যুৱ উশৃংখলতাৰ দৌৰাত্ম্য ✍ উত্তম কুমাৰ শৰ্মা

এখন দেশ বা ৰাষ্ট্ৰৰ মানসিকতা বা চিন্তা- চৰ্চা কেনে ধৰণৰ হোৱা উচিত, তাক যদি অন্য এখন দেশে পৰ্যালোচনা বা সাধাৰণ অৰ্থত পূৰ্বানুমান কৰিবলৈ যায়, তেন্তে বহিঃ ৰাষ্ট্ৰখনৰ যুৱ মানসিকতা আৰু চিন্তা- চৰ্চাক প্ৰাধান্য দি বা তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিয়েই মন্তব্য আগবঢ়াব !
আমাৰ দেশ - ভাৰতবৰ্ষ ! এখন বিশাল আৰু প্ৰচুৰ সম্ভাৱনাসম্পন্ন দেশ ! প্ৰশ্ন হয় - প্ৰচুৰ সম্ভাৱনাৰ বিশালতাক কঢ়িয়াই কোনে লৈ ফুৰিছে ? উত্তৰটো একেবাৰে সহজ- যুৱশক্তি মানে ভাৰতৰ যুৱশক্তি ! আজিৰ ভাৰতবৰ্ষই যুৱশক্তিক লৈ ভিন্ন সপোন পুহি ৰাখিছে; নতুন ভাৰতবৰ্ষৰ কিছুমান স্বচ্ছল আৰু দীৰ্ঘম্যাদী পৰিকল্পনাও প্ৰস্তুত কৰিছে ! এনে কৰাৰ যুক্তিযুক্ততাও আছে ! Morning Shows the day -সপোনবোৰ বাস্তৱ হোৱাৰ পুৱা ইতিমধ্যে আৰম্ভ হৈছে !এতিয়া, সময় মাথো অপেক্ষাৰ ! আমিও আগুৱাইছো, প্ৰয়াস কৰিছো ! নিজৰ ধৰণেৰে অঞ্চলটোক, ৰাজ্যখনক আৰু ৰাষ্ট্ৰখনৰ কামত অহাকৈ কিছুমান কাম হাতত লৈছো আৰু অযুত কামৰ পৰিকল্পনাও যুগুত কৰি আছো !
যুৱক-যুৱতীৰ চিন্তা আৰু কৰ্মৰ লগতে অতি প্ৰাসংগিক কথা এটাও জড়িত হৈ আছে; চিন্তা আৰু কৰ্মৰ আচৰণবিধি ! এতিয়া, আমি অসমৰ অসমীয়া (প্ৰসংগক্ৰমে ক'লো) ! আমাৰ সংস্কাৰ আছে; আমাৰ এটা গৌৰৱ কৰিব পৰাকৈ প্ৰৌজ্বল সংস্কৃতি আছে ! মাটিৰ লগত মিলাকৈ আমাৰ আচৰণ হোৱাটো দৰকাৰ বুলি মোৰ ধাৰণা !মহাপুৰুষালি কৰাৰ ধৃষ্টতা নাই যদিও কওঁ- আজিৰ যুৱক-যুৱতীৰ বেছি সংখ্যকেই উল্লেখিত আচৰণৰ নিৰ্ধাৰিত পৰিসীমাৰ বাহিৰত গৈয়েই কাম কৰি আছে ! চকু আছে, দেখিছো; কাণেৰেও হজম কৰিব পৰাখিনি শুনিছো !
উদ্ভত পৃথিৱী এখন তৈয়াৰ কৰি লোৱা এচাম উশৃংখল যুৱক- যুৱতীয়ে কালিলৈ ৰাজ্য বা দেশো চলাব ! আচৰিত হ'ব লগা তাত নিশ্চয় একো নাথাকিব; কাৰণ যোগ্য ভোগ্য বসুন্ধৰা ! যাৰ চাৰ্টিফিকেটৰ সোণালী সংখ্যা আৰু আখৰে মোক খা-মোক খা কৰি থাকিব, তেৱেঁই এসময়ত দেশৰ উদ্যোগ চলাব, চৰকাৰী বিভাগৰ বৰমুৰীয়া নতুবা বগা চোলা পিন্ধা ৰাজনীতিক হ'ব ! অতি ভয় লগা কথা ! নম্বৰ কেন্দ্ৰিক শিক্ষাৰ দৌৰাত্ম্য আৰু শৃংখলাহীন কিছুমান মেচিনে আমাক নিয়ন্ত্ৰণ বা পৰৱৰ্তী প্ৰজন্মক শাসন কৰাৰ বাঘজৰী পাব বুলি ভাৱিলে আতংকত শিয়ৰি উঠো !
প্ৰতিযোগিতাৰ যুগ- এই শব্দ দুটাই আমাৰ শিশু -কিশোৰ আৰু যুৱক- যুৱতী সকলোকেই এদিন ধ্বংস কৰিব ! কাৰণ এই শব্দকেইটাক এডাল বক্ৰৰেখাত ৰাখি আমি হাতত সাৰে ভৰিত সাৰে আমাৰ ল'ৰা- ছোৱালীজনীক ডিভিজন -পজিচন- ৰেংকৰ দৌৰত চেকুৰাইছো ! ভাটৌ চৰাইৰ দৰে কিতাপৰ শব্দবোৰ মুখস্থ কৰি আৰম্ভ হয়, সেই ল'ৰা বা ছোৱালীজনীৰ নম্বকেন্দ্ৰিক দৌৰ; পাছে পাছে 'মডাৰ্ণ গাৰজেন সকল ! সি দৌৰিয়েই থাকে; তাৰ দৌৰ শেষ নহয় !
