অকলশৰীয়াকৈ গ্ৰাম্য পথ এৰি,
দুৰন্ত মনটো
ৰাতিৰ নিৰ্জন চহৰৰ ফুটপাথ ধৰি
আগুৱাই গৈছো--
ৰাস্তাৰ লাইটবোৰে
নিয়ন পোহৰৰ বিচ্ছুৰণে
আভিজাত্য ধৰি ৰখাৰ মিছা চেষ্টাত ব্ৰতী
চিৰ সঙ্গী মোৰ ছাঁটো
আভিজাত্যৰ পোহৰত পলাই মুখ লুকুৱায়,
সি সোঁৱে-বাৱেঁ ক'তোৱেই নাই--
হেৰাই গ'লো জনসমূদ্ৰৰ গভীৰ গহ্বৰত।
বহুখিনি আগুৱাই--
ৰাতিৰ চহৰ তেতিয়াও উজাগৰে বহি আছে,
মাজে মাজে পাছফালে উনুকিয়াই চাও
দুই - এজন ভিকহুৱে
এতিয়াও উজাগৰে সাহায্য বিচাৰি --
হাত আগুৱাই দিয়ে --
প্ৰতিদান আগুৱাই নাযায়
অকৃতজ্ঞৰ দৰে
আগুৱাই গ'লো
চহৰখন বৰ ডাঙৰ - শেষ নহয়
দিনৰ আৰম্ভণিৰ পৰা ৰাতি পৰ্যন্ত
মনটো ক্ষীণৰ পৰা ক্ষীণতৰ হৈ আগুৱাইছে
অসহায় ভৰি দুটা অলপ বহাৰ আৰ্জি কৰিছে
ক্ষুধাৰ্ত পেটটোৱে --
কৈছে, কোনোৱে আপোন নহয় ঐ !!!
ঠিকনাঃ যোৰহাট
দুৰন্ত মনটো
ৰাতিৰ নিৰ্জন চহৰৰ ফুটপাথ ধৰি
আগুৱাই গৈছো--
ৰাস্তাৰ লাইটবোৰে
নিয়ন পোহৰৰ বিচ্ছুৰণে
আভিজাত্য ধৰি ৰখাৰ মিছা চেষ্টাত ব্ৰতী
চিৰ সঙ্গী মোৰ ছাঁটো
আভিজাত্যৰ পোহৰত পলাই মুখ লুকুৱায়,
সি সোঁৱে-বাৱেঁ ক'তোৱেই নাই--
হেৰাই গ'লো জনসমূদ্ৰৰ গভীৰ গহ্বৰত।
বহুখিনি আগুৱাই--
ৰাতিৰ চহৰ তেতিয়াও উজাগৰে বহি আছে,
মাজে মাজে পাছফালে উনুকিয়াই চাও
দুই - এজন ভিকহুৱে
এতিয়াও উজাগৰে সাহায্য বিচাৰি --
হাত আগুৱাই দিয়ে --
প্ৰতিদান আগুৱাই নাযায়
অকৃতজ্ঞৰ দৰে
আগুৱাই গ'লো
চহৰখন বৰ ডাঙৰ - শেষ নহয়
দিনৰ আৰম্ভণিৰ পৰা ৰাতি পৰ্যন্ত
মনটো ক্ষীণৰ পৰা ক্ষীণতৰ হৈ আগুৱাইছে
অসহায় ভৰি দুটা অলপ বহাৰ আৰ্জি কৰিছে
ক্ষুধাৰ্ত পেটটোৱে --
কৈছে, কোনোৱে আপোন নহয় ঐ !!!
ঠিকনাঃ যোৰহাট







