তুমি ধুনীয়া বাবেই ...✍ লাচিত কুমাৰ দাস

তুমি ধুনীয়া বাবেই
চহৰখন ব্যস্ত হৈ পৰা নাছিল
যিদৰে ব্যস্ত হৈ পৰিছিল মোৰ কলিজাৰ স্পন্দন

তুমি ধুনীয়া বাবেই
বতাহে থমকি ৰোৱা নাছিল
যিদৰে হঠাতে ৰৈ গৈছিল মোৰ উশাহ

তুমি ধুনীয়া বাবেই
নিসংগতা মোৰ প্ৰিয় হৈ পৰিছিল

তুমি ধুনীয়া বাবেই
নিয়ৰৰ আলিঙ্গন ভালপাবলৈ শিকিছিলো
শাৰদী জোনৰ উমাল পৰশ ল'বলৈ শিকিছিলো

তুমি ধুনীয়া বাবেই
আকাশৰ পৰা সৰা এপাহি ফুল
বুকুতে সংগোপনে সাঁচি ৰাখিছিলো
এটি প্ৰেমৰ দিনৰ অপেক্ষাত

তুমি ধুনীয়া বাবেই
আজি মই পথৰ প্ৰেমিক পুৰষ ৷