হঠাৎ এদিন ! ডo মানশিখা বাইদেউ ৰাতিপুৱাৰ প্ৰথম ক্লাছতেই শান্ত মন আৰু মিঠা হাঁহিৰে আমাৰ শ্ৰেণীকোঠাত উপস্থিত হ'ল৷ বাইদেউ তেতিয়া আমাৰ শ্ৰেণীত উপস্থিত হৈছিল তাৰ বাৰ তাৰিখ মোৰ মনত নাই কিন্তু এটা কথা মনত আছে সেইদিনা শ্ৰদ্ধাৰ পিতিমা বাইদেউৰ প্ৰথম ক্লাচ আছিল বাইদেউৰ অনুপস্থিতিত principal ma'am আমাৰ ক্লাচ ল'বলৈ গৈছিল৷
শ্ৰদ্ধাৰ ডo মানশিখা বাইদেউ শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ কোঠাটো হঠাৎ নিস্তব্ধ হৈ কাঁহ পৰি জীণ যোৱাৰ নিচিনা অৱস্থা হ'ল৷ কাৰণ আগতে বাইদেউ শ্ৰেণী কোঠাত ক্লাছ ল'বলৈ তেতিয়াও অহা নাছিল৷ সেয়ে বোধহয় সকলোৰে বাবে সেই ক্লাছটো আছিল এটা Surprise ! মেমে ৰেজিষ্টাৰ শেষ কৰি আমাৰ পিনে চাই থিয় হোৱা মাত্ৰকে আমিও পোন হৈ বহি মেমৰ তত্বগধুৰ মিঠা কথাবোৰ শুনিবলৈ কাণ থিয় কৰিছিলো৷ মেনে কৈছিল মই আজি তোমালোকৰ লগত কিছু নতুন কথা পাতিম কিন্ত কথা পতাৰ আগতে মই তোমালোকৰ প্ৰত্যেককে এটা প্ৰশ্ন সুধিম আৰু তোমালোকৰ উত্তৰ শুনাৰ পিছতহে মই তোমালোকৰ লগত আলোচনা কৰিম৷ এই বুলি কৈ মেমে প্ৰশ্ন কৰিছিল তোমালোকৰ এতিয়া কলেজত ক্লাছ কৰি কেনেকুব়া লাগিছে আমি সকলোৱে এক বাক্যত চিঞৰি কৈছিলো ভাল লাগিছে৷ তেতিয়া মেমে পুনৰ প্ৰশ্ন কৰিছিল কিয় ভাল লাগিছে বাৰু ? লাগিল লেঠা এই প্ৰশ্ন শুনি দুই চাৰিজনৰ উশা বন্ধ হৈ যোব়া দেখিছিলো, বেঞ্চৰ পিছফালে বহা দুই এজনে আকৌ নিজৰ মুখখন লুকাবলৈ চোষ্টা কৰিছিল কিন্ত সেয়া জানো সম্ভৱ ডo মানশিখা বাইদেউৰ বিচক্ষণ সম- দৃষ্টিৰ আগত, দুই এজনে ভিন্ন উত্তৰো দিছিল, এনেতে আহি পৰিল মোৰ পাল মই মোৰ উত্তৰত কৈছিলো- "এতিয়া মেম সকলৰ লগত ভালকৈ চিনাকি হৈছে কিবা প্ৰশ্ন সুধিবলৈ ইমান ভয় নালাগে আগতে 1st year ত ভয় কৰিছিলো আৰু মেম সকলে বৰ মৰমেৰে পঢ়াই সেয়ে মেম এতিয়া আগতকৈ ভাল লাগে৷" তেতিয়া মেমে কৈছিল আৰু এটা বিশেষ কাৰণ আছে! তেতিয়া সকলোৱে তলমূৰকৈ সেই কাৰণ বিচাৰিবলৈ আৰাম্ভ কৰিছিল৷ এনেকৈ আমাক কিছু সময় কৌতুশত ৰাখি মেমে অৱশেষত মাত লগালে-
তোমালোক এতিয়া কলেজৰ Senior হৈ গৈছা, 2nd year পাই গৈছা সেয়ে এতিয়া বেছি ভাল লাগিছে৷" মেমৰ এই মন্তব্য শুনি সকলোৱে মূৰ তুলি চাইছিল৷ সঁচাই সিদিনা আমাক এই কথাষাৰে বৰ আনন্দ দিছিল৷
