৰ বাবে ৰখা গাখীৰৰ বটলটো ওলিয়াই যদুক দিছিল। কণমাণিজনীয়ে প্ৰায় একে উশাহে গোটেই বটলটো খালী কৰি দিছিল আৰু যদুৰ কোলাতে শুই পৰিছিল। সকলোৰে পৰামৰ্শ মতে কেঁচুৱাটোক ওচৰৰে  চিকিৎসালয়খনলৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসকে কেঁচুৱাটো সম্পূৰ্ণ সুস্থ বুলিয়ে জনাইছিল। কথাতে কোৱা হয় নহয়,'ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে?'

স্নেপচট (৪)

খবৰটো পাইয়ে পুলিচ দাৰোগাজন গাৱঁৰ ৰাজহুৱা নামঘৰটোলৈ আহিছিল। কণমানিজনী উদ্ধাৰৰ আঠঘণ্টা পাৰ হৈ যোৱা সত্বেও কোনেও নিজৰ সন্তান বিচাৰি নহাত সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল যে, কোনোবাই হয়তো জীৱনৰ ভুল বুলি গণ্য কৰি দলিয়াই থৈ গৈছিল কেঁচুৱাটোক। "কেনেকৈ বাৰু ইমান পাষাণ হ'ব পাৰে মাতৃ হৃদয়!!! বাৰু তুমি কোনোপধ্যে স্বীকৃতি দিব নোৱাৰা তোমাৰ সন্তান বুলি। কিন্তু ইমান কষ্ট কৰি জন্ম দিয়াৰ পিছত মৰিবলৈ কেনেদৰে এৰি দিয়া। আত্মাটোৱেও বাৰু ধিক্কাৰ নিদিয়ে নে??? তাতোকৈ কোনোবা অনাথ আশ্ৰমৰ দুৱাৰদলিতে এৰি থৈ আহিবা। নিষ্পাপ শিশুটোৱে অন্তত কৰোবাত জীয়াইতো থাকিব পাৰিব।" যদুৰ কথাবোৰ সকলোৱে মন দি শুনি আছিল। চকুৰে পানী নিগৰিছিল উপস্থিত সকলোৰে। কণমাণিজনীৰ ভৰণ পোষণৰ দায়িত্ব লবলৈ ইতিমধ্যে বহুজন আগবাঢ়ি আহছিল যদিও, সেই নামবোৰৰ ভিতৰত থকা যদুৰ নামটোৰ বাবে দাৰোগা বাবুই প্ৰয়োজনীয় নথিপত্ৰবোৰত দস্তাবেজ লৈ যদুকে কণমাণিটিৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। যদুৱে আনন্দতে চিঞৰি চিঞৰি গাইছিল, 
"আজিৰপৰা তুমি নকবা 'মই কোন' বুলি, 
মোৰ জীৱনৰ পোহৰ তুমি,
জানিব সকলোৱে 'জোনাক' বুলি।"