এতিয়া প্ৰশ্ন হয়- ক'ত আছে যুৱ উশৃংখলতা ? উত্তৰত - ক'ত নাই মেচিনৰূপী যুৱক- যুৱতীৰ সেই অনুশাসনহীন নমুনা ! এইখিনিতে,  এটা অভিজ্ঞতাৰ কথা ক'বলৈ বিচাৰিম !
ডিব্ৰুগড় মেডিকেলৰপৰা বিদ্যালয় অভিমূখে যাত্ৰা ! ট্ৰেভেলাৰত উঠিবলৈ ভয়, যদিও যেন উপায়হীন ! সময় - পুৱা আঠ বাজি পোন্ধৰ মিনিট ! ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ ব্যস্ততাময় পুৱাৰ জনপথ ! ৰ'বলৈ যেন কাৰো সময় নাই ৷
চকু পৰিল - এজন ষাঠীৰ উৰ্ধৰ বয়োবৃদ্ধ লোক ! পিন্ধনত ভদ্ৰতাৰ চাপ ! চাইকেলৰ কেৰিয়াৰত তেওঁ চিলিণ্ডাৰ এটা বান্ধি আনিছে; হয়তো খালী ! ভিৰৰ মাজৰপৰাই মানুহজনক ট্যিৰেভেলাৰখনৰপৰাই জুমি চোৱাৰ প্ৰয়াস কৰিলো ! এটা কঠোৰ বাস্তৱ আৰু এই বয়সতো  কিছু বাধ্যবাধকতা তেওঁ যেন কঢ়িয়াই ফুৰিছে ! হয়তো তেওঁৰ কাৰণে আৰু তেওঁৰ নিজৰবোৰৰ পেটৰ কাৰণে ! যিকোনো প্ৰকাৰে জনবহুল পথটো পাৰ হোৱাৰ অহৰহ প্ৰয়াস তেওঁৰ ! কিন্তু ব্যস্ত মানুহ আৰু গাড়ীবোৰে তেওঁক বাৰে বাৰে হতাশ কৰিছে !
আমাৰ গাড়ীখন লাহে লাহে আগবাঢ়িল ! মোৰ দৃষ্টি তেতিয়াও তেওঁতে নিবদ্ধ ! মনটোক পাতল কৰিবলৈ চেষ্টা কৰিছিলোহে মাত্ৰ ! নাজানো, ক'ৰ পৰা এখন স্কৰপিঅ' এখন গাড়ী ট্ৰেভেলাৰখনক অভাৰটেক্ কৰি প্ৰচণ্ড জোৰত ব্ৰেক মাৰিলে ! বুজিবলৈ আৰু বাকী নাথাকিল - এয়া ডিব্ৰুগড়ীয়া ৰকেট সিঙৰ দল !
আব্বে, বুঢ়া ! গোটেই ৰাষ্টাটোৱেই কিনি ল'লি নেকি বে ? 'সেই স্কৰপিঅ'খনত বহি থকা দুটা সুঠাম দেহৰ ল'ৰাই মই প্ৰত্যক্ষ কৰি থকা বৃদ্ধ লোকজনক দাঁত চেলাই ধৰিলে ! তেওঁৰ চাইকেল তেতিয়া জনপথটোৰ মাজভাগত ! শব্দ -অশব্দৰ ভিৰত থাকিব নোৱাৰা এটা পৰিবেশ ! ল'ৰালৰিকৈ ওচৰৰে পাণ দোকানী এজন আহি ব্যক্তিজনক ৰাষ্টাটো পাৰ কৰি দিলে ! ঘটনা সিমানেই !
আমাৰ গাড়ী আগবাঢ়িছিল ! কিন্তু সেই শব্দকেইটাৰ ভৰত সেইদিনা বিদ্যালয়ত সুস্থ হৈ পঢ়ুৱাব চাগে নোৱাৰিলো ! ৰাতি ভাবিলো - এই সোপাই এদিন দেশৰ বাঘজৰী ল'ব ! শিক্ষক হ'ব - উকীল হ'ব - ইঞ্জিনীয়াৰ হ'ব - বগা ৰাজনীতিক হৈ দেশ চলাব; এনেধৰণৰ এসোপাই জানো নচলাব ? এতিয়াৰ দৰে হ'ব সিহঁতৰ আচৰণ আৰু অনা -অভিধানিক শব্দৰ দৌৰাত্ম্য ! আকৌ এবাৰ শিয়ৰি উঠিলো ! ভুলবোৰৰ গুৰিবোৰ বিচাৰি চলাথ কৰিলো বহু পালো, বহু নাপালো !!

ঠিকনাঃ ৰহমৰীয়া (চাবুৱা )
জিলা - ডিব্ৰুগড় (অসম )