বৈ যায়,
বৈ যায় সেই বিখ্যাত মহানদী...
ধীৰে ধীৰে ৷
দুয়োপাৰে সোণোৱালী সেউজীয়া মানুহ
আৰু
সভ্যতা- সংস্কৃতি,
নদীৰ বুকুত ওলমি ৰয়
সম্প্ৰীতিৰ সোণোৱালী সাঁকো ।
চেনেহ মাটিৰ অমৃত নিৰ্যাস
সঞ্জীয়নী ক্ষুধা- য'ত লুকাই থাকে
মানুহৰ জীউ আৰু অস্তিত্ব।
এনেদৰেই বৈ থাকে নদীখন ...
মাথোঁ মানুহৰ আশাত
আৰু জী থাকে মানুহ,
নদীৰ আস্থাত।
কেতিয়াবা নদীখনৰো বৰকৈ খং উঠে,
খং উঠে ..
মানুহ্বোৰৰ অন্যায়- অত্যাচাৰত
আৰু সেয়ে নদীখনে
প্ৰায়েই কলুষিত আৱৰণ সানি দিয়ে,
আই অসমীৰ চেনেহৰ দলিচাত।
কলাগুৰুৱে কৃষ্টি- সংস্কৃতিৰ পথাৰ ৰঁচে,
ৰূপকোঁৱৰে বিপ্লৱৰ,
নৱ-জাগৰণৰ সূচনা কৰে
আৰু সুধাকণ্ঠই গীত জুৰে-
"মহাবাহু ব্ৰহ্মপুত্ৰ"
-নদীখনৰ সত্ত্বাত বিলীন হৈ....
আই অসমীৰ বোকোচাত
আমাৰ ব্ৰহ্মপুত্ৰ,
তোমাক যাঁচো প্ৰেমাঞ্জলিৰে প্ৰণাম।
ঠিকনাঃ সোণাপুৰ
বৈ যায় সেই বিখ্যাত মহানদী...
ধীৰে ধীৰে ৷
দুয়োপাৰে সোণোৱালী সেউজীয়া মানুহ
আৰু
সভ্যতা- সংস্কৃতি,
নদীৰ বুকুত ওলমি ৰয়
সম্প্ৰীতিৰ সোণোৱালী সাঁকো ।
চেনেহ মাটিৰ অমৃত নিৰ্যাস
সঞ্জীয়নী ক্ষুধা- য'ত লুকাই থাকে
মানুহৰ জীউ আৰু অস্তিত্ব।
এনেদৰেই বৈ থাকে নদীখন ...
মাথোঁ মানুহৰ আশাত
আৰু জী থাকে মানুহ,
নদীৰ আস্থাত।
কেতিয়াবা নদীখনৰো বৰকৈ খং উঠে,
খং উঠে ..
মানুহ্বোৰৰ অন্যায়- অত্যাচাৰত
আৰু সেয়ে নদীখনে
প্ৰায়েই কলুষিত আৱৰণ সানি দিয়ে,
আই অসমীৰ চেনেহৰ দলিচাত।
কলাগুৰুৱে কৃষ্টি- সংস্কৃতিৰ পথাৰ ৰঁচে,
ৰূপকোঁৱৰে বিপ্লৱৰ,
নৱ-জাগৰণৰ সূচনা কৰে
আৰু সুধাকণ্ঠই গীত জুৰে-
"মহাবাহু ব্ৰহ্মপুত্ৰ"
-নদীখনৰ সত্ত্বাত বিলীন হৈ....
আই অসমীৰ বোকোচাত
আমাৰ ব্ৰহ্মপুত্ৰ,
তোমাক যাঁচো প্ৰেমাঞ্জলিৰে প্ৰণাম।
ঠিকনাঃ সোণাপুৰ







