আমাৰ মাজনীৰ সমাধিৰ গোলাপ জোপাই কান্দে ....✍ ৰাগ ৰঞ্জন

- মা......... মা........... দেউতা..... দেউতা...
কাৰোবাৰ উচুপনিত টোপনিৰ পৰা সাৰ পালো, কাণখন থিয় কৰি শুনিলো নিশা এই কান্দোনৰ চিঞৰটি কোন ফালৰ পৰা আহিছে,,,,,,
হয়! হয় ! এয়া আমাৰ মাজনীৰ সমাধিত হোৱা কান্দোন৷ মই মোৰ পত্নীক লক্ষ্য কৰিলো, তেওঁ শুই আছিল৷ মই সাৱধানে বিছনাৰ পৰা নামিলো, যাতে মই বিছনাৰ পৰা উঠি অহা তেওঁ গম নাপায়৷
ঘড়ীটোলৈ লক্ষ্য কৰিলো, নিশা এক বাজিছে,,,,
আন্ধাৰ নিশা, সেয়েহে বাহিৰৰ লাইট জ্বলাই দিলেে আৰু লাহেকে দৰ্জাৰ খিলিটো খুলি ওলাই আহিলো৷
সকলো ফালে নিশাৰ নিস্তব্ধতা৷ নিশাচৰ চৰাইৰ ভয়ংকৰ বিননি৷
ফেকুৰি ফেকুৰি কন্দা চিঞৰ কেইটাই মোক বৰ আমনি কৰিলে৷ মই লাহে লাহে আমাৰ মাজনীৰ সমাধিৰ দিশে আগবাঢ়িলো৷
তাইৰ সমাধিত মই এটা লাইটৰ ব্যৱস্থা কৰিছিলো৷ লাইটৰ পোহৰত সমাধি খন জিলিকি আছে৷ কিন্তু আচৰিত মই সমাধিৰ কাষ পালো, কিন্তু উচুপনি বন্ধ নহ'ল৷
সমাধিত তাইৰ সেই হাঁহি থকা নিষ্পাপ মুখখন জিলিকি আছিল৷ অনুভৱ কৰিছিলো তাই যেন এতিয়াই হাঁহি হাঁহি আহি মোৰ কোচত সোমাৱ,,,, মাজনীৰ স্মৃতি জীয়াই ৰাখিবলৈ তাইৰ সমাধিত এজোপা ৰঙা গোলাপ ৰুইছিলো৷ গোলাপ জোপা লহপহকৈ ফুলিছে৷ তাইৰ দৰে ধুনীয়া হৈ পৰিছে গোলাপ জোপা৷
মই গোলাপ জোপালৈ হাত খন মেলিছিলো, তেনেতে ধুমুহা অহাৰ দৰে শব্দ আৰু গোলাপ নাচিব ধৰিলে,,,
- দেউতা... দেউতা
মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিল, গোলাপ জোপাই কথা কৈছে৷
মোৰ চকুপানী বৈ আহিল, বকুত অযুত সাহস বান্ধি গোলাপ জোপা সাবটি ধৰিলো,
- মাজনী, তুমি কুশলে আছানে, তোমাৰ অবিহনে আমি বৰ কষ্টত আছো অ মাজনী৷ আমাৰ বকুখন শুদা হৈ গ'ল৷ তোমাৰ মা পাগলি হ'ল৷ দিনৰ দিনটো ঘৰতে সোমাই থাকি তোমাৰ ফটোখন চাই তোমাৰ সৈ'তে কথাপাতি থাকে,বৰ কষ্টত আছো মাজনী৷
সেই ভয়ংকৰ দিনটো, কেতিয়াওঁ পাহৰিব নোৱাৰো, যিটো দিন আমাৰ বাবে অভিশপ্ত হৈ থাকিল৷
ৰাতিপুৱা মই অফিচ যাবলৈ ওলাইছিলো,,,
- দেউতা, দেউতা
- কোৱা মাজনী,
- আজি অফিচৰ পৰা আহোতে মোৰ বাবে চকলেট আনিবা কিন্তু ,,,,,
- উম হ'ব, তুমি মাক দুষ্ট নকৰিবা কিন্তু৷
- উম, নকৰো মই ভাল ছোৱালী৷
তেনেতে নিশি বাহিৰত ওলাই আহিল৷
- মাজনী, দেউতাৰ অফিচ দেৰি হ'ব নহয়,
তাইক একপ্রকাৰ তানি নিয়াৰ দৰে লৈ গ'ল৷
- নিশি কিয় তেনেকুৱা কৰিছা,,,
- হ'ব তোমাৰ অফিচ দেৰি হ'ব, তুমি অফিচৰ পৰা আহি উমলিবা,
- দেউতা উম্মাহ,
তাই মোক ফ্লাইং কিছ এটা দিলে,,,,
- উম্মাহ মাজনী, ভালকৈ থাকিবা৷
তাই হাতখন জোকাৰি জোকাৰি মুখৰ হাঁহিটিৰে মোক বিদায় দিছিল,,,,
বহুত মৰমৰ তাই, তাই এখন্তেক মোৰ কাষত নাথাকিলে মোৰ বৰ অকলসৰীয়া যেন অনুভৱ হয়৷ মই অফিচৰ কামত ব্যস্ত হৈ আছিল, তেনেতে ফোনটো বাজি উঠিল-
- অ, নিশি কোৱা?
