আজি ২১ ব'হাগ, কুলিৰ মাতত তাই পুৱা তিনি বজাতেই সাৰ পাই বিচনাতে বহি বহি অতীতৰ কথাবোৰ চিন্তা কৰি থাকোতেই কেতিয়া আজান দিলে তাই গমকে নেপালে ! তথাপিও কুলি চৰাইজনীয়ে কুউ কুউ, কুউ' কৈ বিনাই থাকিলে! কিবা যেন অজান বিষাদে পুৱতি নিশাৰ পৰিৱেশৰ সৃষ্টি কৰিলে৷ এনেহে লাগিছে আজি ৰীতাৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ মাৰ নেযাওঁতে তাই স্বামীৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈছে৷ হঠাৎ কাউৰীৰ মাতত তাইৰ চেতনা ঘূৰি আহিল আৰু লাহেকৈ খিৰিকীখন খুলি দিলেে, চহৰত চিপ চিপকৈ বৰষুণ দি আছে, হয়তো সেইবাবে খিৰিকীৰ কাষতে হাচনা ফুলৰ গোন্ধ পোৱা নাই৷ মনৰ মাজতে ফুলি থকা আশাৰ সপোনবোৰ কেতিয়াবাই থানবান হৈ মৰহি গ'ল, সেইবোৰ স্মৃতিয়ে আজিও বৰকৈ আমনি কৰে, আনৰ আগত প্ৰকাশ কৰিব নোৱাৰাকৈ ! শামুকীয়া গতিত আজিও বহুতেই মোৰ শৰীৰটো দেখি বিয়াৰ প্ৰস্তাৱ দিয়ে। এইবোৰ কথা মনলৈ আহিলেই তাইৰ বুকুখন চিৰিং কৰি যায়৷ প্ৰথম কলেজত নাম লগাওঁতেই ঘৰৰ পৰা জেঠাইৰ ল'ৰা দিপেনে তাইক গুৱাহাটীলৈ লৈ গৈছিল৷ পুৱাই গুৱাহাটী পোৱাত দীপেনে হোটেলত এটি কোঠালৈ তাতে অলপ জিৰণি লোৱাৰ কথা উনুকিৱালে৷ যেতিয়া কোঠাত মুখহাত ধুই অলপ জিৰণি ল'ব লৈ ল'লো আৰু তেতিয়াই দীপেনদাই কোনো কথা নাই, বতৰা নাই, মই তোমাক ভাল পাওঁ বুলি কৈ তপত চুমাৰে মোৰ দেহত শিহৰণ তুলি দিলে আৰু মই না, না কৈও শেষত সকলোবোৰ এৰি দিলো ! এনেদৰে যৌৱনৰ আদিপাঠ শিকিলো আৰু দেউতাৰ বিশ্বাসক ভৰিৰে মহাৰি পেলালো৷ দীপেন এতিয়া চৰকাৰী স্বাস্থ্য বিভাগত চাকৰি কৰে, লগতে প্ৰেমৰ বিষাদৰ কবিতা লেখি বিখ্যাত কবি হৈ পৰিছে । সদায় যৌৱনৰ নতুন নতুন সোৱাদ বিচাৰি ভালপোৱাৰ বাবেই আজিও বিয়া পাতিব নোৱাৰিলে ।
ৰীতাই আজিৰ পৰা ঘৰৰ ওচৰত থকা জাতীয় বিদ্যালয় খনত চাকৰি কৰিবলৈ যাব । কাৰণ ঘৰখনত এতিয়া মাক আৰু তাইৰ বাহিৰে কোনো নাই, সকলোবোৰ দ্বায়িত্ব এতিয়া তাইৰ ওপৰত৷ ঘৰৰ কাষৰ বিমলে তাইক এই চাকৰিটো ঠিক কৰি দিছে৷ লগতে তই একো চিন্তা নকৰিবি, মই আছো বুলি কৈ সঁচা মানৱতাৰে এসোপা সাহস দিছে । সঁচাকৈয়ে এই পৃথিৱীখনত এতিয়াও বহুত ভাল মানুহ আছে বুলি মনতে ভাবি থাকোতে চকুলোৰ নিজৰা বৈ গ'ল । (আগলৈ)








