অতিথি ......✍ নৱজীৎ দেউৰী

হঠাৎ দুৱাৰখন খুল খাই গ'ল । ভগৱানৰ কৃপাত এজন মানুহ সুমাই আহিল । মানুহজন ওখ-পাখ, দীঘল চুলি-ডাৰি, ক'লা টুপি পিন্ধা আৰু ভৰিত জোতা । কোনোবা উগ্ৰবাদী নতুবা মিলিটেৰী মানুহ হ'ব পাৰে । তেখেতে আহিয়েই মোক হাত যোৰ কৰি ক'লে-----
"মই মানুহ হত্যা কৰিছো, মোৰ কোনো দোষ নাই । মই নিৰ্দোষী। পুলিচে মোক বিচাৰি চহৰখন চলাথ কৰিছে । দয়া কৰি মোক আশ্ৰয় দিয়া আজি নিশাটোৰ বাবে। পুৱতি নিশাতেই গুচি যাম____!"
নিশা ১২ বাজিছিল তেতিয়া । তেখেতৰ কথাবোৰ শুনি মোৰ সপোন দেখি থকা যেন লাগিছিল। এবাৰ প্ৰতিকৃষ্ট হৈ অনুভৱ কৰিলো, নহয় এয়া বাস্তৱেই। মানুহজন তেতিয়ালৈকে হাতযোৰ কৰি থিয় হৈ আছিল । মানুহজনক কি বুলি ক'ম মনতে ঠিৰাং কৰি ল'লো । মই বহি থকা চকীখনকে আগবঢ়াই দি ক'লো____," আহক.... বহকচোন। মই আপোনাৰ বাবে পানী আনোগৈ ।"
মই আনি দিয়া পানী গিলাচ খাই দীঘলীয়া এটা উশাহ টানি মানুহজনে ক'লে- "অকলে থাকা নেকি তুমি...?"
তেখেতৰ প্ৰশ্নত মই হয় বুলি ক'লো৷ মানুহজনৰ পৰিচয়টো জানিবলৈ মোৰ প্ৰৱল ইচ্ছা জাগিছিল মনত৷ কিন্তু, তেওঁৰ হাতত সময় বহুত কম । তেওঁ বৰ ভগৰুৱা, বেছিকৈ কথা নপতাই ভাল বুলি মনে মনে ৰ'লো । অলপ সময় নিতাল মৰাৰ পিছত তেখেতে মাত দিলে,
- বৰ ভুক লাগিছে... কিবা খাবলৈ হ'ব নেকি..?
- বৰ্তমান নাই... যদি আপুনি ক্ষন্তেকপৰ অপেক্ষা কৰে....
- ঠিক আছে  । _ মূৰ জোকাৰি ।

পাকঘৰলৈ গৈ খুুব কম সময়ৰ ভিতৰতে দুটা মান ৰুটী তৈয়াৰ কৰি আনি দিলো । তেখেতে ইমান তৃপ্তিৰে খালে যেন তেওঁ বহুত দিন নুখুৱাকৈয়ে এনেদৰে পলাই ফুৰিছে । খোৱাৰ শেষত মাত দিলে-
- এই ৰাতিখন তোমাক বহুত কষ্ট দিলো ন..? কিমান বাজিল বাৰু..?
ঘড়ীটোলৈ চাই ক'লো-
- নাই নাই একো কষ্ট হোৱা নাই । ১২ বাজি ৩০ মিনিত হৈ গৈছে ।
- এৰা... সময়বোৰ গৈয়ে আছে । মোৰ হাততো সময় কম । চাৰি নাবাজোতেই কুঁৱলিৰ আঁৰে আঁৰে নিজকে বচাই সাৰিব লাগিব৷ তাৰ বাহিৰে মোৰ উপায় বা ক'ত..?
তেখেতে অলপ সময় মনে মনে ৰ'ল । পিছত আকৌ মাত দিলে । "মোৰ কাহিনী নুশুনা নেকি..?"
যিটো কথা মই আগতে ক'ব লাগিছিল, সেইটো কথা তেওঁৰ মুখৰ পৰা শুনি মোৰ মুখৰ পৰা কেতিয়াকে 'শুনিম' শব্দটো উলাই গ'ল কবই নোৱাৰিলো । তেখেতে আৰম্ভ কৰিলে, "মই যে মানুহ হত্যা কৰিছো, সেয়া সঁচা । কিন্তু, মই নিৰ্দোষী । ৫ বছৰ আগতে মোৰ এজনী পত্নী আছিল। কোনোবাই হত্যা কৰি মোক দোষী সজাই কাৰাগাৰলৈ থেলি দিছিল । কিন্তু, মই সিহঁতক একো কোৱা নাছিলো । কাৰণ, মোৰ পত্নী মৃত্যুত মোৰো অলপ দোষ আছিল...!"
