কল্যাণী ......✍ উত্তম কুমাৰ শৰ্মা

ৰেজিনা আৰু চুহানা পুৱাই দৌৰে।  ছয়বছৰীয়া পুৰণা অভ্যাস। আজিও দৌৰিল। বায়েক ৰেজিনা আগে আগে আৰু চুহানা পাছে পাছে। খোলা গ্যেটেদি সোমাই চুহানা পাছফালৰ ৱাশ্বৰূম পালেগৈ। মাজচোতালতে ৰেজিনাই হাউলি উশাহ ল'লে!
'উহঃ!  বৰ ভাগৰ লাগিল দেই!'
অলপ সময় ৰৈ খোলা গ্যেট বন্ধ কৰিবলৈ ৰেজিনা উভতিল। 

হঠাৎ জিকাৰ খাই উঠিল তাই। ৰাষ্টাটোৰ সিপাৰে ওখ এপাৰটমেণ্টত দাঁতিৰ পকা ডাষ্টবিনটোত কিবা এটাই খৰখৰাই আছে। 
'হায় আল্লা! ' 
কি দেখিছে তাই!! বৰ্বৰ মাতৃৰ বৰ্বৰতা। গেলা জাবৰ দ'মৰ মাজত এটি সদ্যোজাতে কলকলাই আছে৷ চকুত বৰফ গলা ৰেজিনাই কেঁচুৱাটি আলফুলে তুলি আনিলে। ৰেজিনাৰ এতিয়া ভনীয়েক দুজনী । চুহানা আৰু...   .. কল্যাণী।
নামটো সাঁথৰ হৈ ৰ'ল। ৰেজিনাৰ বাহিৰে সেই সাঁথৰৰ ইতিবৃত্ত কোনেও নাজানে আৰু নাজানিব কেতিয়াও!

ঠিকনাঃ ৰহমৰীয়া।