পৰিচয় বিহীন
এটি যাযাবৰ মই
ফুৰিছো নিজৰ
পৰিচয় বিচাৰি
ক'ত হেৰাল মোৰ
সোণোৱালী শৈশৱ
ক'ত হেৰাল মোৰ ৰৌদ্রস্নাতা
যৌৱনৰ আঁচল বিষাদ চাৰিওফালে.....
কেৱল বিষাদ
অস্তিত্বহীন এটি
নৰকংকাল মই
হে ঈশ্বৰ
অনুভুতিহীন কৰি দিয়া
অৱজ্ঞাত
ফাটি যাব খোজে কলিজাটি
যন্ত্রণাবোৰ কঢ়িয়াই কঢ়িয়াই...
ভাঁজ লাগি গৈছে...
মোৰ বুকুৰ কামি হাড়....
এইযে মোৰ হৃদয় খন...
জ্বলি জ্বলি শেষ হৈ গৈছে
একো নাই তাত
এতিয়া মাথো
আৱৰি আছে
বিষাদৰ এঙাৰে ৷
এটি যাযাবৰ মই
ফুৰিছো নিজৰ
পৰিচয় বিচাৰি
ক'ত হেৰাল মোৰ
সোণোৱালী শৈশৱ
ক'ত হেৰাল মোৰ ৰৌদ্রস্নাতা
যৌৱনৰ আঁচল বিষাদ চাৰিওফালে.....
কেৱল বিষাদ
অস্তিত্বহীন এটি
নৰকংকাল মই
হে ঈশ্বৰ
অনুভুতিহীন কৰি দিয়া
অৱজ্ঞাত
ফাটি যাব খোজে কলিজাটি
যন্ত্রণাবোৰ কঢ়িয়াই কঢ়িয়াই...
ভাঁজ লাগি গৈছে...
মোৰ বুকুৰ কামি হাড়....
এইযে মোৰ হৃদয় খন...
জ্বলি জ্বলি শেষ হৈ গৈছে
একো নাই তাত
এতিয়া মাথো
আৱৰি আছে
বিষাদৰ এঙাৰে ৷







