আজি মধুপুৰ গাওঁবাসী শোকত স্তব্ধ হৈছে ৷ মৰ্মাহত গাৱঁৰ প্ৰত্যেকজন ব্যক্তি ৷ দুখ সাগৰত যেন ডুবি আছে গাওঁখন৷ নিৰ্বাক আৰু নিস্তব্ধ ! আজি গাৱঁত একে সময়তে দুখনকৈ চিতা জ্বলিছে ৷ দুই প্ৰেমিকৰ চিতা ৷ ওচৰা ওচৰিকৈ জ্বলা চিতা দুখনৰ পৰা ওলোৱা ধোঁৱা বোৰক যেন পবন দেৱতাই এক কৰি বান্ধি পেলাইছে ৷ কুন্দলী পকাই পকাই দুই খন চিতাৰ ধোঁৱা এক হৈ স্বৰ্গলৈ গতি কৰিছে ৷ গাওঁবাসীয়ে আশীৰ্বাদ কৰিছে
"ভগৱান সিহঁতক স্বৰ্গতে মিলাবা ৷ স্বৰ্গত দুয়ো সুখেৰে থাকগৈ”
আজি মধুপুৰ গাৱঁৰ মহাপ্ৰতাপী ৰাম গোস্বামীও মুক হৈ বহি আছে নিজৰ কোঠাত ৷ নাজানো অনুতপ্ত নে ! আহত ৷ তেওঁ নিজৰ জীয়াৰীক হেৰুৱাৰ দুখত বিহ্বল নে নিজৰ কতৃত্ব অৱমাননা কৰাৰ বাবে খোভত মুক হৈছে ৷ কোনেও তেওঁৰ কাষলৈ যাবলৈ সাহস কৰা নাই ৷ পত্নী কৌশল্যাও আজি স্বামীৰ ওচৰ চপা নাই ৷ নিজৰ জীক হেৰুৱাই দুখত বিহ্বল আজি কৌশল্যা ৷ অসহায়, ভাগৰুৱা আজি তাই ৷ স্বামীৰ অহংকাৰ, স্বাভীমানৰ বাবে তাই জীৱনত বহু বস্তু হেৰুৱাইছে ৷ আজি তাই তাইৰ অতিকৈ মৰমৰ জী জনীকো হেৰুৱালে ৷ কৌশল্যাৰ চকুলোৱে আজি সাগৰ হ’ব ৷ এই দুখ তাই নোৱাৰে সঁহিব ৷
মধুপুৰ গাৱঁৰ ৰাম গোস্বামীয়ে দুই পুত্ৰৰ পিছত এক জীয়াৰীৰ বাবে মনোকামনা কৰিছিল৷ শেষত তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰি আহিল সিহঁতৰ মাজলৈ এজনী কন্যা সন্তান ৷ সকলোৰে মৰমৰ চেনেহৰ এটি পুতলা হেন শিশু কন্যা ৷ একলা দুকলাকৈ তাই বাহি আহিল ৷ ৰুনুক জুনুক খোজৰ শব্দই গোস্বামীৰ ঘৰখন স্বৰ্গভূমি কৰি তুলিলে ৷ গোলাপী গালেৰে কজলা চকুৰে তাই যেন সৰগৰ পৰা নামি অহা পৰী হে ৷ কৌশল্যাই মৰমতে তাইৰ নাম থ’লে পৰী ৷ পৰী ডাঙৰ হৈ আহিল কিন্তু পৰীয়ে দেখোন একোকে ক’বলৈ ইচ্ছা নকৰে ৷ মাক দেউতাক দুয়ো ককায়েকে ইমান যত্ন কৰিলে কিন্তু পৰীয়ে কথা নক’লে ৷ গোস্বামীয়ে কিমান ডাক্টৰৰ কাষ চাপিল কিমান কবিৰাজক দেখুৱালে নাই একোৱে কামত নিদিলে ৷ পৰীয়ে কথা নাপাতে ৷ লাহে লাহে ঘৰৰ মানুহবোৰক হাতেৰে অংগী ভংগী কৰি কিবা কিবি ক’বলৈ ল’লে ৷ সবেই বুজি পালে পৰী বোবা হ’ব ৷ পৰীক চোৱাচিত কৰিবলৈ অহা মালতী