নীলা খামৰ চিঠি ✍ কবিতা চৌধুৰী

হিয়াৰ প্ৰতিটো কোষত
শিপাই আছে তোমাৰ ভালপোৱা
আৱৰণ খুলিলে বাঢ়ি আহে
ৰম মৰম আৰু মৰম

মোৰ হৃদয়ৰ প্ৰতিটো কোণত, দেহৰ প্ৰতিডাল সিৰা- উপসিৰাত অনুভৱিত  "তুমি"

মৰমৰ,
আঘোণৰ পথাৰৰ হালধীয়া নাচোনৰ দৰে মোৰো মন আজি উদ্বালিত হৈছে তোমাৰ মৰমত । আকাশৰ নীলাখিনিলৈ চাই ভাৱনাৰ জিলিকনিত জিলিকি উঠিছে মোৰ সমস্ত আৱেগ । ভালপোৱাৰ যে ইমান শক্তি, ইমান নিচা । সুৰাৰ ৰাগীত উন্মত্ত ব্যক্তিৰ গোলাপী নিচাত উটি ভাঁহি যোৱাৰ দৰে । আহ্ঃ মৰম

স্মৃতিৰ পটত তুমি  দিয়া ৰঙা মেখেলা- চা- দৰ যোৰ এইবাৰ সৰস্বতী পূজাত পিন্ধিছিলো তুমি ফটোত দেখিছা ন ? সকলোৱে ইমান ভাল লগা বুলি কৈছে নহয় মই যেন অবুজ আনন্দত শিঁহৰিত হৈ উঠিছো ৷

 বহু কথা জমা হৈ আছে- কিন্তু কি লিখো । হিয়া ভৰি আছে তোমাৰ কথা ভাবি কিন্তু কলম স্তব্ধ হৈ পৰিছে তোমাৰ ভাৱনাত দগ্ধ মই

কি লিখিম- ভাবিব নোৱাৰো হৈ পৰিছো
উফ্ !  খুব কষ্ট !
আৰু লিখিব নোৱাৰো মই

প্ৰান্তত
তোমাৰ মৰমত আকাশ চুব খোজা মই