ভয়ত ৰতনৰ ভৰি-হাত পেটতে লুকাল । সি কি কৰিব এতিয়া ? সি থক্ থক্ কৰে কঁপিব ধৰিলে । এৰা, কালি প্ৰদীপহঁতৰ টিভিত দেখা ভূতটোৱে কিজানি ! সি চিনেমাখনৰ মানুহবোৰক মাৰি মাৰি এতিয়া চাগে তাক মাৰিবলৈ আহিছে । তাৰ লগে লগে ভূতুনী জনীৰ কুন্ধচ ৰূপটোলৈ মনত পৰিল । আই ঐ কিযে ভয় লগা । চকুদুটা অঙঠাৰ দৰে জ্বলি থকাটো বাদেই দুইটা চকুৰে বৈ আছে দুধাৰি কেঁচা তেজ । বিকৃত দাঁত কেইটা কেনেকৈ যে নিকটাই থাকে তাই, ছিঃ ভয়ৰ মাজতে কিবা এটা ঘৃণাত তাৰ নাকটো কোঁচ খাই গ'ল । এইবাৰ মনত পৰিল মাটি চুই থকা তাইৰ দীঘল আউলী বাউলী, কেঁকোৰা কেঁকুৰি চুলিটাৰিৰ লগতে তাই হাতৰ দীঘল দীঘল নখ বোৰলৈ । তেনেতে তাৰ কাষতেই যেন পুনৰ এটা শব্দ হ'ল । হয়তো ভূতুনী জনীয়ে এতিয়াই হাতি শুৰৰ দৰে তাইৰ দীঘল চুলিটাৰিৰে তাক মেৰিয়াই ধৰিব আৰু তাইৰ দীঘল নখ বোৰেৰে তাৰ দেহাটো খণ্ড বিখণ্ড কৰি তাৰ তেজ, মঙহ ভক্ষণ কৰিব । কথাটো ভবাৰ লগে লগে সি কুঁচিমুচি খাই বহি লৈ তাৰ মূৰটো আঁঠু দুটাৰ মাজত গুজি দি হুক হুক কৈ কান্দি উঠিল । তাৰ মাকলৈ বৰকৈ মনত পৰিল । মাকজনী কাষত থকা হ'লে সি এতিয়াই মাকৰ বুকুত মূৰটো গুজি সোমাই পৰিল হয়৷
মাকলৈ মনত পৰাত ৰতনৰ কনমানি হৃদয়খন মোচোকা খাই গ'ল । জীৱন গঢ়া এক নতুন সপোন বুকুত বান্ধি সি প্ৰথমবাৰ মাকক এৰি এনেদৰে ওলাই আহিছে । সাত বছৰীয়া ৰতনৰ মনত এক সীমাহীন আশা । সি পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব । সি চাকৰি কৰাৰ টকাৰে মাকক চিকিৎসা কৰিব৷ সি দামী দামী কাপোৰৰ লগতে মাকক খাৰু মণিও কিনি দিব। লগতে বায়েক দুজনীকো লোকৰ ঘৰত কাম কৰিব নিদি ঘৰলৈ লৈ আহিব । মনত অযুত আশা সি বান্ধি ৰাখিছে৷
ৰতনৰ মনত পৰিল মাকে তাৰ দুগালত দুটা চুমা খাই আহিবৰ সময়ত তাৰ গালে মুৰে খেপিয়াই কোৱা কথা কেইষাৰ । মাকে কৈছিল- "বাবু, তই ভালদৰে থাকিবি। পঢ়া শুনা ভালদৰে কৰিবি৷ ছাৰ আৰু বাইদেউৰ কথাবোৰ শুনিবি৷" মাকৰ কথা, ভৱিষ্যতৰ সোণালী সপোন আৰু ভূতৰ ভয়ত পেপুৱা লগা ৰতনে তেনেকৈ বহি থাকিয়ে বিনিদ্ৰ ৰজনী পাৰ কৰিলে৷
পুৱা মালিকনীয়ে তাৰ হাতত জাৰুডাল তুলি দি চোতালখন সাৰিব কোৱাত সি গৈ চোতাল পালেগৈ ।তাৰ সাত বছৰীয়া কণমানি হাত দুটাৰে আজিকোপতি কোনো কাম কৰি পোৱা নাই । তথাপি সি কোনোমতে চোতালখন সাৰি আহি ভিতৰত সোমাইছে মাত্ৰ, তেনেতে মালিকনীয়ে ক'লে- "এটা কাম কৰোতে ইমান সময় লাগেনে? কি চাই আছ যা, বাচনকেইটা সোনকালে ধুই আহ আৰু কাম আছে নহয়৷" কথাষাৰ কৈ মালিকনী বাথৰুমত গৈ সোমাল৷
