এটি বিন্দুযাক আমি
ক্ষুদ্ৰ চিন বা ফুট
বুলি নামঙ্কিত কৰো
সেই বিন্দুৰ পৰাই অংকিত
এক ৰেখা আৰু এক পৰিধি
ৰেখাৰ সীমা ক'ত ?
কোনেও নাজানে
পৰিধিৰ সীমা ক'ত ?
সকলোৱে জানো
মোৰ দৃষ্টিত ৰেখা উচ্চাকাংক্ষাৰ প্ৰতীক ৰেখা
তুমি নহ'বা !
আগুৱাই গৈ
ঘূৰি অহাৰ পথ বিচাৰি নাপাবা
আজি প্ৰয়োজন
আমাক পৰিধিৰ
এটা বিন্দুৰ পৰা আৰম্ভ হৈ
সম দুৰত্বৰে আগুৱাই গৈ
য'ত আৰম্ভ হৈছিল তাতেই মিলিত হোৱাৰ
গাওঁ এৰি আজি আমি
চহৰ মুখি হওঁ
চহৰৰ যাক জমকতাৰ মাজত
এক ৰেখা মাত্ৰ হৈ ৰওঁ পৰিধিৰে
ৰিজাই চোৱা নিজক গাওঁৰ পৰা গৈ গাওঁতে পাবা
সভ্যতা সংস্কৃতি ভাষা জ্ঞান
সকলো আছিল অতীততে
আমি আজি চহৰ মুখি হৈ
বিকৃত কৰিছো ?
নিজে নিজকে
আধুনিকতাৰ প্ৰভাৱ বুলি সান্তনা লভিছো
কিয় এনে হ'ল ?
ক'ত জানো ভুল হ'ল ?
সেয়ে মোৰ মন যায়
এটি বিন্দু হ'বলৈ
ৰেখাক অদৃশ কৰি
পৰিধি অংকন কৰিবলৈ ।
ঠিকনাঃ মুম্বাই
ফোন নম্বৰঃ ৯৯৮৭৬৪৭২৯৪