বাইয়েও বহুত যত্ন কৰিলে পৰীৰ মাত উলিয়াবলৈ ৷ তেওঁ প্ৰায়ে তাইৰ ল’ৰা সম বয়সীয়া ৰিণ্টুক লৈ আহে পৰীৰ লগত খেলিবলৈ৷ ৰাতিপুৱাই মালতী আহে ঘৰৰ কাম কৰিবলৈ৷ লগত পুতেককো লৈ আহে ৷ পৰীয়ে ৰিণ্টুৰ লগত খেলি বৰ ভাল পায় ৷ ৰিণ্টুৱে পৰীক কথা ক’বলৈ শিকাই ৷ দুয়োটাই আপোন বিভোৰ হৈ খেলে ৷ ৰাম গোস্বামীয়ে সিহঁত দুটাক একেলগে খেলিলে বৰ ভাল নাপায় ৷ কিন্তু ৰিণ্টুৰ সহায়তে কিজানি পৰীয়ে কথা ক’বলৈ লয়ে তাকে ভাবি নীৰৱে থাকে ৷ হ’লেও মাজে মাজে পত্নী কৌশল্যাক সতৰ্কিত কৰে৷ "কাম কৰা মানুহৰ ল’ৰা ছোৱালীৰ লগত বৰকৈ হলি গলি কৰিবলৈ দিব নালাগে ৷" তেতিয়া কৌশল্যাৰ হৃদয় খন মুচৰ খাই পৰে ৷ কৌশল্যাই জীয়েকৰ মনটো বুজি পাই ৷ কথা নোকোৱাকৈয়ে তাই সাত বছৰ বয়স হ’লগৈ ৷ লগৰ ল’ৰা ছোৱালী কোনেওঁ তাইৰ লগত খেলি ভাল নাপায় ৷ কেৱল ৰিণ্টু যি পৰীৰ সকলো কথাই বুজি পায় ৷ পৰীয়েও অংগী ভংগী কৰি ৰিণ্টুক বহু কথা কয় ৷ ৰিণ্টু অহাৰ লগে লগে পৰীৰ দুচকু জিলিকি পৰে ৷ মালতী বাই অহালৈ ৰাষ্টালৈ চাই ৰৈ থাকে ৰিণ্টুৰ লগত খেলিবলৈ ৷ ৰিণ্টুৱে কোচ ভঁৰাই তাইলৈ আনে ডালিম, শিলিখা, জলফাই, অমৰা ৷ পৰীয়েও মনে মনে তালৈ থৈ দিয়ে আগদিনা দেউতাকে আনি দিয়া লজেন্স, মৰ্টন বা মিঠাইৰ টুকুৰা ৷
ল'ৰালিৰ সেই মৰমে যৌৱনত প্ৰেমৰ নাম ল’লে ৷ প্ৰেম নামৰ বীজটো অংকুৰিত হৈছিল পৰীৰ হৃদয়ত ৰিণ্টুৰ সান্নিধ্যত ৷ পৰীয়ে আখৰ কিটা পঢ়িব লিখিব পৰাৰ পিছতেই স্কুল এৰিলে ৷ ৰিণ্টু ভালদৰে উত্তীৰ্ণ হৈ আগবাঢ়িল ৷ মালতী গোস্বামীৰ ঘৰত কাম কৰিবলৈ আহে৷ ৰিণ্টুও কেতিয়াবা আহে পৰীক দেখাৰ আপাহতে৷ আগৰ দৰে পৰীক তাৰ লগত কথা পাতিবলৈ নিদিলেও মাকক মতাৰ উজুহাততে ৰিণ্টু আহে পৰীক এবাৰ চাবলৈ৷ ৰিণ্টু অহাৰ লগে লগে পৰী প্ৰাণ চঞ্চলা হৈ পৰে ৷ প্ৰেমৰ ৰঙীন অনুভূতিৰে আলোকিত হৈ পৰে পৰীৰ দেহ মন৷ গোস্বামীয়ে কথাটো লক্ষ কৰে যিটো তেওঁ মুঠেই পচন্দ নকৰে ৷ পৰীৰ এক মৰমসনা চাৱনিৰ বাবে ৰিণ্টু হৃদয়ে হাহাকাৰ কৰে৷ মনতে ভাবে কৈ দিব নেকি তাইক তাৰ হৃদয়ৰ গোপন বতৰা৷ মনতে স্থিৰ কৰি এদিন বগা কাগজত লিখি পেলালে চাৰিটা শব্দ "মই তোমাক ভাল