তুমি, তুমি এখন বোৱঁতী নদী
মোৰ বুকুয়ে উজাই বৰলুইত পোৱাগৈ,
তুমি, তুমি অসমৰ বুৰঞ্জী
তোমাক লুটিয়াই মই বিচাৰি পাওঁ
অসমৰ পুৰণি ঐতিহ্য।
তুমি সেই অসমীয়া জাতিৰ সমাধিটো
য'ত বহি মই সপোন দেখো
বৃহত্তৰ অসমীয়া জাতিটোৰ ৷
তুমি বাৰুদৰ ধোৱা
মোৰ হৃদয়ৰ দুখ বোৰ বন্দুকত সুমুৱাই
উৰুৱাই দিয়া ৷
তুমি উত্তৰ পূৰ্বাঞ্চলৰ শুৱনি জনজাতি গাভৰু জনী
তোমাৰ ৰূপৰ সুধাত চঞ্চল মোৰ মননয়নী ।
তুমি শিৱসাগৰৰ ৰংঘৰ,
বাট বিচাৰি নোপোৱা তলাতল ঘৰ
চৰাইদেউৰ মৈদামটো আৰু বিশাল আকাৰৰ
জয়সাগৰ আৰু শিৱসাগৰ পুখুৰী,
তোমাৰ গৌৰৱেৰে গৌৰৱান্বিত মই আজি ৷
তুমি মাথো মোৰ হৃদয়ৰ ঠিকনাটি,
তোমাতেই বিলীন মোৰ ক্ষুদ্ৰ জীৱনটি ৷
ঠিকনাঃ উত্তৰ লক্ষীমপুৰ কলেজ,
স্নাতক তৃতীয় ষাণ্মাষিক
ফোনঃ ৮৪৮৬২৬৬৫৩৩
মোৰ বুকুয়ে উজাই বৰলুইত পোৱাগৈ,
তুমি, তুমি অসমৰ বুৰঞ্জী
তোমাক লুটিয়াই মই বিচাৰি পাওঁ
অসমৰ পুৰণি ঐতিহ্য।
তুমি সেই অসমীয়া জাতিৰ সমাধিটো
য'ত বহি মই সপোন দেখো
বৃহত্তৰ অসমীয়া জাতিটোৰ ৷
তুমি বাৰুদৰ ধোৱা
মোৰ হৃদয়ৰ দুখ বোৰ বন্দুকত সুমুৱাই
উৰুৱাই দিয়া ৷
তুমি উত্তৰ পূৰ্বাঞ্চলৰ শুৱনি জনজাতি গাভৰু জনী
তোমাৰ ৰূপৰ সুধাত চঞ্চল মোৰ মননয়নী ।
তুমি শিৱসাগৰৰ ৰংঘৰ,
বাট বিচাৰি নোপোৱা তলাতল ঘৰ
চৰাইদেউৰ মৈদামটো আৰু বিশাল আকাৰৰ
জয়সাগৰ আৰু শিৱসাগৰ পুখুৰী,
তোমাৰ গৌৰৱেৰে গৌৰৱান্বিত মই আজি ৷
তুমি মাথো মোৰ হৃদয়ৰ ঠিকনাটি,
তোমাতেই বিলীন মোৰ ক্ষুদ্ৰ জীৱনটি ৷
ঠিকনাঃ উত্তৰ লক্ষীমপুৰ কলেজ,
স্নাতক তৃতীয় ষাণ্মাষিক
ফোনঃ ৮৪৮৬২৬৬৫৩৩







