প্ৰথম দিনাৰ প্ৰথম ক্লাছটো কৰাৰ পিছৰ পৰাই ক্লাছৰ নিচাই মোক এনেকৈ আকৰ্ষিত কৰিলে যে সপ্তাহটোৰ ৬ টা দিনেই মেমৰ (মেম সকলৰ) ক্লাছ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো । শ্ৰেণীকোঠাত উপস্থিত হৈ শিক্ষক- শিক্ষয়ত্ৰী সকলে সকলো ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষিত কৰোৱা আৰু প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক সমান দৃষ্টিৰে চোৱা বা গুৰুত্ব দিয়াটো শিক্ষকতাৰ এক উত্তম আদৰ্শ আৰু নৈতিক দায়িত্ব । ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত বহি শিক্ষাগুৰুৰ প্ৰতি সন্মান পদৰ্শন কৰা আৰু শ্ৰেণীত সম্পূৰ্ণ মনোযোগ দিয়াটো ছাত্ৰ- ছাত্ৰীৰো নৈতিক কৰ্তব্য বুলি ভাবো । মই মোৰ শিক্ষাগুৰু সকলক অন্তৰৰ পৰাই ভক্তি কৰো । সেয়ে শ্ৰেণীত যিমান দূৰ পাৰোঁ সদায় মনোযোগ দি শিক্ষাগুৰু সকলৰ প্ৰতিটো অমৃত কথা শুনো আৰু শিক্ষাগুৰু সকলৰ Teaching style সুক্ষ্ম ভাবে পৰ্যবেক্ষন কৰি সেই বোৰ আয়ত্ব কৰাৰ চেষ্টা কৰোঁ ৷ সাধাৰণতে এটা কথা শিক্ষাৰ লগত জড়িত সকলে নিশ্চয় জানে যে শিক্ষক- শিক্ষয়ত্ৰীয়ে শ্ৰেণীকোঠাত ছাত্ৰ- ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বিভিন্ন নীতি, পদ্ধতি, কৌশল আদিৰ প্ৰয়োগ কৰে । উদাহৰণস্বৰূপে Teaching Aids ৰ কথা ক'ব পাৰি । এই Teaching aids ক্লাছৰ এক অতি প্ৰয়োজনীয় উপাদান । যাক শিক্ষাবিদ সকলে দুটা ভাগত ভাগ কৰিছে (i) General teaching aids আৰু (ii) Specific teaching aids । General teaching aids ৰ ভিতৰত ব্লেক ব'ৰ্ড', Chalk pencil, পৰিষ্কৰণ, নিৰ্দেশক মাৰি আদি আৰু Specific teaching aids শিক্ষকে নিৰ্দিষ্ট বিষয়ৰ লগত সম্পৰ্ক ৰাখি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী বা সাধু কথা আদি । যেন- Map, photos, বুঢ়ী আইৰ সাধু আদি ।
২০১০ চনৰ কথা । মই তেতিয়া বেছামাৰী এম.আই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মান শ্ৰেণীৰ ছাত্ৰ । এদিন আমাৰ শ্ৰেণীত H.S. শাখাৰ অসমীয়া বিভাগৰ দৌলৱ ছাৰ আহি হঠাৎ উপস্থিত হল আৰু সেইটো ছাৰৰ নিয়ম আছিল তেওঁ প্ৰতি বছৰে এদিন দশম মান শ্ৰেণীৰ এটা ক্লাছ লয় ঠিক তেনেকৈ আমাৰ ক্লাছ এটা ল'বলৈ আহিছিল । যিহেতু আমাৰ বিদ্যালয় খনৰ H.S শাখা লগত আছিল সেয়ে মাজে সময়ে H.S ছাৰ সকলেও আমাৰ ক্লাছ লৈছিল কিন্তু আজি কালি সেই নিয়ম সলনি হৈছে এতিয়া H.S শাখাৰ ছাৰ সকলে high school ত ক্লাছ নলয় । দৌলৱ ছাৰ শ্ৰেণীত প্ৰৱেশৰ আগতে বৰ হুলস্থুল হৈ আছিল আৰু প্ৰৱেশৰ পিছতো কেইজনমানে হুলস্থুল কৰিয়েই আছিল । ছাৰ শ্ৰেণীত সোমোৱাৰ লগে লগে মই মনে মনে ভীষণ ৰোমাঞ্চিত হৈ উঠিলো যে আজি H.S শাখাৰ ছাৰে আমাক পঢ়াব আৰু গোটেই বছৰটোৰ মাত্ৰ এটা ক্লাছেই ছাৰৰ । কিন্তু ঠিক সেই মুহূৰ্ততেই ছাৰে ভীষণ খংৰে ঘোষণা কৰিলে "মই তোমালোকৰ ক্লাছটো নলওঁ । যিটো আশা লৈ প্ৰতি বছৰে এটা ক্লাছ ল'বলৈ আহোঁ আজি মোৰ সেই আশা নহ'ব" । এই বুলি কৈ ছাৰে আমাক প্ৰশ্ন সুধিব ধৰিছিল কোৱাচোন "শিক্ষক এজন শ্ৰেণী কোঠাত আঁহোতে কি