বাচনকেইটা ধুই আহি ৰতনে ঘৰকেইটা সাৰি আজৰি হ'ল। সি দেখিলে মালিকনীয়ে চাহ বনাব লৈছে। চাহ খোৱা মানসেৰে সি মুখখন ধুই আহো বুলি বাহিৰত যাব লওঁতেই মালিকনীয়ে তাক পুনৰ কামৰ দায়িত্ব দিলে। "বাথৰুমত মোৰ গা ধোৱা কাপোৰ আছে তই ধুই পেলাই সৌ তাতে ঘৰ মচা টিংটো আৰু লুচোনি আছে যা ঘৰকেইটা একেবাৰে মচি আহ।" ৰতনৰ কাম কৰা অভ্যাস নাই, সেয়ে হয়তো তাৰ অকনমাণি হাত দুটা বৰকৈ বিষাইছিল। কিন্তু মালিকনীক কথাষাৰ সি কি বুলিনো ক'ব ? কোনো প্ৰতিবাদ নকৰি সি কথামতেই কোনোমতে কাপোৰ কেইটা ধুই উঠি টিংটোৰে পানী কঢ়িয়াই আনি এফালৰ পৰা ঘৰকেইটা মচি গ'ল। ৰতনৰ মাকলৈ বৰকৈ মনত পৰিল। মাকে তাক কোনোদিনেই একো কাম কৰিব দি পোৱা নাই । তাৰ উপৰি মাকে তাক ৰাতিপুৱা শুই উঠাৰ পাছতেই কিবা এটা খাবলৈ দিয়ে । কিন্তু মালিকনীয়ে দেখোন তাক এতিয়ালৈকে একোকে খাব দিয়া নাই । কথাষাৰ মনত পৰা মাত্ৰেই ভোকাতুৰ ৰতনৰ পেটটো কলমলাব ধৰিলে আৰু লগে লগে এক অজান দুখত তাৰ দুচকুৰে ধাৰাসাৰ চকুলো বাগৰি আহিল৷
সি ঘৰকেইটা মচি লৈ একেবাৰে মুখ- হাত ধুই আহিল । মালিকনীয়ে তাক চাহ বিস্কুট খাব দি ক'লে -
"অলপ পাছত ভাতেই খাবি, এতিয়া ইয়াকে খা।" বিস্কুট দুটা সৈ'তে চাহকাপ খাই উঠি সি গৈ তাৰ সমবয়সীয়া ৰিমলীৰ ওচৰ পালেগৈ৷ তাই বিচনাতে বহীখন মেলি লৈ কিবা এটা ছবি আঁকি আছে । ৰিমলী হ'ল ঘৰখনৰ একমাত্ৰ ছোৱালী । মাক- দেউতাকৰ আলাসৰ লাড়ু । সি গৈ তাইনো কি আঁকিছে তাকে চোৱা মানসেৰে তাইৰ কাষতে গৈ বহিল । তাই তাক দেখি হাঁহি মাৰি ক'লে- "এয়া চোৱা মই দুটা চৰাই আঁকিছো। ইয়াৰে এটা তুমি আৰু এটা মই। তুমি মোক ৰং কৰিবা আৰু মই তোমাক ৰং কৰিম হ'বনে?" কথাষাৰ কৈ উওৰৰ আশাত ৰিমলীয়ে ৰতনৰ মুখলৈ চাই ৰ'ল। তেনেতে ৰিমলীৰ মাক সোমাই আহি ৰতনক বিছনাখনত বহি থকা দেখি খঙতে উধাই মুধাইসগালি পাৰিব লোৱাত, ৰতনে অপৰাধীৰ দৰে সেই মুহূৰ্ততে কোঠালিটোৰ পৰা ওলাই গ'ল৷
