চিগনেলৰ ৰঙা লাইটটো জলি উঠিল, লাহে লাহে সকলোবোৰ গাড়ী-মটৰ ৰৈ গ'ল ৷ ইখনৰ গাত সিখন প্ৰায় লাগো -নালাগোকৈ। সৰুকৈ কোলাহল এটাৰ সৃষ্টি হ'ল ৷ অপৰাজিতাই তাইৰ ফালৰ গ্লাছখন নমাই দিলে, গৰম বতাহ এছাটিয়ে কোবাই গ'ল তাইৰ গালে- মুখে ৷ তথাপি কিবা এটা ভাল লাগি গ'ল, কিমাননো আৰু বহি থাকিব এয়াৰ কণ্ডিশ্যনৰ উকমুকনিৰ মাজত ৷
হঠাতে ক'ৰবাৰ পৰা সুৰুঙা উলিয়াই সিহঁতৰ কাষতে আহি ৰৈ গ'ল এখন লেটেষ্ট মডেলৰ বাইক। এজন প্ৰায় আঠাইশ-ত্ৰিশ বছৰ মানৰ ল'ৰা। স্কাই ব্লু ছাৰ্ট আৰু ফৰ্মেল পেণ্ট উইথ ফৰ্মেল চ্যুজ। চোলাটোৰ হাত অলপ কোচাই লোৱা। বাওঁহাতত অলপ ঢিলা চেইন ঘড়ী এটা। তাইৰ কিবা এটা ভাল লাগি গ'ল। এনেকুৱা গ্যেট- আপ খুব ভাল লাগে তাইৰ। মুখখন দেখা নাই, হেলমেট পিন্ধি আছে। কিয় জানো তাক চাব মন গ'ল ৷ কাষৰ ছিটত থকা গিৰিয়েকলৈ চালে নাই, তেওঁৰ কোনো ভ্ৰূক্ষেপ নাই, মোবাইলটোতে ব্যস্ত। তাই পুনৰ বাহিৰলৈ চাই পঠিয়ালে... ল'ৰাজনে হঁঠাত হেলমেটতো খুলি লৈ চুলিখিনি হাতেৰে পিছলৈ ঠেলি দিলে। অনুৰাগ.. তাই চক্ খাই উঠিল, লগে লগে মূখখন ঘূৰাই ল'লে। তাইক কেনেবাকে দেখা পাব বুলি... অপৰাজিতাই পুনৰ চালে তালৈ....... নাই, তাৰ সেইবোৰলৈ মন কাণ নাই। বিন্দাছ বহি আছে..যেন ট্ৰেফিক চিগনেল নহয়, কোনো পাৰ্কত হে আছে। হুহ্..এই পাগলটো মানে, অলপো চেইঞ্জ নহ'ল।
একেই আছে প্ৰায়, চুলিখিনি প্ৰয়োজনতকৈ অলপ দীঘল.. ষ্ট্ৰেইট কৰিছে ছাগে, কিন্তু ডাড়িখিনি চিকুণকৈ ট্ৰিম কৰা । অ'! চকুত চশমা নাই যে.. লেঞ্চ লগাইছে কিজানি । চকুৰ চাৱনিত একেই আগৰ দৰে দুষ্টালি... উম্, শৰীৰটো আগতকৈ সুঠাম হ'ল। ওঁঠ যুৰিলৈ চালে, সেইদুটি ওঁঠ চুপিবলৈ কিমান পাগল আছিল তাই.. এবাৰ মাথো তাৰ বুকুৰ মাজত সোমাব পালেই হ'ল, সুখী হৈ গৈছিল তাই। দিনবোৰ যে কেনেকৈ পাৰ হৈ গ'ল। চাৰি বছৰ... এই চাৰিটা বছৰে তাৰ পৰা পলাই ফুৰিছে তাই, সদায় কামনা কৰে.. তাই যেন তাৰ চকুৰ আগত নপৰে। সমুখত ওলালেই যেন তাৰ ঘৃণাই পুৰি পেলাব তাইক। কাষত থকা মানুহজনলৈ চালে.. আগমনী প্ৰৌঢ়াৱস্থাক ঢাকিবলৈ কলপ সনা চুলিৰে পেটুৱা মানুহজন, যাৰ হৃদয়ত তাইৰ প্ৰতি নাই অকণো মৰম। মাথো নিশা হ'লেই তাইৰ প্ৰয়োজন অনুভৱ কৰে.. ৰাতি পুৱালেই অচিনাকী। সেইজনেই তাইৰ স্বামী। বিয়াৰ আগে আগে তাই অনুৰাগক কৈছিল,"মই ঘৰৰ কথা পেলাব নোৱাৰিলো"। সি হাঁহিছিল। সঁচাকৈ তাই চেষ্টা কৰিছিল জানো ঘৰৰ মানুহক বুজাব, তাক জানো সুবিধা দিছিল, নিজকে যোগ্য বুলি প্ৰমাণ কৰাৰ ? তাই কান্দিছিল তাৰ সমুখত, সি হাঁহি হাঁহিয়েই কৈছিল ৷ "যোৱা, মাথো মনত ৰাখিবা, মা- দেউতা সদায় নাথাকে ৷ তুমি সুখী হোৱা, মই তোমাৰেই হৈ থাকিম।" আঁতৰি গৈছিল সি। আজি নিজকে সুধিছে তাই.. সুখী জানো তাই, মানসিক অথবা দৈহিকভাৱে ? সি সোঁহাতৰ চোলাখিনি অকণ কোঁচাই দিওঁতে দেখা পালে, JEETA নামৰ টেটু এটা। সি অপৰাজিতাক জিতা বুলি মাতিছিল ৷
হুমুনিয়াহ এটাৰ স'তে চকুলো এটোপাল ওলাই আহিল। সমান্তৰালভাৱে আকাশখনেও বৰষিলে। গিৰিয়েকে তাইক গ্লাছখন উঠাই ল'ব ক'লে। তাই গ্লাছৰ মাজেৰে অনুৰাগলৈ চালে, পাৰ্চ আৰু মোবাইলটো ৰেইনপ্ৰুফ বেগখনত ভৰাই হাত দুখন অলপ মেলি ওপৰলৈ চাই আছে। মুখত এটি স্বতঃস্ফুট হাঁহি। বৰষুণত তিতি ভাল পাইছিল সি; এতিয়াও একেই আছে।
সি তাইক প্ৰায়েই জোকাইছিল- "ছাতি লোৱা মানুহে বৰষুণক ভালপাব নোৱাৰে কেতিয়াওঁ" ঠিকেই.. তাই জানো তাক বুজাব পাৰিব, বৰষুণ ভালপায় তাইও..মাথো ঘৰৰ গালিৰ বাবেহে ছাতি লৈ ফুৰে এতিয়াও। ইষৎ সেমেকা হাঁহি এটি বিৰিঙি গ'ল তাইৰ ওঁঠেৰে..গ্ৰীণ লাইট জ্বলি উঠিল..জীৱন আগুৱাই গ'ল গাড়ীবোৰৰ দৰেই, গতানুগতিকভাৱে!!