ম'বাইল টিপা টিপি কৰি সময় পাৰ কৰা ল'ৰা বুলি তাৰ এটা বদনাম আছে। পিছে ম'বাইল টিপি ফেচবুক চাই 'লাইক' 'কমেণ্ট' কৰি সময় পাৰ কৰা ল'ৰা সি নহয়। সি কামৰ বস্তু চাই ম'বাইলত। গুগলত নজনা কথা চাৰ্ছ কৰি পঢ়ে, ইউ টিউবত নতুন গীত চাই, নতুন চিনেমাৰ trailer চাই, দৈনিক অসমীয়া বাতৰি কাকত কেইখনমান উলিয়াই পঢ়ে, কেতিয়াবা দুই এটা ভাল চাকৰিৰ সন্ধান পালে চাকৰিকেইটাৰ apply কৰে। কেইবাটাও সাহিত্য পৰ্টেললৈ কবিতা লিখে। পদাৰ্থ বিজ্ঞানৰ দৰে কঠিন বিষয়ৰ মেজৰৰ পঢ়া শুনাতো আছেই। তাৰ ফেচবুক একাউণ্ট এটাও আছে। অৱশ্যে, বন্ধুৰ সংখ্যা তাৰ পাঁচ হেজাৰৰো অধিক। পিছে নতুনতে ফেচবুকত পোষ্ট দিবলৈ তাৰ বৰ ইচ্ছা গৈছিল। সি এক প্ৰকাৰ 'এডিকট' হৈছিল ফেচবুকৰ। পোষ্টবোৰ দিয়াৰ পিছত তাৰ 'ৰিপ্লাই' চাবলৈ মাজৰাতিও ম'বাইলটোলৈ চাইছিল সি। যেতিয়াৰ পৰা সি গম পালে যে ডেকা বয়সৰ এচামে এইটোকে লৈ ভীষণভাৱে, অপ্ৰয়োজনীয়তাৰে 'বিজি' থাকে, পোষ্ট এটা নপঢ়াকৈও "লাইক" এণ্ড কমেণ্ট কৰা দেখে, হোৱাই নোহোৱাই পাতল বিষয়ৰো চৰ্চা কৰা বুলি জানিলে, তেতিয়াৰ পৰা বাদ দিলে সি এই অভ্যাসটো। আনকি পোষ্ট এটা দি উঠি মেছেনজাৰত বন্ধু মহললৈ ফোন কৰিও পোষ্টটোৰ কমেণ্ট দাবী কৰাৰ কথা যেতিয়া সি জানিলে তেতিয়া তাৰ নিজকে বিতৃষ্ণা লাগিল। ডেকা বয়সৰ আত্মপ্ৰকাশৰ মাধ্যমহে তাৰ মানে ফেচবুক -সি ভাবিবলৈ ধৰিলে। কিন্তু ফেচবুকৰ ভাল ইতিবাচক ঢেৰ শক্তি আছে। কেৱল আমিহে তাৰ ব্যৱহাৰ নকৰো। গা ধুবলৈ যাওঁতে একপি, গা ধুই উঠি একপি, মুখত ক্ৰিম সানি লৈ একপি ফটো উঠি আটাইকেইখন ফটো ফেচবুকত বন্ধুমহললৈ এৰি দিয়া কলেজীয়া দিক্ষাৰাণীৰ কথাও সি জানে। তাইক কলেজত দেখিয়েই তাৰ গা বিছাই ডকাদি ডাকে। নিজকে দিক্ষাৰাণীয়ে পৰমা সুন্দৰী বুলি ভাৱে। মদনপুৰ নিবাসী কাৰ্যবাহী অভিযন্তা মিহিৰজোতি বৰুৱাৰ ছোৱালী তাই। দিক্ষাৰাণীহঁতৰ টকা পইচাৰ অভাৱ নাই। মাৰছিদিজত উঠি কলেজলৈ আহে, ক্লাছ নকৰি বেলেগ বেলেগ ল'ৰাৰ লগত কেনটিনত আই ফোনটোতে হাঁহি মাতি পাতল কথা কিছুৰে সময় কটাই দিনৰ দুই বজাত কলেজৰ পৰা সদায়ে যায়গৈ। যেতিয়াই দিক্ষাৰাণীৰ ফেছবুক পোষ্ট পাব ধৰিলে তেতিয়াৰ পৰা ফেচবুক বুলিলে 'এলাৰ্জি' হোৱা হ'ল তাৰ। সি ভাৱে সকলো কথাকেই ৰাজহুৱা কৰিব ইচ্ছা কৰে আজিকালি বহু বন্ধুৱে। কিন্তু জীৱনৰ বাস্তৱ অভিজ্ঞতাখিনিৰ চেঞ্চৰ কৰিহে যে প্ৰকাশ কৰাটো বৰ দৰকাৰী আজিকালি সেয়া নুবুজে বহুতে। কিন্তু আজিকালিৰ মানুহে সকলোবোৰৰে হুবহু প্ৰকাশ বিচাৰে। সি অলপ আগ পিছ চিন্তা কৰা বিধৰ মানুহ। গতিকে সি ফেচবুক চাই, আজিকালি কোনো কমেণ্ট নকৰে।
