এমুঠি অনুগল্প ✍ পাপৰি বৰ্মন

দেউতাঃ
প্ৰতিবাৰে বিহু আৰু পূজাত বাসৱীৰ দেউতাকলৈ মনত পৰে । দেউতাক থাকোতে তেখেতৰ তিনিজনী ছোৱালী আৰু ঘৈণীয়েকক সিহঁতৰ পচন্দৰ কাপোৰ সাজ কিনি দিয়াৰ সময়ত সিহঁতেও ওভোতাই দেউতাকৰ বাবেই দোকানত কাপোৰ পচন্দ কৰিব ললে দেউতাকে পুৰণি হৈ ফিচিঙি যোৱা পেণ্টৰ পকেটৰ পৰা টকা কেইটা উলিয়াই দোকানীক দি কয়, "মাজনীহঁত বলা যাওঁ । মোৰ পেণ্ট চাৰ্ট যোৰ চোন নতুনে আছে । পিছত লম ।" এতিয়া পিছে বাসৱীৰ নিজৰ উপাৰ্জনৰ পইচাৰে পূজা, বিহু বুলি কাপোৰ এযোৰ দিবলৈ দেউতাক জীয়াই নাই ।

প্ৰেমঃ
পাৰ্থৰ পাৰৰ মাংস বহুত প্ৰিয় । মাকে তাক চৰ্দী জ্বৰ ভাল হ'ব বুলি জালুকেৰে জুতি লগাকৈ বনাই দিয়া পাৰৰ মাংসৰ আধা বাটি জুঠা কৰি খাবলৈ মন নযোৱা বুলি একে চৰ্দী জ্বৰ হৈ থকা ঘৈণীয়েক পৰিক দি ক'লে, "পাৰৰ ইমান দাম । পেলাব দুখ লাগে, খাবা ।"

বিকলাংগঃ
অফিচৰ মিটিং শেষ হওঁতে ৰাতি দহটা বাজিছিল । খ্ৰীষ্টানবস্তিৰ পৰা ছয়মাইলৰ ঘৰলৈ কেনেকৈ অহা যায় ভাবি ভনীলৈ ফোন লগালো । খুব সুন্দৰ সুঠাম তিনিজনমান ডেকা আৰু দুজনমান আদহীয়াই অশ্লীল বাৰ্তালাপ কৰি মোৰ পিছ লোৱাৰ সময়তে বাল্যবন্ধু অমিতৰ চাৰিচকীয়া বাহনখন মোৰ কাষেতে ৰৈ দিলে । সুৰক্ষাৰে সৈতে মোৰ ঘৰৰ পদূলিত নমাই দিয়া অমিতক বিদায় দিওঁতে মোৰ মনত পৰিল বহু বছৰ আগতে তাৰ ভৰি দুখন এটা দুৰ্ঘটনাত হেৰাইছিল ।

ফেচনঃ
অৰ্ধ নগ্ন কাপোৰ সাজ পিন্ধা পত্নীক সাবটি তেওঁৰ বিখ্যাত স্বামীয়ে নিজৰ পত্নীৰ গ্লেমাৰৰ ওপৰত ভাষণ মৰাৰ সময়ত পত্নীৰ দেউতাকৰ এটায়ে চিন্তা আছিল ফেচনৰ নামত পুহমহীয়া ঠাণ্ডাত জীয়েকৰ বেমাৰ নহ'লে হ'ল।

পুণ্য মিছা কথাঃ
বিজনে মালিনীক বুজাইছিল সন্তান নহোৱাৰ আৰত মালিনীৰ কোনো দোষ নাই । দোষ বিজনৰহে । মিছা কথা এষাৰৰ বাবেই এজনী নাৰীয়ে যদি সমাজ তথা ঘৰুৱা মানসিক নিৰ্যাতনৰ পৰাই বাচি যাব পাৰে তেন্তে তেনে মিছা কথা বিজনে মাতিবয়ে।