কলিজাত মাথো তোমাৰেই নাম ✍ দীপজ‍্যোতি দাস

তোমাৰ অনুমতি হ'লে
মোৰ কলিজা তোমাৰ নামত উইল কৰি দিলোহেঁতেন ।
পূৰ্ণিমাৰ জোনৰ দৰে তোমাৰ মুখনি,
চাও নাচাও কৈ চোৱা তোমাৰ চাৱনি ৷
আহ্...

কেতিয়াবা মন যায়
হিন্দী ফিল্মৰ ষ্টাইলত প্ৰেমৰ প্ৰস্তাব আগবঢ়াব।
কিন্তু ভয় মাথো এটিয়ে,
জানোচা তুমি অগ্ৰাহ্য কৰা ৷

ন'হলে তোমাৰ হৃদয়ত অকন ঠাই দিবানে
আনে শুধিলে ক'বা,
সেইজন হৃদয়ৰ ভাড়াতীয়া,
সময়ত নিজেই ওলাই যাব ৷

মোৰ প্ৰেমহীন জীৱনৰ তুমিয়েটো প্ৰেমিকা
কিয়নো,
মৰুভূমিত কেকটাছে জানো বৃহৎ গছ নহয় !

সঁচাকৈ কৈছো,
অনুমতি হ'লে
মোৰ কলিজা তোমাৰ নামত উইল কৰি দিলোহেঁতেন ।