দুপৰীয়া ৰতনে ভাত খাই থকাৰ মাজতেই মালিকনীয়ে তাক বাচনকেইটা ধুৱা আদেশ কৰি চিধা গৈ বিছনাত উঠিল। ৰাতি টোপনি ক্ষতি তাতে পোৱাৰে পৰা ইমানবোৰ কাম কৰি ৰতন ভাগৰি গৈছে৷ ভাতৰ পাততেই তাক বাৰে বাৰে টোপনিয়ে হেঁচা মাৰি ধৰিছে । সি কোনোমতে ভাতকেইটা নাকে মুখে সোমোৱাই চিধাই গৈ বিছনাত বাগৰ দিলে। বেছি সময় নালাগিল, মুহূৰ্ততে সি টোপনিৰ কোলাত ধলি পৰিল। কিছুসময় অন্তত কাৰোবাৰ হাতৰ আঘাতত ৰতন ধৰমৰাই সাৰ পাই উঠিল। সি মালিকনীৰ দপদপনিত কঁপি উঠিল আৰু চিধাই গৈ বাচনবোৰ ধুই আটাই পুনৰ হুকুমৰ অপেক্ষাত সি ক্ষণ গণি ৰ'ল৷
নিশা ফুট গধূলিতে বিছনা লোৱা ৰতনে খাই বৈ আজৰি হৈ এঘাৰ বজাত শুবলৈ আহিল। কালি প্ৰথম নিশাটো সি মালিকৰ ঘৰত বৰ কষ্টৰে পাৰ কৰিলে । আজি বা আকৌ কি হয়? বিছনাখনত উঠিয়ে তাৰ কালি ঘটনাটোলৈ মনত পৰি বুকুখন কঁপি উঠিল৷ কালি সি উজাগৰে থকা বাবেই তাক ভূতটোৱে আক্ৰমণ কৰিব নোৱাৰিলে। হয়তো সি টিভিত দেখা ভূতটোৱে কিজানি আহিছিল। কাৰণ সেই ভূতটোৱে টোপনি যোৱা মানুহকহে মাৰে৷ নাই সি আজিও টোপনি নাযায় । ভূতটোৱে যদি তাক মাৰি পেলাই ? যদি সি মৰি থাকে ? নাই সি মৰিলে তাৰ মাকে বহুত কান্দিব মনত বহুত কষ্ট পাব আৰু বায়েক দুজনীও দেখোন সদায় লোকৰ ঘৰতেই কাম কৰি থাকিব লাগিব। নাই সি যেনেকৈয়ে নহওক কিয়, জীয়াই থাকিবই লাগিব, প্ৰয়োজন হ'লে সি গোটেই জীৱন নুশুই থাকিব। কথাবোৰ ভাবি থাকোঁতেই মালিকজনে আহি তাক মাত দিলে। "ৰতন, শুলি নেকি ?"
ৰতন বিছনাৰ পৰা ধৰফৰাই নামি আহিল । তাৰ সেই কাণ্ড দেখি মালিকৰ হাঁহি উঠিল আৰু তেখেতে হাস্য মুখেৰে তাক ক'লে। "হেৰ' তোক মই মাতিছোহে তই আকৌ নামি আহিলি কিয়? যা শুই থাক৷ ৰাতি ভয় কৰিবি নেকি ? আমাৰ ইয়াত একো ভয় নাই বুজিছ? পিছে ডালশলিয়া কেইটামানেহে বৰ উৎপাত কৰি থাকে৷ তই আকৌ সেইবোৰ শব্দ শুনি ভয় নকৰিবি৷" কথাষাৰ কৈ তেখেত আঁতৰি গ'ল৷
ৰতনে এক স্বস্তিৰ নিশ্বাস এৰিলে৷ উঃ সি বাৰু যোৱা নিশা কমখন ভয় খালেনে৷ দিনটো কাম কৰি কৰি তাৰ এনেও বৰ ভাগৰ লাগি আছিল। আজি যদি পুনৰ টোপনি ক্ষতি হোৱা হ'লে তাৰ যে কি অৱস্থা হ'ল হয় । মালিকে কথাটো নোকোৱা হ'লে টোপনি ক্ষতি কৰি কৰি সি হয়তো এদিন মৃত্যুৰ কোলাত ধলি পৰিল হয় । কথাবোৰ ভাবি থকাৰ মাজতেই এটা সময়ত সি টোপনিত লালকাল দিলে৷
