জীৱন ...✍ জুৰি ভৰালী

সময় হেৰায় সময়ৰ বুকুতে
ন ঠিকনা লৈ ৰৈ থাকে জীৱন

বলুকাই বেছি দিনলৈ
ধৰি ৰাখিব নোৱাৰে
স্মৃতিৰ ছাপ
পুৰণিক পাহৰি নতুনক
ঠাই দিয়ে বুকুত

পিছলৈ চাই চাই খোজ দিওঁতেই
উজুটি খাওঁ সমুখৰ বাটত

সময়ে লুটিয়াই গৈ থাকে
জীৱনৰ এটি এটি পৃষ্ঠা
কোনো পৃষ্ঠাত সুখৰ আবিৰ সানি
কোনো পৃষ্ঠাত বিষাদৰ ক'লাবোৰ আঁকি

তথাপিও বাট চাওঁ অনাগত পৃষ্ঠাটিলৈ

গৈ থকাৰ নামেই জীৱন
বৈ থকাৰ নামেই নৈ

অৱসাদে আৱৰিলেও জিৰাব নোৱাৰে জীৱনে
সময়ে যে লগতে লৈ আগবাঢ়ে জীৱনক।