দাৰিদ্ৰৰ কেঁকুৰিটোৰে ভাঁহি আহে
এজাক ডেউকা ভগা চৰাইৰ চিৎকাৰ।
জীৱনৰ কেনভাছত গঢ়া
সপোন কানন মোহাৰি
মালিকীস্বত্বৰ প্ৰহাৰত
অবোধ দেহত বিৰিঙে
তেজৰ চেকুৰা...
পিঠিত গধুৰ বোজা কঢ়িয়াই
সংগ্ৰামী পথেৰে দৈনিক
আহ্ যাহ....
জাবৰৰ দমত জীৱিকাৰ ঠিকনা৷
কোমল হাতৰ তলুৱাত কষ্টৰ নমুনা,
এজাক শিশু শ্ৰমিকৰ লুণীয়া ঘামেৰে
দেশে উন্নতিত দপদপায়৷
এজাক ডেউকা ভগা চৰাইৰ চিৎকাৰ।
জীৱনৰ কেনভাছত গঢ়া
সপোন কানন মোহাৰি
মালিকীস্বত্বৰ প্ৰহাৰত
অবোধ দেহত বিৰিঙে
তেজৰ চেকুৰা...
পিঠিত গধুৰ বোজা কঢ়িয়াই
সংগ্ৰামী পথেৰে দৈনিক
আহ্ যাহ....
জাবৰৰ দমত জীৱিকাৰ ঠিকনা৷
কোমল হাতৰ তলুৱাত কষ্টৰ নমুনা,
এজাক শিশু শ্ৰমিকৰ লুণীয়া ঘামেৰে
দেশে উন্নতিত দপদপায়৷