সময়বোৰ যিমানেই বাগৰি গৈছে ৰতনৰ মনটো সিমানেই অস্থিৰ হৈ উঠিছে। কাৰণ মালিক- মালিকনীয়েচোন আজিকোপতি তাৰ পঢ়াৰ কোনো কথায়ে উল্লেখ কৰা নাই । তাক তেন্তে পঢ়ুৱাম বুলি কৈ ফাঁকি মাৰি আনিলে নেকি? ইফালে মাকক নেদেখাও তাৰ বহুত দিন হ'ল। বেমাৰী মাক জনীয়ে কিজানি বাগানত কাম কৰি কৰি আৰু বেছি বেমাৰী হৈছে । মাকলৈ তাৰ সদায়ে মনত পৰে । কেতিয়াবা নিশাটো সি কান্দি কান্দিয়ে পাৰ কৰি দিয়ে। ইফালে মালিকনীৰ দাবি ধমকিও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিটো কামতেই লাগে জগৰ। খালি ক'ব - "ইমান বেয়াকৈ কাম ক'ৰ । কোনো এটা কামৰ পৰিপাটী নাই । কাম ভালদৰে কৰিবি । ঘৰকেইটা চুকে কোণে মচি আনিব নোৱাৰ নেকি? ঘৰ মচা পানীখিনি বাৰে বাৰে সলাই লবি । বাচনকেইটা যা আকৌ ধুই আন, ইমান লেতেৰা হৈছে ধুৱা৷" এয়া তাৰ অভ্যস্ত হৈ গৈছে । কোনো প্ৰতিবাদ নকৰি মালিকনীৰ হুকুম সি প্ৰতিক্ষণ মানি গৈছে । কিন্তু তাৰ পঢ়া ? যি উদ্দেশ্য আগত লৈ সি হেজাৰ সপোন বুকুত বান্ধি এইখন ঘৰলৈ আহিছিল সেয়া কি হ'ব ? তাৰ কথাটো সুধিবলৈ মন যায় যদিও তাৰ সুধিব সাহস হোৱা নাই । বিভিন্ন চিন্তাৰ মাজত বুৰ গৈ থাকোতেই মালিকৰ জীয়েকজনী আহি তাৰ কোঠালিত সোমাল ।
" তুমি মোৰ কোঠালিলৈ কিয় আহিছা ৰিমলী ? তোমাৰ মাই দেখিলে খং কৰিব।" ভয়াতুৰ কণ্ঠে ৰতনে ৰিমলীক কথাষাৰ ক'লে৷
মা লগৰ কোনোবা আহিছে । মা এতিয়া সিহঁতৰ লগত আছে গ'ম নাপায় দিয়া । অ' ৰতনদা, তোমাৰ লগত বাৰু মোক কিয় মায়ে খেলিব নিদিয়ে ? মোৰ লগত তুমি থাকিলে মায়ে কিয় তোমাক খং কৰে ?
কাৰণ মই যে বাগানৰ ল'ৰা । মই যে কামকৰা ল'ৰা । সেইকাৰণে৷
তুমিনো কিয় কাম কৰা ? তুমি স্কুলত নপঢ়া কিয় ৰতন দা?
মোক তোমালোকৰ ঘৰলৈ পঢ়াম বুলি লৈ আহিছিল, কিন্তু এতিয়ালৈকে দেখোন স্কুলত নামেই লগাই দিয়া নাই৷
অ' ৰবা মনত পৰিছে, কালি দেউতাই মাক কৈ থকা শুনিছো তোমাক হেনো স্কুলত নাম লগাই দিব৷
কি, তুমি সঁচাই কৈছানে ৰিমলী? কথাষাৰ শুনিয়ে ৰতনে আনন্দত মতলীয়া হৈ ক'ব নোৱৰাকৈয়ে ৰিমলীৰ হাত এখন খামুচি ধৰিলে ৷
আঃ দুখ পাইছো৷ ৰিমলীয়ে দুখ পাইছোঁ বুলি কোৱাতহে ৰতনৰ গালৈ চেতন আহিল। সি তাইক ধৰি থকা হাতখন এৰি দিলে৷
ৰিমলীয়ে ৰতনৰ হাতখন পুনৰ টানি আনি চাই দেখে তাৰ গোটেই হাতৰ তলুৱাৰ অৱস্থা নাই । হাতখনৰ গোটেই ছালবোৰ এৰি আছে মাজে মাজে দুই এটা ঢোপ্ এতিয়াও ফুটিবলৈ বাকী । তাৰ লগতে আকৌ কেইবা ঠাইতো কটা দাগ। ৰিমলীয়ে তাৰ বাওঁহাতখনো টানি আনি চাই দেখে সেই একেই অৱস্থা । তাইৰ অকণমানি হৃদয়খন সেমেকি উঠিল আৰু ক'ব নোৱৰাকৈয়ে দুটোপাল লোতক বাগৰি আহি ৰতনৰ হাতত পৰিলহি৷
ৰতনে আচৰিত হৈ তাইক প্ৰশ্ন কৰিলে- " তুমি কিয় কান্দিছা ৰিমলী?"