- কথা এটা হ'ল৷
- কি কোৱা৷
- মানে৷
- কি মানে৷
- মানে৷
- কিনো মানে মানে কৰি আছা চিধাকে কোৱা আকৌ,
- আমাৰ মাজনী নাই৷
মোৰ গাটো কঁপিব ধৰিলে,
- মাজনী নাই মানে !
- তাই ঘৰত নাই,,,
- ক'ত গ'ল ?
- নাযানো, মই ঘৰৰ কামত ব্যস্ত হৈ আছিলো, তাই আমাৰ বাগিচাত উমলি আছিল৷
- তাৰ পাছত৷
- মই আহি যে চাওঁ তাই নাই, ক'ত গ'ল তাই !
মই আৰু ধৰ্য্য ধৰিব নোৱাৰিলো, অফিচৰ পৰা ওলাই আহি গাড়ী ষ্টাৰ্ট দিলো, কিছু সময় পাছত ঘৰ আহি পালো, তাইক বহুত বিচাৰিলো কিন্তু ক'তো নাপালো৷
- হে ভগৱান, মোৰ বকুৰ কলিজা জনীৰ সন্ধান দিয়া, তাই মোৰ বহুত মৰমৰ৷
তাইৰ ফটোখন একেথৰে চাই চাই কান্দিলো৷
- মাজনী, এই মাজনী মই চকলেট আনিম তুমি আহা, আমি সন্ধিয়া সন্ধিয়া উমলিম নহয়, তুমি ক'ত মাজনী, মই ঘোৰা হ'ম, তুমি মোৰ পিঠিত উঠিবা৷
মোৰ ম'বাইলটো বাজি উঠিল, অচিনাকি নম্বৰ, ৰিচিভ কৰিলো৷
- হেল্ল'
- দেউতা, মোক লৈ যোৱা দেউতা৷
মাজনীৰ মাতচোন
- মাজনী মই তোমাক আনিম মাজনী তুমি ক'ত ?
- মোৰ ভয় লাগিছে দেউতা৷
- নাই নাই মাজনী মই আনিম তোমাক৷
- হেল্ল' মিষ্টাৰ৷
এজন পুৰুষৰ কণ্ঠ৷
- হেল্ল'
- আপোনাৰ ছোৱালী লাগিব নে ?
- লাগিব লাগিব, তাই মোৰ কলিজা হয়৷
- যদি ছোৱালী লাগে দুদিনৰ ভিতৰত পাঁচ লাখ টকা জোগাৰ কৰক৷
কথাখিনি কৈ ফোনটো কাতি দিছিলে৷
মই বহুত চেষ্টা কৰিলো আকৌ ফোনটো লগাব, কিন্তু চুইছ অফ৷
- কি কৰিবা এতিয়া৷
- মোৰ মাজনীক আনিব লাগিৱ মই পইচা জোগাৰ কৰিব লাগিব৷
কিন্তু সেয়া মোৰ বাবে অসম্ভৱ আছিল, মোৰ এটা সৰু চাকৰি পাঁচ লাখ টকা ইমান সহজতে ক'ত পাম ! কিন্তু মাজনী নাই নাই তাইক ঘূৰাই অনাৰ স্বাৰ্থত মই পইচা জোগাৰ কৰিব লাগিব৷
মই বহুত ঘূৰিলো কিন্তু সম্পূৰ্ণ পইচা এতিয়াওঁ জোগাৰ কৰিব পৰা নাই, নিশি পাগলীৰ দৰে হ'ল৷ মই হ'লো আধা পাগল, চকুত টোপনি নাই, পেটত ভাত নাই, কিনো পাপ কৰিছিলো মই যে ভগৱানে মোৰ ওপৰত ইমান ডাঙৰ এটা পৰীক্ষা লৈছে৷

আকৌ সিহঁতৰ ফোন আহিল৷
- কি হ'ল মিষ্টাৰ পইচা জোগাৰ হ'ল নে ?
- অকমান কম কৰিৱ নোবাৰে নে ?
