ফাগুনী ...✍ দীপিকা দত্ত

ফাগুনী তই অহাৰ বাটত সিঁচি লি
সাতোৰঙী ৰঙৰে বুলনি
সৰা পাতে দিছিল
তই অহাৰ বতৰা,
পচোৱা এছাটিৰ সুগন্ধিয়ে
দি গ’ল--
ফাগুনীৰ অলীয়া- বলীয়া
বতাহৰ উমান।
ধূলিয়ৰি হৈও আঁকিলি
একোখন ৰঙীন কেনভাছ।
পলাশে হাঁহিছে,
মদাৰে ৰঁচিছে সপোন
শিমলুৰ আকলুৱা ক’লিয়ে
মেলিছে চকু।
আজাৰৰ লঠঙা ডালতো
আছে সুকীয়া আমেজ।
চৌপাশৰ নিভাঁজ আভৰণে
সলাইছে বৰণ।
ৰঁচিছে সপোন হেপাহঁৰ।

ফাগুনী তই অহাৰ বাটত
সংগোপনে আঁকিলি
একোখন ৰঙীন কেনভাছ ৷