জোন ✍ ইন্দুমণি কছাৰী

ৰাতিৰ আকাশত উজ্বল হৈ
উজ্বলি উঠা তুমি,
তোমাৰ আশে- পাশে থকা
তৰাবোৰে তিৰবিৰ কৰি
হাঁহি থাকে !
ৰহস্যময়ী পৃথিৱীৰ
কাৰু- কাৰ্য দেখি
তৰাবোৰৰ মাজত তুমি যেতিয়া
উজ্বলি উঠা,
তোমাৰ মাজত…
দেখা পাওঁ মই মোৰ সপোনৰ ৰংঘৰ।
সেই সপোনৰ ৰংঘৰ
বাস্তৱত ৰূপায়িত কৰাৰ
অলেখ ভাৱনা
নাজানো কিমান দূৰ সফল হওঁ সেই সপোন বাস্তৱত ৰূপায়িত কৰাত !
মোৰ দুটি নয়নে
তোমাক ৰাতিৰ আকাশত বিচাৰি ফুৰে,
তোমাক দেখা পালে মোৰ সপোন জীপাল হৈ উঠে ৷


ঠিকনাঃ উত্তৰ লখিমপুৰ মহাবিদ্যালয়
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