- এক টকাও কম কৰিব নোবাৰো আৰু আপোনাৰ হাতত মাত্র চাৰি ঘণ্টা সময় আছে৷
- আৰু অকমান সময় দিয়ক মোক প্লীজ, আপোনালোকৰ ভৰিত ধৰিছো প্লীজ, মোৰ ছোৱালীজনীৰ অন্যায় নকৰিব৷
- দেউতা৷
অকমান দূৰৰ পৰা চিঞৰাৰ নিচিনাকৈ মাজনীৰ চিঞৰটি মোৰ কাণত পৰিল৷
- মাজনী, মাজনী 
নাই সিহঁতে সংযোগ বিচ্ছিন্ন কৰি দিলে, মই পাগল দৰে আকৌ পইচা বিচাৰি ঘূৰিলো, বহুত ৰাতি হ'ল, কিন্তু পইচা মই মিলাব নোৱাৰিলো৷ হতাশ মনৰে ঘৰলৈ উভতিলো, হেই মাজনী তুমি মোক ক্ষমা কৰিবা,মই তোমাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হ'লো৷ মই এজন অপদাৰ্থ মাজনী৷

নিশি, তাইৰ কি হ'ব, কেনেকে মই তাইক সান্তনা দিম৷ হে প্রভু, নিৰাপৰাধী শিশু একোজনৰ ওপৰত এয়া কি অত্যাচাৰ, তুমি এনেকে ও মানুহৰ পৰীক্ষা লোৱা নে?
সেই মানৱ ৰূপী দানৱ সকলক তুমি কিয় পৃথিৱী খনত ৰাখিছা প্রভু ! কিয় !
মদৰ ৰাগীত মাতাল মানুহ এজনৰ দৰে ধলং পলংকৈ আহি পদূলি পালো,,,,,,
পদূলি মুখত এটা বস্তা পৰি আছে, কি এয়া ! মই দৌৰি যোৱাৰ দৰে গৈ বস্তাটো খুলিলো৷ গেট লাইটৰ পোহৰত দেখিলো, এয়া দেখোন মাজনী৷
- মাজনী
এটা বিকত চিঞৰ মাৰি মই তাইৰ নিঠৰ দেহটো সাবটি ধৰিলো৷
কণমানি ছোৱালীজনীক সেই পাষণ্ডহঁতে চুৰিৰে হানি খুছি নিৰ্মম ভাৱে হত্যা কৰিলে৷
নিশি পাগলী হ'ল, বকুৰ মাজত লৈ হিয়া ধাকুৰী কান্দিলে৷
- হে মাজনী, মোক ফ্লাইং কিছ এটা দিয়া না, দেউতা দেউতা বুলি এবাৰ সাবটি ধৰা না, এবাৰ মোৰ বকুৰ মাজত তুমি টোপনি যাবলৈ জেদ কৰাহিচোন মাজনী৷
আমাৰ বকুখন শুদা হ'ল, আমাৰ সপোনবোৰ মৰহি গ'ল৷ কেনেকে কিছুমান নৰপিশাচে নিৰপৰাধী শিশু একোটাক নিৰ্মম ভাৱে মাত্র কেইটা মান পইচাৰ কাৰণে হত্যা কৰিব পাৰে ? এবাৰ সিহঁতে জানো সেই কণমানি বোৰ মৃত্যু কষ্টখিনি উপলব্ধি কৰিব পাৰে !
মাজনীক মই আমাৰ মাজত ৰাখিম, তাইক আমাৰ বাগিচাতে সমাধিস্থ কৰিলো৷ তাই ভালপোৱা ৰঙা গোলাপ জোপা তাইৰ সমাধিত ৰোপণ কৰিলো৷
- হেৰা, কিয় কান্দি আছা তুমি ?
নিশিৰ মাতত উচপ খাই উঠিলো৷
চকুপানী খিনি মছি ল'লো৷
- নাই....
- মাজনীলৈ মনত পৰিছে৷
- উম.....৷ যে ঠুনুক ঠানাক মাতেৰে কৈছিলে, মই ডাঙৰ হ'লে ডাক্তৰ হম৷ দুখীয়া মানুহবোৰক সহায় কৰিম, মনত আছে তোমাৰ ?
- উম আছে৷ তাই যে তোমাৰ বকুৰ মাজত সোমাই কৈছিল, ৰাহুল আংকল হতৰ এটা বাবু আছে, মোক ও আনি দিবা না....... মনত আছে তোমাৰ ?
- উম আছে, নিশি......
- ভাৱাচোন আমাৰ নিচিনা পৃথিৱীখনত কিমান মাতৃ-পিতৃৰ বকু শুধা হৈ আছে, কিমান কষ্ট ভোগ কৰি আছে৷
- যেনে আমি.....
নিশি হুকহুকাই কান্দিছিলে,
নিশিক মই কাষত তানি আনিছিলো,
- চোৱাচোন নিশি, তাই কেনেকে হাঁহি আছে,সেই হাঁহিটি পৃথিৱীৰ পৰা নোহোৱা হ'ব বুলি মই কল্পনা ও কৰা নাছিলো৷
দুয়ো মাত্র চকুপানীৰ মাজেৰে তাইৰ হাঁহি থকা নিস্বাৰ্থ মুখখনৰ ছবি খন চাই থাকিলো৷