২০১৬/১৮ নাট্যবৰ্ষত অসমৰ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় অভিনেত্ৰী ইতি ফুকনে পোনপ্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ মঞ্চত আত্মপ্ৰকাশ কৰিছিল আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৃন্দাবন থিয়েটাৰৰ আমন্ত্ৰণত ।
ৰুপালীম নাটকখনৰ যোগেদি অপেছাদাৰী মঞ্চত প্ৰৱেশ কৰা ইতি ফুকনে পিছলৈ ক্ৰমে "লভিতা", "অঘৰী আত্মাৰ কাহিনী" আদি নাটকত বিশিষ্ট পৰিচালক সীমান্ত ফুকনৰ পৰিচালনাত দক্ষ অভিনয় কৰি সুখ্যাতিৰে উজ্জ্বলি উঠিছিল । তাৰ পিছত ৰং চেনেলৰ ধাৰাবাহিক "ৰদালি", "টোপটোপ সপোন সৰে", "বিন্দাছ", "দাপোন", "জীৱনৰ ৰং", "শব্দ", "শাহু বোৱাৰী", জোনাক চেনেলৰ "সৃষ্টি", ৰেঙনী চেনেলৰ "এপাহি সুখ এপাহি দুখ" আদি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অহা ইতি ফুকনে ভ্ৰাম্যমাণৰ মঞ্চটো বেছ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল ।
বৃন্দাবন থিয়েটাৰৰ যোগেদি এই মাধ্যমটোত প্ৰৱেশ কৰা ইতি ফুকনে চলিত ২০১৭/১৮ (চলিত) নাট্যবৰ্ষত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত তিনিওখন নাটকতে তিনিটা মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । অপেছাদাৰী মঞ্চৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন অভিনেত্ৰী গৰাকীয়ে নাট্যকাৰ / পৰিচালক অভিজিত ভট্টাচাৰ্যৰ দাদাগিৰি নাটকখনত ছুপাৰৰ্ষ্টাৰ যতীন বৰাৰ বিপৰীতে এগৰাকী নাৰ্চৰ চৰিত্ৰত অভিনয় কৰি পুণৰবাৰ উজ্জ্বলি উঠে । ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয়ৰ অনুভৱ ব্যক্ত কৰি ইতি ফুকনে কয় যে "ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত দৰ্শকৰ সন্মুখত জীৱন্ত অভিনয়ৰ আমেজেই সুকীয়া" !! অহা নাট্যবৰ্ষ (২০১৮/১৯) ত ইতি ফুকন চুক্তিবদ্ধ হৈছে আশীৰ্বাদ থিয়েটাৰৰ সৈতে ……
Email - dsarma540@gmail.com