ৰিমলীয়ে কিবা এষাৰ ক'ব খোজোতেই মাকৰ মাত শুনি তাই ৰতনৰ কাষৰ পৰা তৎক্ষণাত আঁতৰি আহিল৷ নহ'লে যে ৰতনে পুনৰ মাৰ খাব সেই কথা তাই ভালদৰে জানে৷
মনৰ এক অবুজ আনন্দত নিশা ৰতনৰ টোপনি অহা নাই। তাৰ কাণত যেন বাৰে বাৰে প্ৰতিধ্বনি হৈ আছে ৰিমলীয়ে কোৱা কথাষাৰ৷ বাঃ সি স্কুলত যাব৷ নতুন নতুন কিতাপ পঢ়িব । সি এদিন ডাঙৰ চাকৰি কৰিব । সি চাকৰি কৰিলেই সি আৰু মাকক কেতিয়াও বাগানত কাম কৰিব নিদিয়ে । তাৰ মাকে তেতিয়া কোনোদিনেই মেনেজাৰৰ কথা শুনিব লগা নহ'ব । মাকক সি ভাল ভাল বস্তু খোৱাব। এটা ধুনীয়া ঘৰ সাজিব সি । ভবিষ্যত জীৱনৰ ৰঙীন সপোনবোৰে আহি গোটেই নিশাটো তাৰ সৈতে লুকাভাকু খেলিলে। মানস পটত উজ্জ্বলিত হ'ল এগচি উদ্দীপ্ত প্ৰদীপ । আঃ কিযে মিঠা মিঠা সপোন তাৰ । কথাবোৰ ভাবি ভাবি শেষ নিশা কেতিয়ানো তাৰ টোপনি আহিল সি গমেই নাপালে ৷
পুৱা মালিকনীৰ কৰ্কশ মাতত সি সাৰ পাই কোনোমতে চকুদুটা টানি- টুনি মেলি চকুদুটা মোহাৰি মোহাৰি উঠি আহি কাম কৰাত লাগি গ'ল। তাৰ কামৰ অন্ত নাই । পুৱা চোতাল সাৰা, ঘৰ সাৰা, ঘৰ মচা, কাপোৰ ধুৱা আদি কাম কৰাৰ উপৰিও মালিকনীক পাকঘৰৰ কামতো সহায় কৰিব লাগে সি৷ নাই সি যিমানেই নকৰক কিয় তাৰ বিনিময়ত তেওঁলোকে তাক স্কুলত পঢ়ুৱাব গতিকে তাৰ কোনো আক্ষেপ নাই । তাৰ ভাগৰ লাগিলেও। হাত ফাটি তেজ ওলাই থাকিলেও সি কোনোদিনেই সেইবোৰলৈ ভ্ৰূক্ষেপ কৰা নাই । তাৰ লক্ষ্য আৰু উদ্দেশ্য এটা সি স্কুল যাব । সি পাকঘৰত কাম কৰি থকাৰ মাজতেই মালিকনীয়ে তাক ক'লে -
"স্কুলত তোৰ নাম লগোৱা হৈ গ'ল, কালিৰ পৰা তই স্কুলত যাব পাৰিবি।" মালিকনীৰ কথা শুনি সি যেন হাততে সৰগখনহে ঢুকি পালে । তাৰ মনটো আনন্দত নাচি উঠিল৷
