(১)
মদ খাই বৰুৱাৰ খোজ হ'ল ঢলংপলং
মদ খাই বৰুৱাৰ খোজ হ'ল ঢলংপলং
পাৰ হ'ব নোৱাৰে বাঁহৰ দীঘল ভগা দলং।
ওপৰলৈ দুবাৰ তললৈ এবাৰ
ঈশ্বৰৰ থেকেচা দিছে বাৰম্বাৰ,
ৰাজপথকে সেঁৱা কৰিলে ভাবি ল'লে কলং ৷
(2)
মৌনতাক সাৰোগত কৰি বুদ্ধিজীৱীৰ হ'ল লটিঘটি
মাদানীৰ ভাষণ শুনি তেৰাসবে হেৰুৱালে সুমতি।
স্বাৰ্থজীৱীৰ বৃন্দাবন
এতিয়া পৰিল চন,
জাতিৰ বিবেক বিকি এতিয়া আৰ্শ্বাদত হে অচলা ভকতি ৷
(3)
কৈ মৰিল ধীৰেন কাইটি জিভাৰ লটৰ পটৰ
জাত পাতৰ কথা কৈ লগাই ল'লে বৰ জগৰ।
বুদ্ধিজীৱী বৰ্ষীয়ান
তলিফুটা কাণ্ডজ্ঞান,
এইবাৰ হেনো সন্নাসী হ'ব দূৰদৰ্শনে দিছে খবৰ ৷