পাওঁ৷" মাকক মতা চলেৰে গৈ চিঠিখন পৰীৰ হাতত দিলে ৷ শব্দ কিটা পঢ়াৰ পিছত পৰীৰ দুচকু উজ্জ্বলি উঠিল ৷ দুগাল হৈ পৰিল প্ৰেমৰ ৰঙেৰে ৰাঙলী ৷ পৰীৰ জিলিকি উঠা চকুযুৰিয়ে কঢ়িয়াই আনিছিল প্ৰেমৰ বতৰা ৷ সি বুজি উঠিছিল তাইৰ হৃদয়ৰ বতৰা৷ সিহঁতৰ দুভাগ্য যে এই দৃশ্য দেউতাকৰ চকুৰ পৰা সাৰি নগ’ল৷ চিকাৰী বাঘটোৰ দৰে আহি ৰাম গোস্বামীয়ে চিঠীখন পৰীৰ হাতৰ পৰা লৈ টুকুৰা টুকুৰকৈ ফালি পেলালে ৷ পৰীৰ দীঘল চুলিটাৰীত ধৰি ভিতৰলৈ লৈ গ’ল ৷ ৰিণ্টুকো চৰিয়াই ঘুচিয়াই ঘৰলৈ পঠাই দিলে আৰু গোস্বামীৰ ঘৰৰ চাৰিসীমাত ভৰি নাৰাখিবলৈ সতৰ্ক কৰিলে ৷ মালতীকো সেইদিনাৰ পৰাই সিহঁতৰ ঘৰত কাম কৰিবলৈ অহা বন্ধ কৰিলে ৷
চকুৰ পচাৰতে কেইবাটাও বসন্ত পাৰ হ’ল ৷ পৰীও ডাঙৰ হ’ল ৷ ৰিণ্টুৰ প্ৰতি থকা তাইৰ প্ৰেমৰ পুলিটোও দিনে দিনে লহপহকৈ বাহি আহিল ৷ দেউতাকৰ কাৰা শাসন ! বহুত দিন ৰিণ্টুক তাই দেখা নাই ৷ ৰিণ্টুক যে এবাৰ লগ পাবলৈ তাইৰ মনে হাহাকাৰ কৰে ৷ সিফালে ৰিণ্টুৰো একেই অৱস্থা ৷ কিন্তু তাৰ বিশ্বাস এদিন তাৰ প্ৰেম জয় হ’ব ৷ ৰিণ্টুৱে হায়াৰ চেকেন্দেৰী পাচ কৰাৰ পিচতে সৈন্য বাহিনী এক চাকৰিত যোগদান কৰিলে ৷ সুঠাম দেহ আৰু মেধাৱী ৰিন্টুৱে অতি সহজেই চাকৰিটো পাইছিল ৷ মাকৰ" আৰু পঢ়ুৱাবৰ বাবে মাকৰ ক্ষমতা নাছিল ৷ উপায়হীন হৈ সি পঢ়া এৰি চাকৰি বিচৰাত লাগিল ৷ সৰুৰে পৰা তাৰ হেঁপাহ আছিল দেশ সেৱা কৰাৰ বাবে সেয়ে সি সৈন্যবাহিনী চাকৰীটো পাই সি অতি সুখী হ’ল৷ পৰীক লগ নোপোৱাকৈয়ে, একো নোকোৱাকৈয়ে এখন ভগ্ন হৃদয় লৈ নিজৰ গাওঁখন এৰি গুচি গ’ল ৰিণ্টু বহু দূৰলৈ ৷ মনত সপোন চাকৰি কৰি নিজা ঘৰ কৰিব আৰু পৰীক নিজৰ কৰি লৈ আহিব৷ আনফালে ৰিণ্টুৰ ভাৱনাতে পৰীৰ এটা এটা দিন পাৰ হ’ল৷ পৰীৰ মনৰ অৱস্থা মাকে বুজি পাই৷ কৌশল্যাৰ বেয়া লাগে৷ তাই যে নিৰুপায়৷ এফালে স্বামীৰ পতিপত্নী আনফালে জীয়াৰীৰ প্ৰেম ৷ ৰাম গোস্বামীক মন কোনেও গ’লাব নোৱাৰে ৷ মালতীয়ে কাম এৰাৰ পিছত পৰীহঁতৰ ঘৰত ৰিণ্টুহঁতৰ ঘৰৰ ওচৰৰ গংগা বায়ে কাম কৰিবলৈ লয় ৷ গংগা বায়ে কেতিয়াবা পৰীক ৰিণ্টুৰ খবৰ দিবলৈ যত্ন কৰে ৷ ৰিণ্টুৱে যাবৰ সময়ত গংগা বাইৰ হাততে এখন চিঠি পৰীলৈ দিথৈ গৈছিল৷ গংগা বায়ে মনে মনে সেইখন পৰীৰ হাতত দিছিল ৷ চিঠি পঢ়ি পৰীৰ দুচকু বৈ আহিছিল ৷ ভগৱানক প্ৰাৰ্থনা কৰিছিল ৰিণ্টু কুশলে ৰাখিবলৈ ৷
