লাহে লাহে সময় বাগৰি গ'ল আৰু কেইটামান গজেন্দ্ৰ খোজ দি এজন পেটুৱা কলা মানুহ ভিতৰলৈ সোমাই আহিল ৷ খোজৰ ভংগীৰে যিকোনো এজনক ভয় খুৱাব পৰা পোনাৰাম বৰপাত্ৰই নিজৰ চকুৰ ক্ৰোধিত চাৱনিৰে কোঠালিটো নিঃশব্দ কৰিলে । বাঁওফালৰ পৰা সোঁফালে চকু ফুৰাই কোঠালিটোত থকা চকী-টেবুলজোৰৰ ওচৰলৈ চাপি গ'ল ৷
এইকেইদিন চাগৈ তহঁতে বৰ ভাল পাই আছিলি নহয়নে?" - বৰপাত্ৰ চাৰে চকীখনত বহী ৰেজিষ্টাৰ বুকখন লুটিয়াই লুটিয়াই ক' লে। কোনেও একো মুখেৰে মতা নাছিল। তেওঁ 1,2,3,4..বুলি ৰোল নাম্বাৰ মাতি গৈ থাকিল। ৰোল নং মাতি শেষ কৰি বহাৰ পৰা উঠি ব'ৰ্ডখনৰ ফালে আগবাঢ়ি পেঞ্চিলডালেৰে কিবা এটা লিখিবলৈ ধৰি ৰৈ গ'ল ৷
তহঁতক আজি নতুনকৈ একো নপঢ়াওঁ । আগৰ পঢ়াখিনিৰ ওপৰতে সুধিম । - সেইবুলি তেওঁ ব'ৰ্ডখনৰ ওচৰৰ পৰা আকৌ আহি চকীখনত বহিলহি ।
- ক' চোন তয়ে, এ' প্লাছ বি হ'ল স্কোৱাৰ কিমান ?”-বৰপাত্ৰই সেইবুলি প্ৰথম বেঞ্চতে বহি থকা এটাক আঙুলি টোঁৱাই সুধিলে ৷
- এ' স্কোৱেইৰ প্লাছ বি স্কোৱেইৰ প্লাছ টো এ' বি” - ল' ৰাজনে উত্তৰটো দিয়াৰ পিছত বৰপাত্ৰই ল'ৰাটোক বহিবলৈ ইংগিত দিলে। তাৰ পাছত তেওঁ কোঠালিটোত ইফালৰ পৰা সিফাললৈ চকু ফুৰাবলৈ ধৰিলে ৷
এইকেইটাকে সুধি শেষ কৰিলেই হ' ল আৰু।” - লৱণে লাহেকৈ অশোকৰ কাণত ক'লে ৷
কচোন শেষৰটো ৷- আগৰ পৰা অহা মাতটো শুনি লগে লগে দুইটাই চেলাউৰি দাঙি বৰপাত্ৰৰ চকুৱে চকুৱে চাই ৰৈ থাকিল। লাহে লাহে বৰপাত্ৰ ওচৰ চাপি আহিল। বৰপাত্ৰ যিমানেই অশোকৰ ফালে আগবাঢ়ি আহিল সিমানেই অশোক লৱণৰ ফালে চাপি গ'ল। দুইটা গৈ কোঠালিটোৰ একেবাৰে চোক পালেগৈ। চাৰ গৈ ওচৰ পোৱাৰ লগে লগে অশোক কেমেচা কেমেচি কৰি থিয় হ'ল ৷
- কি হ'ল । উঠিবলৈ মন নাই নেকি ?
- আছে চাৰ ৷
- আছে যদি ক', এ' মাইনাছ বি হ' ল স্কোৱেইৰ কিমান ?” - বৰপাত্ৰ চাৰে সুধিলে ৷
বৰপাত্ৰ চাৰক ভয় কৰি নেদেখুৱাই অশোকে মুখামুখি কৰিলে। সি একো নাজানিছিল যদিও খুব চিন্তা কৰি দেখুৱালে। তাৰ মুখৰ এনে ভংগীমা দেখি বৰপাত্ৰ চাৰে চকু ঘোপা কৰি চাব ধৰিলে।
- কি ভাবি আছ ?- বৰপাত্ৰই আকৌ সুধিলে
- ফৰ্মূলাটো চাৰ ৷- অশোকে ক'লে ৷
- গাধ, ইয়াত ভাবিবলৈ কি আছে। মুখস্থ নাই মানে ? - শিক্ষক জনৰ এনে কৰ্কশ মাত ৷
- নহয় মানে চাৰ, বহুত ফৰ্মূলা মুখস্থ কৰি দিলোঁ যে, কোনটো কাৰ লগত মিলাওঁ ভাবি পোৱা নাই।” - কথাষাৰ কৈ অশোকে সোঁহাতেৰে মূৰটো খজুৱাবলৈ ধৰিলে ৷
- মনে মনে থাক। তোক বয়সত এ. পি. জে. আব্দুল কালামে অংকত এশৰ ভিতৰত এশ পাইছিল আৰু তই এইখন কৰিছ ?
- আপোনাৰ বয়সত দেখোন তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। মই সেইটো কথা আপোনাক কৈছো নেকি ? লোকৰ কথা কৈ মোক গালি দিছে যে।” -অশোকৰ কথাৰ পাছত বৰপাত্ৰ চাৰৰ চকুদুটা আৰু দাঙৰ হৈ পৰিল ৷ কেইমুহূৰ্তমানলৈকে তেওঁ থৰ হৈ লাগিল ৷
- আহ তেন্তে, তোক তোৰ কথা কৈয়ে পুৰস্কাৰ দিওঁ।” - সেইবুলি কৈ বৰপাত্ৰই টেবুলত থকা বাঁহৰ কামিদাল আনি অশোকৰ টিকাত ডাঙৰ ডাঙৰ দুকোব লগাই দিলে। (আগলৈ)