পোক ✍ দিব্যজ্যোতি ৰাজখোৱা

সেউতীৰ সৰু জীয়েক জেউতীৰ দুইবছৰীয়া শৰাধ, শৰাধলৈ মোৰ লগতে উৰ্মিমালাকো মাতিছিল ৷ আজি গধূলি পৰতে সময় উলিয়াই উৰ্মিক কথাষাৰ ক'লো ৷ তাইৰ উত্তৰত মইও স্তম্ভিত হৈ ৰ'লো ৷
- শৰাধ হে পাতিছে, বিয়া পতা নাই নহয় ৷ তুমিয়েই যোৱা, দেখাটো কৰি আহা ৷ মোৰ দৰে আমাৰ মহিলা গোটৰ মহিলাকেইগৰাকী নাযাওঁ বুলিয়েই থিৰাং কৰিলো ৷ অন্ততঃ দহজন মানুহৰ ভোজৰ খৰচটোকে কমিব দিয়া ৷ গমচোন পোৱাই কিমান কষ্টত সেউতীয়ে শৰাধভাগি পাতিছে ৷ শৰাধ ভাগি পাতিবলৈ বোলে ঘৰৰ তিনিজনী ছাগলী, দুটাকৈ গৰু বিক্ৰী কৰিলে, এতিয়া অকল ঘৰটোৰ বাহিৰে একোৱেই নাই ৷ তোমালোক যোৱা দেখাটো দি আহা, ন'হলে বৰ বেয়া কথা হ'ব ৷ এনেই প্ৰত্যেক ঘৰৰ সকলোবোৰ যোৱাৰ কি প্ৰয়োজন হয়নে ?
তেতিয়াৰ পৰা এতিয়া মই সেই শৰাধৰ ঘৰটো এক অচীন মানৱীয় সোঁতত ডুব গৈ ৰ'লো ৷ এক অচীন মানৱীয় পোকে মোৰ মূৰত কামুৰি ধৰিলে ৷

ঠিকনাঃ দেৰগাওঁ, গোলাঘাট