মানুহজন উদাশ হৈ পৰিল । আকৌ আৰম্ভ কৰিলে, "বিয়াৰ এবছৰৰ পিছত আমি ভাড়াঘৰত থাকিবলৈ লৈছিলো। এদিন ৰাতি দুয়োৰে মাজত কাজিয়া হৈছিল। তাই আঠ মাহৰ গৰ্ভৱতী আছিল । মই মানুহজন অলপ জেদী, সেইবাবে তাইক এৰি গুচি গ'লো । সেই ৰাতিতেই মোৰ পত্নীৰ হত্যা হৈছিল । বহুতে চুইচাইড বুলি কৈছিল । কিন্তু, ঘৰৰ মালিকে মানি লোৱা নাছিল আৰু মোক সন্দেহ কৰিছিল। কাৰণ, দুয়োৰে মাজত হোৱা কাজিয়াখন মালিকে জানিছিল৷
যোৱা কালি জেলৰ পৰা আহি গম পালো ঘৰৰ মালিকে মোৰ পত্নীক হত্যা কৰিছে । মোৰ পত্নীৰ প্ৰতি বহু দিনৰ আগৰ পৰাই মালিকৰ দৃষ্টি আছিল আৰু.......সেইবাবে মালিকক মই হত্যা কৰিলো ।  ভগৱানৰ ওচৰত মোৰ ভুল স্বীকাৰ কৰিলো আৰু পাঁচ বছৰ কাৰাগাৰ খাটিলো কেৱল তাইৰ আত্মাৰ শান্তিৰ বাবে । মই পুলিচৰ আগত আত্মসমৰ্পন কৰিবও নোৱাৰো৷ মোৰ কথা কোনে শুনিব..? কোনে বিশ্বাস কৰিব..? মোৰ কথাৰ সাক্ষী বিচাৰিলে মই কি দিম..? সেইবাবে মোৰ এটাই পথ, পলাই সৰাৰ৷ যেতিয়ালৈ জীয়াই থাকো, এনেদৰেই পলাই থাকিম৷"
নিমিষতে মানুহজনৰ চকুলো বাগৰি আহিল। মানুহজনৰ মুখাৰ আঁঁৰত থকা মুখখন মোৰ চকুৰ আগত ভাহি পৰিছে । এইবাৰ মূৰ তুলি চাই তেওঁ আকৌ প্ৰশ্ন কৰিলে-
- তুমি ইয়াত কিমান দিনৰ পৰা আছা..?
- এবছৰ ।
মোৰ এটাই উত্তৰ। ইমানকৈ ভাঙি পাতি কথা কোৱা মোৰ অভ্যাস নাই আৰু ক'বওঁ নাজানো । তেখেতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি মই প্ৰশ্ন কৰিলো-
- আপুনি কি ক'ৰে..? কিবা চাকৰি ?
- মিলিটেৰী চাকৰি কৰিছিলো। এতিয়া নাই। মানুজনীও নাই আৰু মোৰ কোনো নাই। মোৰ প্ৰতিশোধ ল'লে, এতিয়া মই মুক্ত৷
- কিন্তু, আপোনাক যদি পুলেচে এৰেষ্ট কৰে..?
- মই মৰিবলৈ ভয় নকৰো । এৰেষ্ট কৰিলে মোক ফাঁচিহে দিব । মোৰ কান্দিবলৈ কোন আছে..? আৰু মই তেনে মৃত্যু নিবিচাৰো৷ মই যদি পাপ কৰিছো তেন্তে পাপৰ ফল ফাঁচিকাঠ নহয়, ৫-১০ বছৰ বেমাৰত ভুগি মৰিলেহে মই প্ৰায়চিত্ত হম৷
মানুহজনৰ গাত ল'বলৈ এখন কম্বল যোগাৰ কৰি দি মোৰ বিচনালৈ খোজ ল'লো। তেনেতে তেওঁ প্ৰশ্ন কৰিলে-
- ইমান দেৰিলৈকে দৰ্জা কিয় Lock নকৰাকৈ আছিলা..? ভয় নালাগে তোমাৰ..?