দিন পাৰ হৈছিল ৷ ৰিণ্টুৰ খবৰ বহুত দিন তাই পোৱা নাই ৷ ইফালে ভাৰত পাকিস্থানৰ সীমাত যুদ্ধ আৰম্ভ হৈছিল ৷ ৰিণ্টুৰ সেই যুদ্ধত যাব লগা হ’ল ৷ যুদ্ধৰ গৰম বতাহে গোটেই ভাৰতভূমি চুই গ’ল ৷ পৰীয়ে আজিকালি বাতৰি কাকত পঢ়িবলৈ লৈছে ৷ মাজে মাজে ৰেডিঅ’ টিভিত বাতৰিটো লয় ৷ তায়ো গম পাইছে যুদ্ধৰ কথা ৷ তাইৰ বুকুখন দূৰু দূৰু কঁপি উঠে ৷ গোঁসাই ঘৰত চাকি গছ জ্বলাওতে সেৱা লয় ৷ মনতে ৰিণ্টুৰ কুশল কামনা কৰে ৷ পৃথিৱীৰ কোনোবা কোনত ৰিণ্টুৰ উপস্থিতিয়ে তাই জীয়াই থকাৰ প্ৰেৰণা ৷ মনে মনে ভাবি তাইৰ বুকু কঁপি উঠে ৰিণ্টুও আকৌ যুদ্ধলৈ গৈছে নেকি ?
যুদ্ধই ভীষণ ৰূপ ধাৰণ কৰিছে ৷ বহু ভাৰতীয় সেনাৰ নিধন হৈছে ৷ বাতৰি কাকতৰ হেড লাইনৰ বাতৰিটোৱে পৰীক অস্থীৰ কৰি তুলিলে ৷ হঠাৎ সেইদিনা কোনোবা অসমীয়া যুৱক শ্বহীদ হোৱা বাতৰিটো পঢ়ি থাকোতেই দেউতাকে থাপ মাৰি বাতৰি খন লৈ গ'ল ৷ বাতৰিটো পঢ়ি শেষেই নহ’ল ৷ পৰীৰ অন্তৰ আত্মা কঁপি উঠিল ৷ হে হৰি কোন হয় সেই যুৱক ? ৰিণ্টু নহয়টো ৷ নহয় নহয় সি হ’বই নোৱাৰে সি তেনেকৈ তাইক এৰি যাব নোৱাৰে৷ তাইৰ সপোনবোৰ পূৰা নকৰাকৈ সি যাব নোৱাৰে ৷ পৰীয়ে সেইদিনা খোৱা বোৱা নকৰিলে ৷ ৰূমতে সোমাই থাকিল ৷ মন তাইৰ অস্থিৰ অবিৰ ৷ কাক ক’ব ? কোনে বুজিব ? কোনে ৰিণ্টু খবৰ আনি দিব ? গংগা বাইও আজি তিনি দিন মান অহা নাই ৷
নিজৰ মনটো শান্ত কৰিব নোৱাৰে দেউতাকে টি ভি চাই থকা কোঠালৈ তাই লাহেকৈ সোমাল কিবা খবৰ পাই নেকি জানিবৰ বাবে ৷ টি• ভিৰ তলৰ স্কীনৰ হেডলাইনত তাই দেখিলে অসমৰ যুৱক ৰিণ্টু শ্বহীদ হোৱাৰ বাতৰি ৷ আচলতে তিনিদিনৰ আগতেই শ্বহীদ হয় ৰিণ্টু ৷ সেয়ে গংগা বাইকো সিহঁতৰ ঘৰলৈ অহা বন্ধ কৰি থৈছে আৰু পৰীকো বাতৰি লোৱাৰ পৰা বিৰত ৰাখিছে ৷ যাতে পৰীয়ে ৰিণ্টুৰ মৃত্যুৰ বতৰা গম নাপাওক ৷
