ছাতিৰ এখন ৰচনাৰে ৰঁচো আহক
আজিৰ আবেলিৰ চাহৰ চুমুকটি..
আপুনি হয়তো ভাবিছে
ছাতি জানো ৰচনাৰ বিষয় হ'ব পাৰে...
পাতনি, পৰিচয়,
উপকাৰিতা, অপকাৰিতা ইত্যাদি বোৰ জানো
ছাতিৰো আছে সামৰণি সহিতে !
আচলতে আপুনি ঠিকেই ধৰিছে..
আজিৰ বিষয়টি যে নহয়
কেৱল আক্ষৰিক অৰ্থৰে...।
'শব্দশক্তি'ৰ জ্ঞান আপোনাৰো
তাৰমানে আছে..।
হয়, আজি মই আৰম্ভ কৰিব খুজিছো
আপোনাৰ মোৰ
মৰমৰ,
হেঁপাহৰ আৱৰণ ছটাৰ কথাৰে...।
এইয়ে ৰ'দে বৰষুণে আৱৰি ৰাখে আমাক
ঢাল খনৰ দৰে
নিজে দেই পুৰি
বাৰে বাৰে জুৰায় শীতলতাৰে
দৰাচলতে আমাৰ কোনোৱা
বহুজনমৰ আপোন ছাগে...
ছাতি লৈ একাঁবেকাঁ পথেৰে
আগুৱাই থাকোতে কিয় জানো
শৈশৱৰ এখনি ছবিয়ে বৰকৈ আমনি কৰে...
আগুলিত ধৰি জীৱনৰ পথাৰত
খোজ থোৱা এটি শিশুৰ
এমোকোৰা হাঁহিৰে ভৰা চাৱনিয়ে
চুই যায় নীৰৱে...
কৈ যায় বহু কথা
মৌন ওঁঠ মুখৰ হৃদয়ে.. ৷
আঁকি নাযায় প্ৰস্তাৱনা
এখন দীঘলীয়া
ৰচনাৰ সাংবিধানিক স্বীকৃতিৰ জোখাৰে...।
অ'
আপোনাৰ চাহ কাপ
নষ্টহে কৰিলো নেকি বাৰু মিছাতে...
ঠিকনাঃ তেজপুৰ, শোণিতপুৰ।
ফোনঃ ৮৮২২৯৪৩০৬৪
আজিৰ আবেলিৰ চাহৰ চুমুকটি..
আপুনি হয়তো ভাবিছে
ছাতি জানো ৰচনাৰ বিষয় হ'ব পাৰে...
পাতনি, পৰিচয়,
উপকাৰিতা, অপকাৰিতা ইত্যাদি বোৰ জানো
ছাতিৰো আছে সামৰণি সহিতে !
আচলতে আপুনি ঠিকেই ধৰিছে..
আজিৰ বিষয়টি যে নহয়
কেৱল আক্ষৰিক অৰ্থৰে...।
'শব্দশক্তি'ৰ জ্ঞান আপোনাৰো
তাৰমানে আছে..।
হয়, আজি মই আৰম্ভ কৰিব খুজিছো
আপোনাৰ মোৰ
মৰমৰ,
হেঁপাহৰ আৱৰণ ছটাৰ কথাৰে...।
এইয়ে ৰ'দে বৰষুণে আৱৰি ৰাখে আমাক
ঢাল খনৰ দৰে
নিজে দেই পুৰি
বাৰে বাৰে জুৰায় শীতলতাৰে
দৰাচলতে আমাৰ কোনোৱা
বহুজনমৰ আপোন ছাগে...
ছাতি লৈ একাঁবেকাঁ পথেৰে
আগুৱাই থাকোতে কিয় জানো
শৈশৱৰ এখনি ছবিয়ে বৰকৈ আমনি কৰে...
আগুলিত ধৰি জীৱনৰ পথাৰত
খোজ থোৱা এটি শিশুৰ
এমোকোৰা হাঁহিৰে ভৰা চাৱনিয়ে
চুই যায় নীৰৱে...
কৈ যায় বহু কথা
মৌন ওঁঠ মুখৰ হৃদয়ে.. ৷
আঁকি নাযায় প্ৰস্তাৱনা
এখন দীঘলীয়া
ৰচনাৰ সাংবিধানিক স্বীকৃতিৰ জোখাৰে...।
অ'
আপোনাৰ চাহ কাপ
নষ্টহে কৰিলো নেকি বাৰু মিছাতে...
ঠিকনাঃ তেজপুৰ, শোণিতপুৰ।
ফোনঃ ৮৮২২৯৪৩০৬৪







