আকাশ ভালপোৱা ল'ৰাজন ✍ দীপ সিংহ

স্নিগ্ধ জোনাকত মেঘৰ স'তে
দৌৰি ফুৰে তাৰ মন,
মুধচৰ জলঙাই নয়ন জুৰাই
মেঘৰ তুলিকাৰে অঁকা ছবি চাই
ডেউকা লগা ঘোঁৰাত উঠি
জোনবাইৰ সতে লুকা ভাকু খেলে
মেঘৰ সিপাৰে দূৰ দিগন্তৰ দেশলৈ
ঢাপলি মেলে তাৰ মন,
মাজে মাজে এছাটি চেঁচা বতাহে
খেলি মেলি লগাই তাৰ খেলাত,
কম্বলযেন লগা থৈলাখন টানি
কণ কণ ভৰি দুটি কুছাই
পুনৰাই ঢাপলি মেলে
তাৰ শুকুলা ঘোঁৰাত উঠি
মেঘৰ সিপাৰৰ কোনোবা অজান মুলুকলৈ
দগ.. দগ.. দগ.. দগ..

সময়ৰ ঘোঁৰাইও বহুদূৰ আগুৱাই আহিল,
আজি বহু বছৰেই হ'ল
তাৰ আকাশৰ স'তে কথা পতা হোৱা নাই,
ব্যস্ত জীৱনৰ ধাৰাই হেৰুৱাই পেলাইছে জীৱনৰ মাদকতা।
এতিয়া তাৰ সকলো আছে
কম্বল, টকা, ঘৰ, গাড়ী
কিন্তু নাই মাত্ৰ সময় !
সেয়ে এতিয়া আকাশ চাবলৈ তাৰ আহৰি নাই,
জোনবাইৰ লগত
তাৰ পুৰণা মিতিৰালি পৰিশেষ হ'ল,
সপোনেও হেনো অভিমান কৰি তাক এৰি গ'ল ৷
কেতিয়াবা আকাশে তাক হাত বাউল দি মাতে দূৰৈ পৰাই,
বেচেৰাই তেতিয়া তলমূৰ কৰি নেদেখাৰ ভাও জুৰে।
আকাশ চাবলৈ সি আজি পাহৰি গৈছে ৷