তাৰ পিছত মেমে আমাৰ পাঠ্য- পুথিৰ বিষয়ে আলোচনা আৰাম্ভ কৰিছিল৷ প্ৰতিটো Subject ৰ বিষয়ে খুব সুন্দৰকৈ এটি আভাস দিছিল৷ অৱশ্যে মেমে মোৰ শ্ৰদ্ধাৰ ড0 শেৱালি বাইদেৱে পঢ়োব়া Gender issues and concerns আৰু শ্ৰদ্ধাৰ পৰিস্মিতা বাইদেৱে পঢ়োৱা Action research ৰ বিষয়ে বৰ বিশেষ আলোচনা কৰা নাছিল কাৰণ ইতিমধ্য এই বিষয় দুটা মেনসকলে পঢ়াই সম্পৰ্ণ কৰিছিল৷ বিশেষকৈ সিদিনা ড0 মানশিখা বাইদেউব়ে Foundation of Curriculum Development বিষয়টোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল৷ মেমে ইমান সুন্দৰকৈ Secondary level ৰ Curriculum প্ৰস্তুত কৰোতে কি কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু Curriculum ৰ দ্বাৰা কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ মনসিকতা গঢ় দিয়া হয়, Curriculum মে Students Society ত কেনেদৰে প্ৰভাৱ পেলাই সেই বিষয়ে গহীন- গম্ভীৰ ভাবে আমাক বুজাইছিল৷ যিটোব়ে মোক বৰকৈ আকৰ্ষিত কৰিছিল৷
শ্ৰদ্ধাৰ ড0 মানশিখা বাইদেউ ৰ ক্লাছ কৰিবলৈ পোৱাটো জীৱনৰ এটা বিশেষ ক্লাচ হিচাপে মোৰ হিদয়ৰ ডায়েৰিত চিৰ দিনৰ বাবে সংৰক্ষিত হৈ গ'ল৷ যিটো ক্লাছ মই আজিলৈকে পাহৰি যোব়া নাই আৰু আগলৈয়ো পাহৰি যাৱ নোৱাৰিম৷ তাৰ কাৰণ ভিন্ন প্ৰথম মই High school পঢ়া দিনৰে পৰাই এটা কথা লক্ষ্য কৰি আহিছিলো সাধাৰণতে Head master অথবা Principal সকলে ক্লাচ নকৰাই আৰু তেতিয়াৰ পৰাই মোৰ মনত এটা প্ৰশ্নই বাহ সাজিছিল যে কিয় Head master অথবা Principal সকলে ক্লাছ নকৰাই ? আৰু বৰ আশা আছিল Principal ৰ ক্লাচ এটা কৰা হ'লে কেনেবা লাগিলে হয় ! একেবাৰে সঁচা এনেই নোৰ মনত আহি থাকে, সৰুৰে পৰা B.Ed পঢ়ালৈকে এই প্ৰশ্নই বৰ আমনি দিছিল৷ অৱশ্য এতিয়া বুজি পাইছো ইমান বোৰ দায়িত্ব পালন কৰি এটা অনুষ্ঠান চলাই নিয়া মুৰব্বী গৰাকীয়ে সদায় ক্লাছ কৰোৱাটো নিশ্চয় এক জটিল কাম৷ কিন্ত ড0 মানশিখা বাইদেউ সেই জটিলতাক নেওচি শ্ৰেণীকোঠাত উপস্থিতি হৈ নিজৰ উৎসৰ্গীকূত বহল মনোভবৰ পৰিচয় দিছে৷ মোৰ মনত দীৰ্ঘ 9\10 বছৰ ধৰি যি এটা সপোন বুকুত কঢ়িয়াই লৈ ফূৰিছিলো সেই সপোনটো যেন বাস্তৱ হ'ল College of Education Nagaon ৰ শ্ৰেণীকোঠাত | Principal শ্ৰদ্ধাৰ ড0 মানশিখা বাইদেউৰ ক্লাচ কৰি .......(আগলৈ)








