অৱশেষত এদিন এনেকুৱা এটা জটিল পৰিস্থিতিত যে আমাৰ মধুৰ সম্পৰ্কৰ অৱসান ঘটিব ৷ হয়তো সপোনতো ভৱা নাছিলো জীৱনত এৰি অহা স্মৃতিবোৰ মনলৈ অহাত বাধা দি ৰখাটো বৰ্তমান মোৰ বাবে কষ্টকৰ হৈ পৰিছে ৷ আজিৰ পৰা দুবছৰ আগৰ কথা তোমাৰ সেই দিনটোৰ কথা মনত আছেনে ? কলেজৰ সন্মুখৰ জিৰণী চ'ৰা টোত যে তুমি ৰৈ আছিলা, পিন্ধনত এযোৰ বগা ৰঙৰ চুৰিদাৰ, কান্ধত এটি বেগ, কলেজৰ পৰা ঘৰলৈ যাবলৈ বাছৰ বাবে অপেক্ষা কৰি আছিলা তোমাক মই প্ৰথম দেখা পাইছিলো মোৰ চকুত পৰিছিল তোমাৰ সেই মিচিঁকীয়া হাঁহিৰে ভৰা সহজ সৰল মুখ খনি, ঘনে ঘনে অহা বতাহ জাকে তোমাৰ দীঘল চুলি টাৰিক আউলী বাউলী কৰি , তোমাক অতিষ্ঠ কৰি তুলিছিল হঠাত মোৰ চকুত চকু থৈ তুমি এটি লাজ কুৰীয়া হাঁহি মাৰিছিলা, সেই হাহিঁটোৱে যথেষ্ঠ আছিল মই তোমাৰ প্ৰেমত পৰিবলৈ ..সঁচা অৰ্থত প্ৰেমৰ সংজ্ঞা মই বিচাৰি পাইছিলো, এক বুজাব নোৱাৰা অনুভতিৰ বীজ অংকুৰণ হৈছিল মোৰ হৃদয়ত.. লাহে লাহে তোমাক ওচৰৰ পৰা চোৱাৰ হেঁপাহ দিনক দিনে বাঢ়িবলৈ ধৰিলে , প্ৰতিপলকত তোমাৰ মুখখনি চকুৰ আগত ভাঁহি থাকিব ধৰিলে | সচাঁই সেই মধুৰ ক্ষণ টোৰ স্মৃতি মোৰ হৃদয়ৰ এটা কোণত সদায় সজীৱ হৈ ৰ'ব.... আজিৰ পৰা দুটা বছৰৰ আগতেই আজিৰ দিনটোটেই আমি দুয়ো সংকল্প বদ্ধ হৈছিলো..... জীৱনৰ অন্তিম ক্ষণটোলৈকে এজনে আনজনৰ ছাঁ হৈ ৰম বুলি....
তাৰেই সাক্ষী হিচাপে শপত ল'বলৈ আমি দুয়ো বিপৰীত দিশত আগবাঢ়িছিলো নেদেখা জনৰ ওচৰলৈ | সেই সময়ত হয়টো ভৱা নাছিলো প্ৰেমৰ নামত মৰীচিকা খেদি এসময়ত ভালপোৱাক ত্যাগ কৰিব লাগিব বুলি !!...সমাজৰ নীতি নিয়মৰ পাকচক্ৰত দুখন হৃদয়ৰ পৱিত্ৰতাৰ অস্তিত্ব নাইকিয়া হৈ যাব বুলি !! ... তোমাৰ মোৰ মিলনে পৰিয়ালত বিদ্ৰোহৰ ভাৱ জগাই তুলিব ! অৱশেষত ধৰ্ম, জাত -পাত সামাজিক ৰীতি নীতি ত যে সঁচা প্ৰেমৰ অৱসান ঘটিব ! ভাবিলেই আচৰিত লাগে.. - মোৰ হাত খন এৰা .... - চকুলো নুটুকিবা... - পাৰা যদি মোৰ চকুত চকু থৈ এবাৰলৈ হাঁহি দিয়া .... - যোৱা....... - মইও যাওঁ| নেদেখা জনৰ ওচৰত মোৰ বাবে শেষ বন্তি গছি জ্বলাবা তোমাৰ বন্তি গছিৰ পোহৰ আৰু মোৰ মম ৰ পোহৰে প্ৰমাণ কৰক দুখন পবিত্ৰ হৃদয়ৰ মিলনৰ বাবে লোৱা আৰ্শীবাদ, আজি সমাজৰ অভিশাপৰ সংকাত অৱসান ঘটিল | দুয়োৰে মনৰ স্মৃতি দুয়োৰে হৃদয়ত লৈ.......!!!!!......এক অন্ধকাৰময় পথৰ দিশে দুয়ো আগবাঢ়িলো....