খ্ৰীষ্টমাচ বিশেষ মিঠাই ✍ ৰঞ্জনা নাথ

চাওঁচাওঁৰ বৰফি
চাওঁচাওঁ এক পেকেট
ঘি দুই চামুচ
চেনি আধা কাপ
গাখীৰ এক কাপ
ইলাচী গুৰি
সজাবৰ বাবে চেৰী
প্ৰণালীঃ
চাওঁচাওঁ পেকেট ভালকৈ ১৫ মিনিট মান বইল কৰি চেকি ল'লো এতিয়া পেনত ঘি দি তাতে চাওঁচাওঁখিনি দি ভালকৈ ভাজিলো এতিয়া গাখীৰ দিলো গাখীৰ উতলি আধা হোৱাত চেনি দিলো এতিয়া ভাজি ভাজি অলপ গোট মৰাত ইলাচী গুৰি আৰু মিহিকৈ কুটা চেৰী মিলাই ঘি সনা ট্ৰেত বহলাই দি ঠাণ্ডা হোৱাত কাটি পৰিবেশন কৰিলো ।

মিঠা পানৰ লাৰু
কাজু গুৰি ১ কাপ
পান ১ খন
গুৰি কৰা চেনি আধা কাপ
গাখীৰ ১ কাপ
বাটাৰ ১ চামুচ
ফিলিংৰ বাবে মিঠা চফ, চেৰি, কাজু, কিচমিচৰ মিস্ক
প্ৰণালীঃ
প্ৰথমেই গৰম পানীত পান খন দুই মিনিট থৈ পানীৰ পৰা উঠাই পেষ্ঠ কৰি ল'লো । এতিয়া এটা পাত্ৰত কাজুৰ গুৰি চেনি বাটাৰ সকলোখিনি ভালকৈ মিলাই পানৰ পেষ্ঠেৰে মঠিলো প্ৰয়োজন হোৱাত অলপ গাখীৰ দি ভালকৈ মঠি দহ মিনিট মান থৈ তাৰ পাছত লাৰু বনালো ভিতৰত আগতেই প্ৰস্তুত কৰি লোৱা সাগ্ৰীৰ সৈ'তে ৷