আবেলি সময়ত কাম কৰি আজৰি হৈ ৰতনে আজি প্ৰথমবাৰ ঘৰৰ পৰা ওলাই গৈ কিছু দূৰত খেলি থকা ল'ৰা কেইটামানৰ ওচৰ পালেগৈ৷ সি যোৱাত সিহঁতে তাকো খেলিব দিলে । তাৰ বৰ ভাল লাগিল৷ ঘৰৰ পৰা অহাৰ পাছত সি আজিলৈকে খেলাই নাই । আনন্দত মতলীয়া হৈ সি খেলিব লৈছে মাত্ৰ, তেনেতে মালিকনীয়ে তাক মাত দিয়াত সি একেকোবেই দৌৰি আহি ঘৰ পালেহি । ঘৰ পোৱা মাত্ৰকেই কোনো সোধ পোচ নোহোৱাকৈ মালিকনীয়ে তাক বৰ বেয়াকৈ মাৰিলে । "আজিৰ পৰা যদি খেলিব যাৱ কথা বেয়া হ'ব কিন্তু৷" দাঁত কৰচি কথাষাৰ কৈ মালিকনী তাৰ কাষৰ পৰা আঁতৰি গ'ল। তাক আজি ইমানকৈ মাৰিলে মালিকনীয়ে, সিনো ইমান ডাঙৰ অপৰাধ কৰিলেনে ? তাৰ মাকলৈ বৰকৈ মনত পৰিল আৰু সি কান্দি কান্দি বাহিৰৰ চকি খনতে বহি থাকিল৷
ৰতনৰ স্কুলত যোৱা আজি দুমাহে হ'ল৷ পৰীক্ষাও পালেহি, কিন্তু সি দেখোন এতিয়ালৈকে পঢ়াই নাই । কিতাপৰ বেগটো নিতৌ পিঠিত ভাৰ বান্ধি নিছে আৰু আনিছে। পুৱা ৰিমলীৰ দৰে তাৰো অকনমান পঢ়িব মন যায়, কিন্তু সি দেখোন কামবোৰ কৰি থাকোতেই যায় । স্কুল যোৱা হেঁপাহতে সি আজি কালি ভালকৈ পুহৰ নহওঁতেই বিছনা এৰে, নহ'লে সকলো কাম সম্পূৰ্ণ নকৰিলে স্কুললৈ যোৱাটো সেইদিনা তাৰ বন্ধ হৈ পৰে । স্কুলৰ পৰা অহি পুনৰ কামবোৰ কৰিব লাগে নিশা বিছনা নোলোৱা লৈকে। নিশা ভাত কেইটা খাই উঠাৰ পাছতেই ভাগৰে তাক হেঁচা মাৰি ধৰে৷ সেই কনমান দেহাটোৰেনো সি আৰু কিমান বোজা বব?
সময় বাগৰাৰ লগে লগে তাৰ প্ৰতি মালিকনীৰ কঠিনতাও বৃদ্ধি পাব ধৰিলে । প্ৰতিটো কথাতে গালিটো বাদেই চৰটো ঘোচাটো নামাৰিলে যেন তেওঁৰ শান্তি নালাগে৷ আজি যেন তাৰ এক চূড়ান্ত সীমা পাৰ কৰিলে৷
"ঐ, তই কিয় কান্দি আছ ? কি হ'ল তোৰ? মেমচাহাবে আজি বেছিকৈ গালি দিলে নেকি?" অফিচৰ পৰা আহি মালিকে তাক কান্দি থকা দেখি কথাষাৰ সুধিলে । সি মুখেৰে একো নামাতি মালিকৰ সন্মুখত তাৰ হাতখন দাঙি ধৰিলে৷
তাৰ হাতখন দেখি মালিকজন উচপ খাই উঠিল । "অ' তোৰ হাতখন সেয়া কি হ'ল ?"
