অনুবাদঃ কন্দৰ্প কুমাৰ নাথ
এজন পুৰুষে এবাৰত ২০-৩০ কোটি শুক্ৰাণু বা শুক্ৰকীট নিৰ্গত কৰে । এই ২০-৩০ কোটি শুক্ৰকীট জৰায়ুৰ ভিতৰলৈ যেতিয়া পাগলৰ দৰে দৌৰি দৌৰি যায়, বহুকোটি শুক্ৰকীট ক্লান্ত-শ্ৰান্ত কিম্বা পৰাজিত হৈ মৃত্যুমুখত পৰে । মাথোঁ ৩০০-৫০০ শুক্ৰকীট ডিম্বাণুৰ ওচৰ পায়গৈ । ইহঁতৰ মাজৰ পৰা মাত্ৰ এটি শুক্ৰকীটেহে ডিম্বাণুটো নিষেচন ঘটায় । এই ভাগ্যৱান শুক্ৰকীটটোৱেই হৈছে আপুনি বা মই ।
এই বাস্তৱ পৰিঘটনাটোৱে বাৰু আপোনাৰ মন -মগজুত কেতিয়াবা ক্ৰিয়া কৰিছেনে ?
আপুনি তেতিয়া দৌৰিছিল যেতিয়া আপোনাৰ চকু, হাত, ভৰি, মূৰ একোৱেই নাছিল৷ তথাপিতো আপুনি জিকিছিল৷
আপুনি তেতিয়া দৌৰিছিল
যেতিয়া আপোনাৰ কোনো চাৰ্টিফিকেট নাছিল,
যেতিয়া আপোনাৰ মস্তিষ্কও নাছিল । তথাপিতো আপুনিয়েই জয়ী হৈছিল ।
আপুনি তেতিয়া দৌৰিছিল যেতিয়া আপোনাৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল, আপোনাক সহায় কৰোতা কোনো নাছিল । অথচ আপুনিয়েই জয়ী হৈছিল ।
আপুনি যেতিয়া দৌৰিছিল আপোনাৰ সন্মুখত এটি লক্ষ্য আছিল আৰু সেই লক্ষ্য প্ৰাপ্তিৰ দিশে আপুনি একাগ্ৰ চিত্তে ধাৱমান হৈছিল। শেষ পৰ্যন্ত আপুনিয়েই জয়ী হৈছিল ।
আৰু আজি ?
কিবা এটা হ'লেই বিতত হয়, নিৰাশ হৈ পৰে । কিয় ? কিয় আপুনি আত্মবিশ্বাস হেৰুৱাই পেলাইছে ?
এতিয়া আপোনাৰ নাই কি ? বন্ধু-বান্ধৱী, ভাই -ভনী, আত্মীয়- কুটুম্ব সকলো আছে । হাত আছে, ভৰি আছে, চকু আছে, চিন্তা কৰিবলৈ মগজু আছে, চাৰ্টিফিকেট আছে, সহায় কৰিবলৈ কোনোবা নহয় কোনোবা আছে৷ তথাপিও আপুনি আশা হেৰুৱাই নিৰাশাক সাবটি লৈছে৷
যেতিয়া আপুনি জীৱনৰ প্ৰথম দিনাই হাৰ মনা নাছিল, ৩০ কোটি প্ৰতিদ্বন্দ্বীৰ লগত মৰণপণ যুঁজি ক্ৰমাগত দৌৰ প্ৰতিযোগিতাত আনৰ সহায় অবিহনে এককভাৱেই বিজয়ী হৈছিল, তেন্তে আজি কিয় হাৰ মানিব ?
কিয় পৰাজয় স্বীকাৰ কৰিব ?
আচল কথাটো কি জানে ?
একাগ্ৰচিত্তে নিৰৱচ্ছিন্নভাৱে চেষ্টা অব্যাহত ৰাখক । ধাৱমান হওক লক্ষ্যৰ দিশে ।
জয় আপোনাৰেই ।
কাৰণ অপূৰ্ব সৃষ্টিৰ মহান লক্ষ্যৰেই আপোনাৰ জন্ম ।
ঠিকনাঃ বৰদৌলগুৰি







