আৱেগে যেন ৰুদ্ধ কৰি পেলাব ৰচকী বাইৰ কণ্ঠ... ভাষাবোৰ হেৰাই গৈছিল তেওঁৰ ৷ মাথোঁ পাৰ্থক চাইছিল হেঁপাহ পলুৱাই, গালে মুখে হাত ফুৰাইছিল... আজিৰ পৰা ২৫ বছৰ পূৰ্বে তেওঁৰ কোলাতেই উমলা ল'ৰাটোৱে আজি তেওঁক বিচাৰি আহিছে ৷ এমুঠি সুখেও খলকনি লগালে বাইৰ বুকুত ৷
পাৰ্থ মাথোঁ স্থবিৰ হৈ ৰ'ল ৷ বাইক কি ক'ব সি, এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, ভাবি নাপালে।মিলন খুৰায়ো হতবাক হৈ চাই ৰ'ল ৷ বুজা হোৱাৰ পৰা তেওঁ দেখিছে ৰচকী বাই কিদৰে অৱহেলিত গাওঁখনত।তেওঁৰ কোনো আত্মীয় নাই বুলিয়েই ধাৰণা কৰিছিল তেওঁলোকে, বুলবুলিৰ অবিহনে।
কিন্তু পাৰ্থৰ সৈ'তে ৰচকী বাইৰ এনে কি সম্পৰ্ক যে ইমান আৱেগিক হৈ পৰিছে দুয়ো ৷ পাৰ্থৰ মনত হাজাৰ প্ৰশ্নৰ জোৱাৰ । ৰামুকাকাই কোৱাৰ দৰে সি প্ৰকৃততে অবিনাশ হাজৰিকাৰ সন্তান নহয় যদি ৰচকী বাইৰ সন্তান নেকি !
বাইৰ হাত এখনত আলফুলে ধৰি পীৰা এখনত বহাই দিলে সি, ওচৰতে নিজেও বহি লৈ কিছুপৰ চাই ৰ'ল বাইলৈ ৷ লাহে লাহে ক'লে সি
- মোক তোমাৰ মনত আছে বাই ?
পাৰ্থৰ প্ৰশ্নত কৰুণ অথচ সুখী চকুযুৰি লাহেকৈ তুলি তাৰফালে চাই ক'লে বায়ে-
- তোক কেনেকৈ পাহৰিম বোপা, মোৰ কলিজাৰ এফাল অ তই ৷
- বাই, ৰামুকাকাই কথা অলপ কৈছিল মোক । সকলো সত্য জানিবলৈ আহিছো । ক'বানে মোক ?
- ৰামুৱে কি কৈছিল তোমাক ? আৰু ভালে আছেনে সি ?
- ভালেই বাই, তোমাক একেবাৰে লৈ যাম ইয়াৰ পৰা মই, লগ পাবা তাক ৷ কিন্তু বাই, ৰামুকাকাই কৈছিল, মই অবিনাশ হাজৰিকাহঁতৰ নিজৰ সন্তান নহয় বুলি, তেন্তে কোন মই বাই !
পাৰ্থৰ প্ৰশ্নত ৰচকী বাই হঠাৎ চকিত হৈ পৰিল । পাৰ্থৰ কোমল মুখখনিত উত্তৰৰ বাবে অপেক্ষাৰ চাপ স্পষ্ট ।হুমুনিয়াহ এটি নিগৰি আহিল ৰচকী বাইৰ বুকুৰ পৰা, কিদৰে উজাৰিব এই ল'ৰাটোৰ সমুখত তাৰ অতীতক।কিন্তু ক'বই লাগিব এতিয়া.. সময়ে হয়তো ইয়াকেই বিচাৰে যে পাৰ্থ জ্ঞাত হওঁক তাৰ অতীত সম্পৰ্কে ৷
কিছুপৰ থৰ হৈ ৰ'ল তেওঁ, এইবাৰ পাৰ্থই বাইৰ হাতখন স্পৰ্শ কৰি কাতৰ ভাবে ক'লে-
- বাই, কোৱানা অ' ৷
হঠাৎ, নিজৰ অলক্ষিতেই ৰচকী বাইৰ মুখৰপৰা ওৱাল সেই অসহনীয় কথাষাৰ-
- তই ডাইনীৰ সন্তান অ' ৷
(ক্ৰমশঃ)