তোমালৈ এটি কলিজা পঠিয়াইছোঁ
বজাৰৰ পৰা কিনা
তোমাৰ তেজাল ওঁঠ দুটিৰ দৰেই ৰঙা
স্বাৰ্থপৰ বুলি নক'বা মোক
মোৰ কলিজা পঠিয়ালে
তোমাক যে অনুভৱ কৰিব নোৱাৰিম!
ভৰ জোনাক নিশা পূৰ্ণিমাৰ জোনটিত
তোমাক বিচাৰিব নোৱাৰিম!
মন কঁহুৱাৰ দৰে পাতল কৰি
নীল আকাশৰ বগা ডাৱৰৰ আঁৰে-আঁৰে
তোমাৰ স'তে লুকা-ভাকু খেলিব নোৱাৰিম!
স্বাৰ্থপৰ বুলি নকবা মোক
মোৰ কলিজা পঠিয়ালে
তোমাৰ কাজল সনা চকু দুটিয়ে
কঁপাই নুতুলিব যে আৰু মোৰ দেহা!
এজাক বৰষুণৰ পিছৰ মিঠা ৰ'দত
দূৰৈৰ নীল আকাশত
মোৰ কল্পনা উৰি গৈ তোমাৰ বাবে
নাসাজিব ৰামধেনু সাতোৰঙে ভৰা
স্বাৰ্থপৰ বুলি নক'বা মোক
মোৰ কলিজা পঠিয়ালে
বতাহত উৰি ফুৰা
তোমাৰ চুলিটাৰিৰ স'তে তাল মিলাই
উৰি নুফুৰিব মোৰ মন
তোমাৰ দেহৰ সুগন্ধিয়ে আৰু
মতলীয়া নকৰিব এই মন
তোমাৰ হাঁহিতেই মোৰ কলিজাৰ পৰা
ফুলৰ পাহিৰ দৰে সপোন সৰি পৰে
মজিয়াত দলিচা সাজে
তোমাৰ ভৰিৰ কোমল খোজলৈ
আৱেগেৰে অপেক্ষা কৰে
তোমালৈ এটি কলিজা পঠিয়াইছোঁ
বজাৰৰ পৰা কিনা
তোমাৰ তেজাল ওঁঠ দুটিৰ দৰেই ৰঙা
ইয়াক সযতনে ৰাখিবা
হয়তো কেতিয়াবা
অকলশৰীয়া নিজম নিশা
ইয়াতেই মোৰ জীয়া কলিজাৰ
স্পন্দন শুনা পাবা
প্ৰিয়তমা, প্ৰিয়তমা প্ৰিয়তমা ৷
ঠিকনাঃ বাংগালুৰু
☎- 8130630133
বজাৰৰ পৰা কিনা
তোমাৰ তেজাল ওঁঠ দুটিৰ দৰেই ৰঙা
স্বাৰ্থপৰ বুলি নক'বা মোক
মোৰ কলিজা পঠিয়ালে
তোমাক যে অনুভৱ কৰিব নোৱাৰিম!
ভৰ জোনাক নিশা পূৰ্ণিমাৰ জোনটিত
তোমাক বিচাৰিব নোৱাৰিম!
মন কঁহুৱাৰ দৰে পাতল কৰি
নীল আকাশৰ বগা ডাৱৰৰ আঁৰে-আঁৰে
তোমাৰ স'তে লুকা-ভাকু খেলিব নোৱাৰিম!
স্বাৰ্থপৰ বুলি নকবা মোক
মোৰ কলিজা পঠিয়ালে
তোমাৰ কাজল সনা চকু দুটিয়ে
কঁপাই নুতুলিব যে আৰু মোৰ দেহা!
এজাক বৰষুণৰ পিছৰ মিঠা ৰ'দত
দূৰৈৰ নীল আকাশত
মোৰ কল্পনা উৰি গৈ তোমাৰ বাবে
নাসাজিব ৰামধেনু সাতোৰঙে ভৰা
স্বাৰ্থপৰ বুলি নক'বা মোক
মোৰ কলিজা পঠিয়ালে
বতাহত উৰি ফুৰা
তোমাৰ চুলিটাৰিৰ স'তে তাল মিলাই
উৰি নুফুৰিব মোৰ মন
তোমাৰ দেহৰ সুগন্ধিয়ে আৰু
মতলীয়া নকৰিব এই মন
তোমাৰ হাঁহিতেই মোৰ কলিজাৰ পৰা
ফুলৰ পাহিৰ দৰে সপোন সৰি পৰে
মজিয়াত দলিচা সাজে
তোমাৰ ভৰিৰ কোমল খোজলৈ
আৱেগেৰে অপেক্ষা কৰে
তোমালৈ এটি কলিজা পঠিয়াইছোঁ
বজাৰৰ পৰা কিনা
তোমাৰ তেজাল ওঁঠ দুটিৰ দৰেই ৰঙা
ইয়াক সযতনে ৰাখিবা
হয়তো কেতিয়াবা
অকলশৰীয়া নিজম নিশা
ইয়াতেই মোৰ জীয়া কলিজাৰ
স্পন্দন শুনা পাবা
প্ৰিয়তমা, প্ৰিয়তমা প্ৰিয়তমা ৷
ঠিকনাঃ বাংগালুৰু
☎- 8130630133