বাতৰিটো দেখি পৰীৰ বুজিবলৈ বাকী নাথাকিল ৷ ৰিণ্টু আৰু নাই ৷ ৰিণ্টু বিহীন পৃথিৱী তাইৰ বাবে অন্ধকাৰ মাথো ৷ এক বিকট চিঞৰ মাৰি পৰী দৌৰিলে ঘৰৰ গেট খুলি তাই মাথো দৌৰিলে ৰিণ্টুৰ ঘৰলৈ বুলি ৷ সৰুতে এবাৰ মাকৰ লগত অহা তাৰ মৰমৰ বন্ধু, প্ৰেমিক ৰিণ্টুৰ ঘৰলৈ ৷ কিজানি এবাৰৰ বাবে ৰিণ্টুক দেখা পায়েই৷ নিজৰ মনৰ মানুহজনক শেষ দেখা কৰিবৰ বাবে৷ আজি পৰীৰ মুখৰ পৰা মাত ওলাইছে ৷ ই কি ইমানদিনে কথা নোকোৱা পৰীৰ মুখৰ পৰা আজি শব্দ ওলাইছে৷ পৰীৰ মুখৰ পৰা এটা অস্পষ্ট শব্দ ক্ৰমে স্পষ্ট হৈ পৰিছে ৷ পৰীয়ে চিঞৰিছে ই,...ন্..টু ..ই..ন্টু... ৰি...ন ..টু..চিঞৰি বাউলী হৈ গোটেইজনী মাথো দৌৰিছে আৰু দৌৰিছে ৷ তাইৰ ৰূপ দেখি কোনেও তাইক ধৰি ৰাখিবলৈ সাহস কৰা নাই ৷
ৰিণ্টু দেহ স- সন্মানেৰে আনি চোতালত শুৱাই থোৱা হৈছে ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বহু গণ্য মান্য লোকৰ সমাগম ঘটিছে মৃতদেহক শ্ৰদ্ধা তৰ্পনৰ বাবে ৷ গোটেই গাৱঁৰ লোক আহিছে তেওঁলোকৰ মৰমৰ ৰিণ্টুক শেষ বিদায় দিবৰ বাবে৷ ৰিণ্টু যে শ্বহীদ হ’ল ৷ ৰিণ্টুক সকলো বস্তু মাকক গটাই দিয়া হৈছে ৷ সেই জুম ফালী পৰী উবুৰীখাই পৰিলে ৰিণ্টুৰ মৃতদেহত ৷ চুমাৰে উপচাই পেলাই লাহে লাহে পৰী ধলী পৰিল ৰিণ্টুৰ বুকুত ৷ ৰিণ্টুৰ তাইৰ প্ৰিয় মানুহটোৰ অবৰ্তমানত জীয়াই থকাৰ শক্তি হেৰুৱাই পেলালে পৰীয়ে ৷ পৰীৰ প্ৰাণ বায়ু উৰি গ’ল ৰিণ্টুৰ বিচাৰি অসীমত৷ ৰিণ্টুৰ বুকুতে যেন তাই শেষ আশ্ৰয় ল’ব বিচাৰিলে ৷ ইতিমধ্যে পৰীৰ মাক আৰু ককায়েকহঁত তাত উপস্থিত হ’ল ৷ পৰীৰ অৱস্থা দেখি সিহঁতৰো হুৱা দুৱা লাগিল ৷
পৰীও গুচি গ’ল অসীমলৈ ! ৰিণ্টুৰ ওচৰলৈ ৷ ৰিণ্টুৰ বেগত পোৱা গ’ল পৰীলৈ লিখা অসংখ্য চিঠি আৰু এযোৰ ধুনীয়া পাতৰ কাপোৰ ৷ মালতীয়ে কাপোৰযোৰ কৌশল্যাৰ হাতত দিলে ৷ কান্দি কান্দি বাউলী হোৱা কৌশল্যাই জীয়াৰীৰ দেহটো কোপোৰ যোৰে মেৰিয়াই শেষ বিদায় দিলে ৷ কাৰো অনুমতি নোলোৱাকৈ আজি কৌশল্যাই এক সিদ্ধান্ত ল’লে পৰীৰ সমাধি ৰিণ্টুৰ কাষতে কৰিবলৈ ৷ আজি প্ৰথমবাৰৰ বাবে স্বামীৰ অনুমতি নোলোৱাকৈ কৌশল্যাই এক ডাঙৰ সিদ্ধান্ত ল’লে ৷ পৰীৰ শেষ আশা পূৰনৰ বাবে ৷ মনতে আশীৰ্বাদ কৰিলে স্বৰ্গত দুয়ো সুখেৰে থাকগৈ ৷
ঠিকনাঃ গুজৰাট








