(সঁচা ঘটনাৰ আলমত)
- আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত জন্ম হ'বই নালাগে জানে বাইদেউ। ইমান কাম কৰো, তথাপিও খাবলৈ নাটে...।"
ডাঙৰী বান্ধি বান্ধি সি মানুহগৰাকীক কথাবোৰ কৈ গ'ল...।
সিহঁতৰ মানুহ বুলিবলৈ মাথোঁ তিনিওটাহে...। সি, মানুহজনী আৰু কণমানিটো। প্ৰেমত পৰি কম বয়সতে মানুহজনীক পলুৱাই আনিছিল সি...। প্ৰথমে ঠিকেই চলিছিল সিঁহতৰ সংসাৰ। কিন্তু তাৰ পিছত....
- ই, কণমানিটোৰ বিস্কুট নহ'লে নচলেই জানে ! কিন্তু তাৰ এই বাপেকটোৰ তালৈ মেৰিগোল্ড এপেকেট আনিবলৈও সামৰ্থ নাই...। ইমান কাম কৰো দুয়োটাই। কিন্তু যেনেতেনে গোটৰ ধাৰ মাৰিবলৈ হয়গৈহে....। দোকান এখন দিম, চলিব পাৰিম, ভালকৈ এসাঁজ খাম বুলিয়েই লোণটো লৈছিলোঁ...। কিন্তু এতিয়াচোন !
- আজি ৰাতিৰ ভাতসাজ আমাৰ ঘৰতে খাবাগৈ তিনিও....।
মানুহগৰাকীৰ কথামতেই আহিছিল সিহঁত....। বৰ তৃপ্তিৰে খাইছিল ভাত সাঁজ তিনিও...। বহুদিনৰ ভোকৰ ভাত....। ওৰে দিন কাম কৰাৰ পাছতো পেটৰ ভোক মাৰিবলৈ নোপোৱাৰ অন্তৰ ভাত...। বৰ হেঁপাহৰ আছিল সেই ভাতসাঁজ....। বিনিময়ৰ নহয়; আন্তৰিকতাৰ ভাত সেই সাঁজ......।