কি বস্তু লগত লৈ আহিব লাগে ?" আমাৰ মাজৰ পৰা ইজনৰ পিছত সিজনকৈ কোনোবাই বেত, কোনোবাই কিতাপ, কোনোবাই ডাষ্টাৰ, কোনোবাই চক্, কোনোবাই কলম আদি উত্তৰ দি দি সকলো General teaching aids আৰু বহু কেইটা Specific teaching aids নাম কৈ শেষ হ'ল । কিন্তু তাৰ পিছতো ছাৰে কলে হোৱা নাই আৰু এটা বিশেষ বস্তু আছে যিটো বস্তু এৰি থৈ মই শ্ৰেণীৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু সেই কাৰণেই মই তোমালোকৰ ক্লাছ নলওঁ । সহপাঠী সকলৰ লগতে মোৰো মনত প্ৰশ্ন সেই বস্তুটোনো কি হ'ব পাৰে ? অৱশেষত আমি নোৱাৰি ছাৰক প্ৰশ্ন কৰিছিলো ছাৰ আৰু কি লৈ সোমাব লাগে ? তেতিয়া ছাৰে কৈছিল,"প্ৰত্যেক জন শিক্ষকে শ্ৰেণীত প্ৰৱেশ কৰোতে মুখত হাঁহি লৈ প্ৰৱেশ কৰিব লাগে,"মই সদায় এটা হাঁহি লৈ শ্ৰেণীৰ ভিতৰত প্ৰৱেশ কৰোঁ, কিন্তু আজি তোমালোকৰ শ্ৰেণীত সোমোৱাৰ আগতে হুলস্থূলীয়া পৰিৱেশ চাই অসন্তুষ্ট হৈ হাঁহিটো লৈ প্ৰৱেশ নকৰিলোঁ । সেয়ে আজি ক্লাছ নলওঁ, discipline মানি চালিবা । কাৰণ মহাত্মা গন্ধীয়ে কৈছিল "if boys and girls are do not learn discipline in there school days, money and time spent in there education is so much National loss"
এই বুলি কৈ ছাৰ সচাকৈয়ে ক্লাছ নোলোৱাকৈ গুচি গ'ল । ছাৰে ক্লাছ লব লাগিছিল নে নাই ? ছাৰে ক্লাছ নোলোৱাকৈ গুচি যোৱা ঠিক হ'ল নে নাই ? সেইবোৰ মোৰ বিচাৰ বিশ্লেষণৰ বিষয় নহয় কাৰণ সেই আছিল তেওঁৰ ব্যক্তিগত ইচ্ছা ।
মই ইয়াত ছাৰৰ কথা খিনি উল্লেখ কৰাৰ মূল কাৰণ হ'ল "শিক্ষকৰ হাঁহি" তেতিয়া মই ছাৰে কিয় শিক্ষকৰ হাঁহিক এটা বিশেষ বস্তু বুলি কৈছিল সেই কথা বুজি পোৱা নাছিলো। তথাপি বুজোঁ বা নুবুজোঁ কথাটো মনত ৰাখিছিলো । দীৰ্ঘ ১০ বছৰৰ পিছত ছাৰৰ এই কথাখিনি হঠাতে মোৰ মনলৈ আহিছিল বি.এড ৰ প্ৰথম বাৰ্ষিকত তাৰ কাৰণ আছিল ডঃ শেৱালি বৰা মেমে শ্ৰেণীত প্ৰৱেশ কৰিছিল মেমৰ মুখ খন ভৰা আছিল হাঁহিৰে । শান্ত প্ৰকৃতিৰ সৌম্য- দৰ্শন শ্ৰদ্ধাৰ বাইদেউৰ প্ৰথম দৰ্শনতে আমাৰ মন জয় কৰিছিল আৰু তেতিয়া লৈকে মই শিক্ষক এজনে যে শ্ৰেণীৰ ভিতৰত প্ৰৱেশ কৰোতে হাঁহি লৈ প্ৰৱেশ কৰিব লাগে সেই কথা টোৰ কোনো কিমান যুক্তি পূৰ্ণ বা গ্ৰহণযোগ্য সেই কথা আন কাৰো পৰা শুনা নাছিলোঁ বা নিজও জনা নাছিলোঁ আৰু এই কথা জানিবলৈ বৰ ইচ্ছা আছিল । বি.এড ৰ প্ৰথম বৰ্ষতেই সেই কথা সত্যতা নিজৰ চকুৰে দেখিলো আৰু কাণেৰে শুনিলো । Practice teaching আৰম্ভ হোৱাৰ আগতে যেতিয়া কৰ্ম নিষ্ঠাত আপোচহীন শ্ৰদ্ধাৰ পৰিস্মিতা বৰা বাইদেউৱে Social Science ৰ Lesson Plan শিকাই আছিল তেতিয়া Lesson plan ত লিখাইছিল General teaching aids আৰু Specific teaching aids আৰু তাৰ পিছত presentation ৰ part ত লিখাইছিল "teacher will enter the class room with a smiling face" আৰু তেতিয়া মই অনুভৱ কৰিব পাৰিছিলো যে সচাকৈয়ে teacher ৰে smiling face লৈ শ্ৰেণী কোঠাত প্ৰৱেশ কৰাৰ গুৰুত্ব বা তাৎপৰ্য্য কিমান ! কিয় দৌলৱ ছাৰে teacher ৰ হাঁহিক বিশেষ বস্তু বুলি কৈছিল ......! (আগলৈ)