কিছুদিনৰ পৰা কলেজত তাক মিছাকে বদনামৰ ভাগী কৰা হৈছে। কোনোবাই তাক কৈছে 'ম'বাইল পোক'।কোনোবাই আকৌ কৈছে: ম'বাইল মাষ্টৰ বুলি। কথাষাৰ কিছু ক্ষেত্ৰত নোহোৱাও নহয়। বিভিন্নজনৰ ম'বাইলৰ বিবিধ সমস্যা সি সহৃদয়তাৰে সমাধান কৰি দিছে। তাৰ দৃষ্টিত এয়া সহায়-উপকাৰ। কাৰোবাৰ যদি ডাটা অন থাকিও নেট অহা নাই, দুটা ছিম থকাৰ পিছতো (নে'টৱৰ্ক দেখোৱাৰ পিছতো) এটা ছিমেৰেও ফোনো নাযায় তেতিয়া সকলোৰে মনত পৰে মাধৱজ্যোতিলৈ। কেতিয়াবা কাৰোবাৰ আকৌ মেছেজেই যদি নাযায়, স্পেছ থাকিও এপচ্ এটা ডাউনল'ড হোৱা নাই, যোৱাকালিৰ পৰা ম'বাইলটো হেং মাৰি আছে। বিতৃষ্ণা জাগি আফলিয়াবলৈ মন যায় তেতিয়া শেষ ভৰষা হিচাপে সকলোৱে এবাৰ তাৰ নাম লয়। মুঠতে, ম'বাইল বিষয়ত কিবা এটা সমস্যা পালেই কলেজখনত সকলোৰে মুখত এটাই নাম মাধৱজ্যোতি। জনাখিনিৰে বিনামূল্যে সেই সমস্যাবোৰ চায়ো দিয়ে সি। বন্ধু মহলত হেলাৰঙে এইবোৰ সমস্যা তৎকালিনভাৱে সমাধান কৰি দিয়াৰ বাবে "ম'বাইল ডক্টৰ" বুলিও তাৰ এটা উপনাম আছে কলেজখনত। সি ধুনীয়া কবিতাও লিখে। কেইবাটাও সাহিত্য পৰ্টেলত জনপ্ৰিয় তাৰ আবেগিক কবিতাবোৰ। বৰ্ণিল, সুবাস, আখৰুৱা, অসমীয়া কথা বতৰা আদিত তাৰ কবিতা এতিয়া জনপ্ৰিয়। মুখে মুখে মাধৱজ্যোতিৰ নাম। এক কথাত সি কলেজত পঢ়ি থাকোতেই জনপ্ৰিয় কবি হৈছে । ডেকা ল'ৰা ছোৱালীৰ মাজত তাৰ এতিয়া বিৰাট 'ডিমাণ্ড'। "ঢৌখেলা চুলিৰ কাঞ্চনজংঘা তুমি" কবিতাৰ বাবে কলেজ সপ্তাহত পুৰস্কৃতও হৈছে সি এইবাৰ। পদাৰ্থ বিজ্ঞানত মেজৰ লৈ বি এছ চি ফৰ্থ ছেমত পঢ়ি থাকিও আচৰিত ধৰণে শব্দ সংযোজনাৰে লিখে তাৰ কবিতাবোৰ।
পিছে এইগৰাকী মাধৱজ্যোতি যোৱাকালিৰ পৰা মনটো বেয়া হৈছে। নিজকে পৰমা সুন্দৰী বুলি ভবা ধনীৰ দুলালী দিক্ষাৰাণীয়ে হেনো অপেনলি ফেচবুকত পোষ্ট দিছে "মাধৱজ্যোতি দু ইউ লাভ মি?"।
মাধৱজ্যোতি কেনটিনলৈ গৈ লগৰীয়া যোগানন, কন্দৰ্পহঁতৰ আগত কৈ গ'ল: "পাৰচনেলি দিক্ষাৰাণীয়ে মোক লগ ধৰি কথাষাৰ ক'লেও হ'লহেঁতেন। বেয়া নাপালোহেঁতন মই। যথাযথ উত্তৰ পাই গ'লহেঁতেন তেওঁ। কিন্তু, এনেদৰে ছ'ছিয়েল মেডিয়াত নিজৰ বক্তিগত কথাটো ৰাজহুৱা কৰাত মোৰ মনত বহু কথাই খেলালে। ধনী মানুহৰ ইমান স্বাধীনতানে? আত্ম সন্মানৰ কথাও আছে। তাতে প্ৰেমৰ দৰে বিষয় এটাৰ ৰাজহুৱাকৰণ"।
এক কথাত, ছ'ছিয়েল মেডিয়াৰ মহান শক্তিক দিক্ষাৰাণীয়ে অপপ্ৰয়োগ কৰা দেখি মাধৱজ্যোতি আজি খুবেই হতভম্ব। সি ভাবিলে: সকলো কথাই ৰাজহুৱা কিয়? বক্তিগত সুখ দুখ আৱেগ- অনুভূতিৰ কথাও এনেদৰে ৰাজহুৱা কৰাটোৱে বক্তিগতভাৱেও মানুহক প্ৰভাৱিত কৰিব পাৰে। ছ'ছিয়েল ইমেজতো আঘাত হানে! মাধৱজ্যোতিয়ে কাইলৈ দিক্ষাৰাণীক লগ ধৰি কথাখিনি বুজাই কম বুলি ভাবিলে।
সি মনতে কি ক'ব জুকিয়াই থাকিল।








