অণুগল্প .....✍ নয়নমণি দত্ত নেওগ

১) মানৱতা

উলংগ অৱস্থাত পৰি ৰোৱা ছোৱালীজনীক ভিৰৰ মাজেদি চোঁচৰাই লৈ আনোতে ভদ্ৰতাৰ মুখা পিন্ধা এচাম লোকসকলৰ চকু কেৱল ছোৱালীজনীৰ দেহৰ ওপৰতহে তিস্তি থাকিল ৷
এবাৰলৈও ছোৱালীজনীৰ দেহত চাদৰ এখন দি মানৱতাৰ পৰিচয় দিব নোৱাৰিলে।

২) ডাইনী 
  
নগাজানৰ সেই ষোড়শী গাভৰুজনীক কৰা অত্যাচাৰ প্ৰকৃততে কাক ডাইনী আখ্যা দিব পাৰি৷
ষোড়শী গাভৰু গৰাকীক নে তাইৰ ওপৰত জঁপিয়াই পৰা সেই মানৱতাৰ মুখা পিন্ধা ডাইনীসকলক।

৩) অপেক্ষা

আনদিনাৰ দৰে আজিও মিনতিয়ে কঁপালৰ দগমগীয়া সেন্দূৰ কণৰ সৈ'তে নিজৰ মানুহজনক কামলৈ যোৱাৰ পৰত নঙলামুখৰ লৈকে আগবঢ়াই থৈ আহেগৈ ।
কিন্ত বেলি ভাটি দিয়াৰ পাছতো মিনতিৰ মানুহজন ঘৰলৈ ঘূৰি নহাত তাইৰ কঁপালৰ সেন্দূৰকণে আজিও মানুহজন অহালৈ অপেক্ষা কৰি থাকিল ।

৪) অনাথ আশ্ৰম 

কেইটামান টকাৰ বাবে মাকজনীয়ে সাত  বছৰীয়া ছোৱালীজনীক চহৰৰ এঘৰ সম্ভ্ৰান্ত ঘৰত কাম বনৰ লগতে পঢ়া শুনাৰো যোগাৰ কৰি দিব বুলিয়েই ছোৱালীজনীক চহৰৰ চাহাবৰ হাতত পঠিয়াই দিছিল । 

চহৰৰ চাহাবৰ ঘৰত ছোৱালীজনীৰ দিনক দিনে শৰীৰত কিছু পৰিৱৰ্তন দেখা দিয়াত তাই নিজেই নিজৰ পথ বাছি লৈছিল আৰু সেই পথ আছিল একমাত্ৰ অনাথ আশ্ৰম ।

৫)  অনীহা

বিয়া হৈ অহাৰ এমাহ মানৰ পাছৰ পৰাই মানুহজনীৰ দেহত অসুখটোৱে থিতাপি লৈছিল। সেই যে যি অসুখটো হ'ল আজি দহ বছৰলৈকে ভাল হোৱাৰ নামকেই নোলোৱা হ'ল।
কিন্ত কিমান দিননো মানুহটোৱে এনেকৈ ৰৈ থাকিব ।নিজৰ জীৱনটোক লৈ অনীহা হৈ পৰিছিল। সেয়ে সময়ৰ সোৰোঙা লৈ এদিন ঘৰখনত নতুন আলহীৰ প্ৰৱেশ কৰাইছিল ।
      
ঠিকনাঃ ঢুলীয়াপাৰ, শিৱসাগৰ