শিক্ষা হৈছে এক জীৱন যোৰা প্ৰক্ৰিয়া, ই ব্যক্তিৰ জন্মৰ মুহূৰ্তৰ পৰা মৃত্যুৰ প্ৰাকমুহূৰ্ত লৈকে নিৰৱচ্ছিন্ন ভাৱে চলি থাকে৷ শিক্ষাই ব্যক্তি জীৱনক পূৰ্ণতা প্ৰদান কৰে৷ শিক্ষাৰ দ্বাৰা শিশুৰ জৈৱিক প্ৰবৃত্তি সংশোধন কৰি উন্নত আচৰণ লাভ কৰাই শিশুক দেশৰ সুনাগৰিক হিচাপে গঢ়ি দি তুলিব পাৰি৷ শিক্ষা হ'ল শিশুৰ সৰ্বাংগীণ দিশৰ বিকাশ৷ এই ক্ষেত্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ মতে, "শিক্ষা দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক, নৈতিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো৷" অৰ্থাৎ শিক্ষাই শিশুৰ সৰ্বাংগীণ দিশৰ বিকাশ ঘটাব পাৰিব লাগিব৷
বৰ্তমান সময়ত এখন দেশৰ নাগৰিকৰ বিভিন্ন অধিকাৰৰ লগতে শিক্ষাকো এক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয়৷ বিশেষকৈ আমাৰ দেশ ভাৰতবৰ্ষত ভাৰতীয় সংবিধানে শিক্ষাক শিশুৰ জন্মগত অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷
শিশু বা শিক্ষাৰ্থীৰ উত্তৰণত বা সৰ্বাংগীণ দিশৰ বিকাশত কৰ্মশিক্ষাৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে৷ সাধাৰণ অৰ্থত কৰ্মৰ লগত জড়িত হৈ অভিজ্ঞতাৰে পৰিপুষ্ট হোৱা শিক্ষাকে কৰ্মশিক্ষা বুলিব পাৰি৷ কৰ্মশিক্ষা আৰু কৰ্মঅভিজ্ঞতাৰ দ্বাৰা শিক্ষাৰ্থীয়ে নিজৰ সৃজনীমূলক প্ৰতিভা সমূহৰ প্ৰকাশ আৰু বিকাশৰ সুবিধা পায়৷ কোঠাৰী আয়োগে (১৯৬৪- ৬৬) ছাত্ৰ- ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰা সৃজনীমূলক প্ৰতিভা বিকাশৰ লগত উৎপাদনমুখী কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল কৰাৰ ওপৰত গুৰুত্ব দি বিদ্যালয়সমূহত কৰ্ম অভিজ্ঞতাৰ বিষয়টো অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল আৰু বিদ্যালয়ৰ সকলো স্তৰতে ইয়াক কাৰ্যকৰী কৰাৰ বাবে গুৰুত্ব দিছিল৷ কৰ্মশিক্ষা আৰু কৰ্মঅভিজ্ঞতাৰ দ্বাৰা শ্ৰমৰ মৰ্য্যদা আৰু গুৰুত্ব বুজি শিক্ষাৰ্থীয়ে নিজৰ জীৱনক উপলব্ধি কৰি জীৱনৰ গুৰুত্ব লাভ কৰি উঠিব পাৰিব৷
বৰ্তমান সময়ত বিদ্যালয় সমূহত আন বিষয়ৰ লগতে 'কৰ্মশিক্ষা' বিষয়টোও বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে যাক "কলা আৰু সৃজনীমূলক শিক্ষা" নামেৰে জনা যায়৷ বিদ্যালয়ত কৰ্মশিক্ষা আৰু কৰ্ম অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থী সকলক কিছুমান হাতৰ কাম শিকোৱা হয়৷ যেনে- দাস্তা, উলগোঁঠা, চিলাই কৰা, পুতলা প্ৰস্তুত কৰা, ফুল বনোৱা, আচাৰ বনোৱা, কিছুমান বাঁহ বেতৰ কাম যেনে- বিচনী, ডলা, চালনীী আদি বনাবলৈ শিকোৱা হয় আৰু শেষত কৰ্মঅভিজ্ঞতাৰূপে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি শিক্ষাৰ্থীক সেইবোৰ জমা দিবলৈ কোৱা হয়৷ বিদ্যালয়ত এই বিষয়টো শিক্ষাদান দিবলৈ উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ শিক্ষকৰ প্ৰয়োজন৷ কিন্তু বৰ্তমান বিদ্যালয় সমূহত প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ শিক্ষক নিয়োগ নোহোৱাৰ বাবে বিদ্যালয় সমূহত শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ "কৰ্মশিক্ষা" বিষয়টোক অনিত প্ৰদান কৰা হয়
বিদ্যালয়ক "কৰ্মশিক্ষা" বিষয়টোৰ দ্বাৰা শিক্ষাৰ্থীক হাতৰ কামৰ শিক্ষা প্ৰদান কৰি তেওঁলোকক ভৱিষ্যতৰ বাবে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰি৷ কৰ্ম অভিজ্ঞতাই শিক্ষাৰ্থীৰ মনত কাম কৰাৰ আনন্দ, জ্ঞান প্ৰদানৰ লগতে আজৰি সময়ৰ সদ ব্যৱহাৰৰ শিক্ষাও প্ৰদান কৰে৷ কৰ্মশিক্ষা আৰু কৰ্মঅভিজ্ঞতা বিষয়টোৰ জৰিয়তে শিক্ষা লাভ কৰি শিক্ষাৰ্থীসকলে শ্ৰমৰ গুৰুত্ব আৰু মৰ্য্যদা লাভ কৰিব পাৰে৷ সকলো শ্ৰম আৰু শ্ৰমিকক সন্মান প্ৰদানৰ লগতে ব্যক্তিৰ জীৱনত শ্ৰমৰ গুৰুত্বতা সম্বন্ধেও শিক্ষা লাভ কৰিব পাৰে৷
বিদ্যালয়ত শিক্ষকে, ঘৰত অভিভাৱকে শিক্ষাৰ্থীক সৰুৰে পৰা কিছুমান সৰু সুৰা কামত জড়িত কৰি কৰ্ম সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিলে শিক্ষাৰ্থীয়ে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পাৰিব৷ বিদ্যালয় সমূহত "কৰ্মশিক্ষা" আৰু কৰ্ম অভিজ্ঞতা বিষয়টোক গুৰুত্ব প্ৰদান কৰিলে শিক্ষক সকলে সম্পূৰ্ণ আন্তৰিকতাৰে, নিস্বাৰ্থভাৱে শিক্ষাৰ্থী সকলক শিক্ষা প্ৰদান কৰিলে ভৱিষ্যতে ছাত্ৰ- ছাত্ৰী সকলে কেতিয়াও নিষ্ক্ৰৰ্মা হৈ থাকিবলগা অৱস্থা নহয়, নিবনুৱা সমস্যাত ভুগিব নালাগে৷ তেওঁলোকে বিদ্যালয়ত শিকা হাতৰ কামবোৰৰ দ্বাৰা নিজৰ জীৱিকা নিৰ্বাহৰ পথটো নিজে বাছি লৈ স্বাৱলম্বী, আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিব পাৰিব আৰু দেশৰ নিবনুৱা সমস্যা সমাধানত কিছু হ'লেও বৰঙণি যোগাই দেশৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰিব৷
ঠিকনাঃ ৰহমৰীয়া