- এনেকৈয়ে ভাল পাওঁ । ৰাতি দেৰিলৈকে উজাগৰে থাকো৷ (হুমুনিয়াহ কাঢ়ি মই ক'লো)
- তুমি কিতাপ পঢ়ি ভাল পোৱা নিশ্চয়..? আলমাৰিত কিতাপবোৰ দেখিয়েই ধৰিব পাৰিছো ।
- হয়, মাজে মাজে লিখা মেলাওঁ কৰো৷
- ভাল, বুলি কৈ মানুহজন টোপনিত ঢলি পৰিল ।
প্ৰায় ১০ মিনিটৰ পিছত আকৌ মাত দিলে...
- টোপনি গ'লা নেকি..?
- নাই (এলাহ ভাৱত)
- তোমাৰ নামটো জানিবলৈ মোৰ বৰ ইচ্ছা
- অপূৰ্ব কাকতি, Nike. Name অপু । আপোনাৰ..?"
- জানিব নালাগে দিয়া, এতিয়া শুই থাকা । শুভৰাত্ৰি৷
মোৰ অলপ খং উঠিছিল । কিন্তু, এই সময়ত খং কৰাটো উচিত নহ'ব বুলি ভাবি চকু দুটা মুদি বাস্তৱ জগতৰ পৰা সপোন জগতলৈ সুমাই যাবলৈ চেষ্টা কৰিলো৷
পুৱা ৪ মান বজাত উঠি দেখো মানুহজন বিছনাত নাই । ইতিমধ্যে তেওঁ তেওঁৰ পথত অগ্ৰসৰ হৈছে । দুৱাৰখন মেলি বাহিৰলৈ চাই পঠালো৷ ঘন কুঁৱলীয়ে গোটেই পৃথিৱীখন বগা বৰফৰ দৰে কৰি তুলিছে৷ বাৰান্দাত বগা মেকুৰীজনীয়ে কুচি মুচি শুই আছে। চেঁচা বতাহ লাগি গোলাপৰ কলিবোৰ সৰি পৰিছে। মনটো ফৰকাল ফৰকাল লাগিল । কোঠালিটোৰ ভিতৰখন অলপ আন্ধাৰ হৈ থকাৰ বাবে মম এডাল জ্বলাই দিলো আৰু মানুহজনে শুৱা বিচনাখনলৈ দৃষ্টি নিক্ষেপ কৰোতে এটুকুৰা বগা কাগজ দেখিলো । কাগজ খনৰ তিনিটা ভাঁজ খুলি চালো । এখন চিঠি-- ধুনীয়া আখৰৰ এখন চিঠি । এয়া কোনো মিলিটেৰিৰ বা সাধাৰণ মানুহৰ আখৰ নহয় । এইয়া এজন লেখকৰ হস্তলিপি, লিখাৰ ঢং চাই বুজিব পাৰি । চিঠিখন পিছৰ পঢ়িম বুলি পেলাই থৈ মানুহজনৰ কথাবোৰ পুনৰ অনুসৰণ কৰিব ধৰিলো৷ ক'ত সঁচা ক'ত মিছা বিচাৰিলো । সঁচা-মিছা দুয়োটাই পালো কিন্তু, সঠিক ভাৱে প্ৰকাশ কৰবলৈ চিঠিখন পঢ়ি চোৱাই ভাল হ'ব বুলি চিঠিখনৰ ভাঁজ আকৌ খুলিলো । চিঠিখনত লিখা আছিল.........
