একান্ত ✍ কাৱেৰী কাশ্যপ বৰা

তেওঁৰ চুটি চুলিবোৰৰ মাজত
হেৰাই যাব খোজে মোৰ হাত
গভীৰ সেই চকুযুৰি লৈ চাওঁ
সপোনেবোৰে পোখা মেলে তাত ৷

তেওঁৰ আৱেষ্টনীৰ উষ্ণ লহৰ
মোৰ অৱষাদ গলি শেষ হয়,
নিতৌ তেওঁ আহে সমীপলৈ
শুই পৰে আৱেগবোৰ সাবটি লৈ ৷

তেওঁৰ ধৱলতাই শুভ্ৰ কৰে মোক
আকুল নয়নজোৰত মৰমৰ ছবি
দুহাতত দুমুঠি হেঁপাহে গজালি মেলে
আশাৰ ফুলেৰে সজাও চৌপাশ ৷

তেওঁৰ কথাবোৰে জোৱাৰ তুলে
যেন সিহঁত সমূদ্ৰৰ অক্লান্ত ঢৌ
আঙুলিৰ ফাঁকবোৰত প্ৰেমৰ বাহৰ
মোৰ সৰ্বশৰীৰত যেন তেওঁৰ অনুভৱ ৷

তেওঁৰ কোমল ওঁঠত ওলমে এটি হাঁহি
সেই হাঁহিৰেই উজ্জ্বলে মোৰ ৰাতি
যুঁজে তেওঁ দৈন্যতাৰ সৈ'তে নিতৌ
তেওঁৰ শক্তিৰ যে প্ৰেমিকা মই ৷

ঠিকনাঃ দেৰগাওঁ ৷