মেমচাহাবে গৰম গাখীৰখিনি মোৰ হাতত ঢালি দিলে । কথাষাৰ কৈ সি হুক হুক কৈ কান্দি উঠিল৷
"ইচ ৰাম, অ'ৰা, চাওঁ এইপিনে আহা ।" গিৰিয়েকৰ মাত শুনি ঘৈনীয়েক আহি সিহঁতৰ ওচৰ পালেহি৷
"কিনো হ'ল ইমান উধাতু খাই মাতিছে যে?" ঘৈনীয়েকে সুধিলে৷
"এয়া কি কৰিলা তুমি ?" গিৰিয়েকে অলপ টান সুৰতে কথাষাৰ সুধিলে৷
"হে হৰি, এই অকনমান কথাটোতে আপুনি ইমানকৈ চিঞৰ বাখৰ লগাব লাগেনে ? মই কি কৰিলোঁ হয়নে ? তাক গাখীৰকণ উতলাব দিলোঁ । সি কনাই গাখীৰ উতলি যে পৰি আছে গমেই নাপাই । পালে নহয় মজাতো৷ এইবোৰ কামকৰা ল'ৰা- ছোৱালীক কেতিয়াও মৰম কৰিব নাপায় । লাই দিলে ইহঁতে মূূূূৰৰ ওপৰত উঠে । ইয়াক উচিত শাস্তি নিদিলে সি একেটা ভুল কালিলৈ আকৌ কৰিব?" কথাখিনি বকবকাই মালিকনী আতৰি গ'ল । যেন সেয়া তেনেই এক নগন্য কথা । মালিকজনে তাৰ বিপৰীতে তাৰ হাতখনত আলফোলেৰে নিজৰ হাতত তুলি লৈ অলপ মলম লগাই দিলে৷
পুৱা মালিকনীৰ মূৰত বজ্ৰপাত পৰিল । গোটেই ঘৰে -বাহিৰে বিচাৰি ৰতনৰ কোনো সাৰ -সুৰ নাপালে । " হে হৰি এইটো গ'ল কলৈ ? ঘৰৰ কামবোৰ এতিয়া কৰিব কোনে ? " কথাষাৰ কৈ মালিকনীয়ে মুৰে কপালে হাত দি বহি পৰিল৷
"মা, ৰতনদা গ'ল ক'লৈ? তাক তুমি সদাই ইমান খং কৰা, ইমান মাৰা, তাকচোন তুমি পঢ়িবকে নিদিয়া, খালি কামে কৰি থাকে কামেই কৰি থাকে সি । মা তুমি দুখ কৰিব নালাগে, মই তোমাক কাম কৰি দিম ব'লা ।" জীয়েকৰ কথা শুনি মাকৰ চকু কপালত উঠিল । জীয়েকৰ হাতখন খামুচি ধৰি মাকে ক'লে -
"এয়া তুমি কি কৈছা মাজনী, তুমি কাম কৰিবা আৰু এই মৰম লগা অকনমান হাত দুখনেৰে । তেনে কথা আৰু কেতিয়াও নকবা দেই । তুমি এইখন হাতেৰে পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ব লাগিব বুজিছা ।"
"হয়নে, এই একেটা কথা ৰতনৰ ক্ষেত্ৰতো যদি এবাৰ ভাবিলা হয় ? ঘৰত মাকক মই পঢ়াম বুলি কথা দি আনিছিলোঁ । তাৰ হাতখনো তোমাৰ ছোৱালীৰ দৰেই বৰ কোমল আৰু মৰম লগাই আছিল বুজিছা । এজনী নাৰী হৈ তুমি কেনেকৈ ইমান কঠোৰ হ'ব পাৰিলা মই বুজি নাপালোঁ । এতিয়া সি গ'ল বা কলৈ । তাক পঢ়ুৱাব আনি এজন শ্ৰমিক বনাই পেলালা । ভগৱান নকৰক কেনেবাকৈ এটা শিশুক শ্ৰমিক বনোৱা অপৰাধত জেললৈ যাব লগা নহ'লেহে ৰক্ষা৷ ক'ত বিচাৰো মই এতিয়া তাক ।" কথাখিনি শেষ কৰি তেওঁ গাড়ীখন লৈ ওলাই গ'ল৷ কিছুদূৰ গাড়ীখন যোৱা পাছত ৰাস্তাৰ কাষত কিছুমান মানুহৰ জুম দেখি তেওঁৰ বুকুৰ আগেৰে যেন জীৱটো গ'ল৷ গাড়ীৰখন ৰাখি তেওঁ মানুহৰ জুমটোৰ ফালে আগবাঢ়িল আৰু তেওঁৰ কল্পনাৰ অগোচৰ সেই ভংয়কৰ দৃশ্য দেখি অবাক দৃষ্টিৰে একেথৰে চাই থাকিল৷
ঠিকনাঃ নগাওঁঁ, অসম