- ধন্যবাদ তোমালৈ । মই ক্ষমাৰ যোগ্য নহয় যদিওঁ মোক ক্ষমা কৰি দিবা । ভুল বুলি একো নাছিল । মাথোঁ মই তোমাক এটা মিছা কাহিনী হৈ শুনালো । মই হত্যা কৰিছো সঁচা, কিন্তু মই কোনো মিলিটেৰি নহয়, মোৰ কোনো পত্নী নাছিল । সঁচা কথা ক'বলৈ মোৰ সাহস নহ'ল । মোৰ কাহিনীটো সুকীয়া ।  শুনিলে বা পঢ়িলো তোমাৰ কেনে অনুভৱ হ'লহেঁতেন মই নাজানো । শুনি বিশ্বাস কৰা বা নকৰা তাকো নাজানো, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব । বোধ হয় মোৰ কাহিনীত তুমি একো নতুনত্ব বিচাৰি নাপালাহেঁতেন । সময় কম বুলি অজুহাত দেখুৱাই মই সত্যৰ পৰা পলাই থাকিলো । দ্বিতীয় বাৰৰ বাবে মই পৰাজিত হ'লো । তুমি এজন পঢ়া শুনা ল'ৰা, মোৰ দ'ৰে চাগে তুমিও কাৰোবাৰ প্ৰেমত পৰিছিলা৷ বাৰু বেছি নকৈ কাহিনীটোলৈ আগবাঢ়ো... চুটিকৈ কওঁ তোমাক, বুজি পাবা৷

মোৰ কাহিনীটোৰ মূল চৰিত্ৰ চাৰিজন আছিল । মোৰ প্ৰেয়সী, প্ৰেয়সীৰ আনজন প্ৰেমিক (জিণ্টু) আৰু মোৰ বন্ধু (ৰূপম) । মোৰ  প্ৰেয়সীৰ নাম সুলেখা । প্ৰেম ভালপোৱাত বিচ্ছেদ বুলা বস্তুটো আজি কালি প্ৰায় ৯০ শতাংশৰ প্ৰেমিক- প্ৰেমিকাৰেই হয়৷ মোৰো ঠিক তেনেকুৱাই হৈছিল৷ তাইৰ বাবে মই পুতলা সদৃশ আছিলো, তাইৰ হাতৰ আঙুলিত নাচি আছিলো৷ মই জনা নাছিলো তাই আন কাৰোবাক ভাল পাই বুলি । এদিন সকলো কথা মোক আহি কোৱাতহে গম পালো । বহুত কান্দিছিলো, পিছে কান্দিলেই জানো সকলো দুখ শেষ হৈ যায়..? মই প্ৰতিজ্ঞা কৰিছিলো, যে জীৱনত কাৰোৰে প্ৰেমত নপৰো, তাইকেই ভাল পাইছিলো আৰু আজীৱন তাইকেই ভাল পাই থাকিম৷ তাই সুখী হোৱাটোকে কামনা কৰি মই চাৰিটা বছৰ তাইৰ চকুৰ পৰা আঁঁতৰি থাকিলো । মই গুচি যোৱাৰ দুটা বছৰৰ পিছত তাই বিয়া হৈ গৈছিল জিণ্টুৰ লগত । শুনিছিলো বহুত সুখী হৈছিল তাই ।  কিন্তু.......  সুলেখা বিয়া হোৱা এবছৰ পিছত গিৰিয়েকৰ মৃত্যু হৈছিল । সেই মৃত্যুৰ কাৰণটোও ৰহস্যজনক আছিল । খবৰটো পাই মই সুলেখাৰ ঘৰলৈ গৈছিলো । হয়তো মোৰ ভুল আছিল তালৈ যোৱাটো নে মোৰ কঁপালৰেই দোষ আছিল৷

গাৱঁৰ মানুহবোৰে মোৰ ওপৰত সন্দেহৰ বোজা জাঁপি দিছিল । তেওঁলোকৰ মতে, সুলেখাই আনৰ লগত বিয়া হোৱাৰ বাবে মই তাইৰ গিৰিয়েকক হত্যা কৰিছো । এইয়া বিধাতাৰ লিখন নে নিলিখা খিনিয়ো হৈ আছে মোৰ লগত..?
মই একো কোৱা নাছিলো৷ মই মোৰ শাস্তি ল'বলৈ মান্তি হ'লো । মই একো নোকোৱাৰ অৰ্থ এইটো নহয় যে মইয়েই হত্যা কৰিছো৷ মাথোঁ, সুলেখাক মই বুজাব খুজিছিলো মোৰ মৌনতাৰ ভাষাৰে । কিন্তু, তাইৰ তীক্ষ্ণ চকু জুৰিৰ জলন্ত জুই কুৰাই মোক বাৰে বাৰে বাধা দিছিল । কোনেও নুবুজিলে মোৰ কথা, আকৌ চাৰিটা বছৰ কাৰাগাৰত কটালো৷
জেলৰ পৰা মুক্ত হোৱাৰ পিছত মই পুনে পুনে জিণ্টুৱে চাকৰি কৰা অফিচটোলৈ গ'লো । তাত মোৰ কলেজীয়া বন্ধু ৰূপমক দেখি মই আচম্বিত হ'লো । জিণ্টুৱে বহি থকা সেই চকীখনত সি বহি আছিল৷ মোৰ মনত সন্দেহ জাগিছিল৷ সেই চকীখনৰ লোভত ৰূপমে ? নাই নাই এই কাম কিয় কৰিব ৰূপমে...? কিন্তু,.... মনত বহুত আবুল তাবুল প্ৰশ্নই খেলা কৰিব ধৰিলে। ৰূপমে নেদেখাকৈয়ে মই তাৰ পৰা গুচি আহি ৰূপমৰ বিষয়ে সুধ পুছ কৰি সি থকা ভাড়াঘৰটোলৈ গ'লো ৷

কোনো এটা ঘটনা শুনাৰ পাছত বা দেখাৰ পাছত প্ৰথমতে যাক লৈ সন্দেহ কৰা হয় সিয়েই আচল হত্যাকাৰী বুলি বহুতে প্ৰমাণ পাইছে৷ কোঠালিটোলৈ গৈ দ্ৰয়াৰবোৰ খুলি চাওঁতে সুলেখাৰ ফটো বোৰ পাইছিলো৷ কোঠালিটোৰ বেৰত লিখা আছিল  MY LOVE SULEKHA...জিণ্টু+সুলেখা... আৰু বহুত কিবা কিবি..!
