এটা সপোন ......✍ কাব্য কছাৰী

সপোন এটাৰ সৈ'তে কথা হৈছিল মোৰ
সপোনে হাঁহি হাঁহি মোলৈ চাই কৈছিল
স্বাধীন যদিও তোৰ অাই নহয় স্বাধীন
থৰ লাগি চাই মই প্ৰশ্ন কৰিলোঁ,
কেনেকৈ?

সৌৱা চোৱা,
কেনেকৈ অজগৰবোৰে সৃষ্টিময়ীক গ্ৰাস কৰিছে
মুক্ত অাকাশৰ তলে তলে
এপাক ফুৰিবলে ভয়াতুৰ হৈ পৰিছে
তেনেহ'লে ক'ত অাছে স্বাধীনতা?

তোৰ অাইৰ ঘৰখন
এতিয়া অাৰ্ৱজনাৰ মাজত
বৰ বেয়াকৈ দুৰ্গন্ধ নিগৰিছে
কল্কি যুগৰ অলেখ কচুপাতৰ পানীৰ নিনাদ
খাং ঐ খাং,
মই অকলে সব খাং
লং ঐ লং,
মই অকলে সব লং
অানৰ কথা মুৰ্দাবাদ,
মোৰ কথাহে জিন্দাবাদ
ভাব ঐ ভাব,
মাথোঁ নিজৰ কথাকে ভাব
ঠগি মাৰি হ'লেও অানৰ প্ৰাপ্য কাঢ়ি লোৱা হওক।

চিনাকি বাটেৰে এখোজ যাবলৈও
মাটিৰ মানুহৰ মন-মগজুত বিভ্ৰান্তি
তেন্তে ক'ত অাছে স্বাধীনতা?

সপোনে এটা চিৰন্তন সত্য কথা কৈছিল
কলিয়া ডাৱৰবোৰ অাঁতৰাবলে
শুকুলা ডাৱৰ অহা কথা।

বাহিৰত চৰাইবোৰে টেটুফালি চিঞৰি অাছিল
মই টোপনিৰ পৰা উঠিলো
অাপোনাৰো উঠিবলে হ'ল।

ঠিকনাঃ ধেমাজি বৰদলনি
দূৰভাষঃ ৮৭২১০৪৩৮৬২