(এক)
তৰাবোৰ ৰাতিৰ ফুল
নীৰৱ ৰাতিবোৰত
গহীন হৈ পৰে তৰাবোৰ
তৰাবোৰে ৰাতিৰ আকাশত আজিকালি নাহাঁহে
ক্ৰমশ: নিস্তেজ পৰে ৰাতিৰ আকাশ
আইতাৰ সাধু ল'ৰালিৰ চোতাল আৰু
নষ্টালজিয়া সময়ৰ সাক্ষী
তৰাফুলৰ আকাশ
গাৱঁৰ আকাশত তৰাবোৰে নাহাঁহে
জোনবাইজনীয়েও নাহাঁহে
কনমইনাৰ হাঁহিবোৰ উৰি ফুৰে
ওচৰে পাজৰে
চিনাকি সুৰবোৰ ক্ৰমশঃ অচিনাকি হয়
"এটি তৰা নালাগে দুটি তৰা দিয়া..''
আজিকালি গাৱঁৰ চোতালত নবহে
সাধুকথাৰ মেল
সুখৰ সময়বোৰ ক্ৰমশঃ সাধুকথা হয় ৷
তৰাফুলৰ সুখবোৰ সৰি পৰে
নীৰৱতাৰ ৰাতি এটাত ৷
(দুই)
ৰাতিবোৰ দুখৰ মালিতা
দুখবোৰো ৰাতি ফুলা ফুল
সুখৰ দিনবোৰ নষ্টালজিয়া সময়
বানে মৰা পথাৰত গজালি ভাঙে সপোনবোৰে
সেউজীয়া সপোনবোৰ মৰহে গুপুতে
বানে উটুৱাই নিয়ে আজোককাৰ দিনৰ ভৰাল
প্ৰতিটো ৰাতি ভোকৰ উজাগৰী নিশা
চৌকাত নজ্বলে জুই
ভোকত থাকে ঘৰখনৰ চাৰিওটি প্ৰাণী
খুৰীদেওৰ মুখত নুশুনো বনগীত বিয়ানামৰ সুৰ
কিসতে হাঁহিব তেও
লঘোনীয়া অৱস দেহত হাঁহিবৰ বাবেও ক্ৰমশঃ কমি আহে শক্তিবোৰ
গোটেই ৰাতি কান্দি থাকে তিনিমহীয়া কেচুৱাটিয়ে
ৰাতিবোৰ শেষ হৈ ক্ৰমশঃ
এনেকৈয়ে নিত্যনৈমিত্তিক ৷
ঠিকনাঃ গহপুৰ (বিশ্বনাথ)
ফোন: ৭৬৩৮৮০৪১৪৪
তৰাবোৰ ৰাতিৰ ফুল
নীৰৱ ৰাতিবোৰত
গহীন হৈ পৰে তৰাবোৰ
তৰাবোৰে ৰাতিৰ আকাশত আজিকালি নাহাঁহে
ক্ৰমশ: নিস্তেজ পৰে ৰাতিৰ আকাশ
আইতাৰ সাধু ল'ৰালিৰ চোতাল আৰু
নষ্টালজিয়া সময়ৰ সাক্ষী
তৰাফুলৰ আকাশ
গাৱঁৰ আকাশত তৰাবোৰে নাহাঁহে
জোনবাইজনীয়েও নাহাঁহে
কনমইনাৰ হাঁহিবোৰ উৰি ফুৰে
ওচৰে পাজৰে
চিনাকি সুৰবোৰ ক্ৰমশঃ অচিনাকি হয়
"এটি তৰা নালাগে দুটি তৰা দিয়া..''
আজিকালি গাৱঁৰ চোতালত নবহে
সাধুকথাৰ মেল
সুখৰ সময়বোৰ ক্ৰমশঃ সাধুকথা হয় ৷
তৰাফুলৰ সুখবোৰ সৰি পৰে
নীৰৱতাৰ ৰাতি এটাত ৷
(দুই)
ৰাতিবোৰ দুখৰ মালিতা
দুখবোৰো ৰাতি ফুলা ফুল
সুখৰ দিনবোৰ নষ্টালজিয়া সময়
বানে মৰা পথাৰত গজালি ভাঙে সপোনবোৰে
সেউজীয়া সপোনবোৰ মৰহে গুপুতে
বানে উটুৱাই নিয়ে আজোককাৰ দিনৰ ভৰাল
প্ৰতিটো ৰাতি ভোকৰ উজাগৰী নিশা
চৌকাত নজ্বলে জুই
ভোকত থাকে ঘৰখনৰ চাৰিওটি প্ৰাণী
খুৰীদেওৰ মুখত নুশুনো বনগীত বিয়ানামৰ সুৰ
কিসতে হাঁহিব তেও
লঘোনীয়া অৱস দেহত হাঁহিবৰ বাবেও ক্ৰমশঃ কমি আহে শক্তিবোৰ
গোটেই ৰাতি কান্দি থাকে তিনিমহীয়া কেচুৱাটিয়ে
ৰাতিবোৰ শেষ হৈ ক্ৰমশঃ
এনেকৈয়ে নিত্যনৈমিত্তিক ৷
ঠিকনাঃ গহপুৰ (বিশ্বনাথ)
ফোন: ৭৬৩৮৮০৪১৪৪