তেতিয়াই মোৰ সন্দেহটো স্পষ্ট হৈ পৰিল । ৰূপমে চাকৰিৰ লোভত নহয়, সুলেখাৰ লুপুপ দেহৰ প্ৰেমত পৰিছিল আৰু সেই সুযোগ লৈ মোৰ জীৱন ধ্বংস কৰাত লাগি  গৈছিল  । চেহ ! ইমানটা বছৰে একে লগে পঢ়িলো, চকুৰ আগত থকা পশুতুল্য বন্ধুজনক চিনি নাপালো ।
সকলো শেষ হৈ গৈছিল সেই দিনাই, ৰূপমক হত্যা কৰি জিণ্টুৰ আত্মাক শান্তি দিলো ।
কাহিনীটো পঢ়ি তোমাৰ মনত এটাই প্ৰশ্ন উদয় হ'ব পাৰে যে ৰূপম দোষী আছিল বুলি সকলোৱে জানিল, এতিয়া মই মুক্ত৷ কিন্তু, নহয়, আজিৰ মানুহৰ চিন্তা শক্তি বৰ বেলেগ ধৰণৰ । এতিয়াও ভাৱে বহুতে, চাকৰিৰ লোভত নিজৰ ভাল বন্ধুকো হত্যা কৰিলে বুলি । ইয়াতকৈ মহাপাপী পৃথিৱীত কোন থাকিব পাৰে...?
মিছা কথাৰে তোমাৰ ওচৰত আশ্ৰয় বিচাৰি মই বৰ দুঃখিত আৰু মই বুজিব পাৰিলো তোমাৰ অন্তৰত মানৱতাৰ গুণ বহুত খিনিয়েই আছে । তুমি মোৰ কথাবোৰ অতি সহজে মানি ল'লা৷ এইবোৰ কথা মই নিজ মুখেৰেও তোমাক ক'ব পাৰিলো হয়, কিন্তু, মোৰ সময়ৰ অভাৱ৷ তুমি টোপনি যোৱাৰ চেলু লৈ মই দুঘণ্টা সময় এইবোৰকে লিখি সময়খিনি পাৰ কৰিলো । মুখেৰে কোৱাতকৈ লিখিত ভাৱে তোমাক ক'লো । 
                             ইতি 
                 তোমাৰ এনিশাৰ অতিথি
                          নীলকান্ত  "

চিঠিখন পঢ়ি মই বহুপৰ নীৰৱে থাকিবলৈ চেষ্টা কৰিছিলো, যদিওঁ মানুহজনৰ এই লিখনিৰ শব্দবোৰে যেন একো একোটা ধ্বনি হৈ মোৰ কাণত বাৰুকৈয়ে বাজিবলৈ লৈছিল । চিঠিখনৰ ভাঁজটো আগৰ দৰে কৰি দ্ৰয়াৰ এটাত ভৰাই থলো । দুৱাৰখন খুলি আকৌ এবাৰ বাহিৰলৈ চাই পঠিয়ালো । পূূবত ৰঙা আপেলটোৰ দৰে সূৰুটো উলমি আছিল আঁহত গছৰ ডালত ।  প্ৰায় ৪.৩০ বাজি গৈছে । মানুহজন বা কিমান দূৰ পালেগৈ..? ৰাস্তাৰেদি দুখন মান পুলিচৰ জীপ পাৰ হৈ গ'ল । হয়তো নীলকান্তই ইয়াতেই নিশাটো কটাই গৈছে বুলি পুলিচে উমান পাইছে৷
যি কি নহওক, হত্যাকাৰী হ'লেওঁ এজন সৎ সাহসী, সত্যবাদী মানুহক  নিশাটোৰ বাবে "অতিথি" হিচাপে পাই মই গৌৰৱ অনুভৱ কৰিছো৷