স্বৰূপ .....✍ ভাস্বতী দেৱী

মিছেছ বৰুৱানি ঘৰত আছেনে, হয় মিছেছ শ‌ইকীয়ানি আহক। বুজিছে বৰুৱানি যোৱাকালি মিটিং খন বৰ বঢ়িয়া  হৈছিল, সকলোতে আপোনাৰে নাম, আপোনাৰ ভাষণটোৰ কথা যে চাৰিওফালে চলিছে। ইমান ধুনীয়া কৈ উপস্থাপন কৰিছে আপুনি সলাগ নলৈ নোৱাৰি।বিশেষকৈ সেই লাইন কেইটা, "প্ৰত্যেক জনী ছোৱালীক শিক্ষিত কৰক, প্ৰত্যেক ছোৱালীক স্কুললৈ যাবলৈ দিয়ক, শিশু শ্রমিক নিযুক্তি বন্ধ কৰক, বেটি বাচাও, বেটি পঢ়াও।"

এনেতে ১১ বছৰীয়া সাবিত্ৰিয়ে দুকাপ চাহ আনি কাষৰ টেবুলখনত থৈ ক'লে, বাইদেউ চাহ খাওক।
মিছেছ শ‌ইকীয়ানিয়ে টেবুলৰ পৰা চাহ একাপ লৈ ক'লে-
- ছোৱালী জনীৰ নাম কি?
বৰুৱানিয়ে টপৰাই ক'লে সাবিত্ৰি।
শ‌ইকীয়ানিয়ে বৰুৱানিৰ মুখৰ ফালে চাই পুনৰ প্ৰশ্ন কৰিলে-
- সাবিত্ৰিয়েটো চাগে স্কুললৈ নাযায় নহয়, ছোৱালী জনীৰ বয়সো চাগৈ বেছি হোৱা নাই ১০, ১১ বছৰ মান হ'ব লাগে নহয় নে বৰুৱানি?
বৰুৱানিৰ লগে লগে যোৱাকালিৰ ভাষণটো আৰু ৰাইজৰ বিপুল হাত চাপৰিৰ শব্দ কাণত বাজিল...।