নাৰী হৈ জন্ম লোৱাটো অপৰাধ নেকি……?কি যে বিচিত্ৰ নাৰীৰ জীৱন,
চকুৰ প্ৰচাৰতে সলনি হৈ পৰে পৃথিৱীখন
প্ৰেম ভালপোৱা কথা কোৱা মানুহবোৰ
বিষয় বাসনাত লিপ্ত হৈ
ঠগ-প্ৰৱঞ্চনাৰে
মৰম-স্নেহ আৰু সততাৰ
সুতীক্ষ্ণ অস্ত্ৰ লৈ
তীব্ৰ আঘাত
চঞ্চলা গাভৰু দেহত……!!
সভ্যতাৰ মূখা পিন্ধি
মৌনতাৰ সুবিধা লোৱা
এচাম নৰ-পিশাচৰ বাবে
কেঁচা মঙহৰ
কোমলীয়া শৰীটো
যেন বাসনাৰ সামগ্ৰী …!!
মৰম নদীৰ পম খেদি খেদি
এপিয়লা সুৰাৰ ৰাগিত মাতাল হৈ,
চলনাৰ বৰজালত চিকাৰ কৰি
বাৰে বাৰে
গো-গ্ৰাসে গিলি থয়
ৰামধেনুৰঙী সপোন……!!
ক্ৰমশঃ কমি আহে
যৌৱনৰ প্ৰখৰ উজ্জ্বলতা…
লাহে লাহে আন্ধাৰে বাট এৰা নিদিয়ে
পোহৰেও পোহ নলয়……!
অচিনাকি হৈ পৰে
সকলো
প্ৰিয় মানুহবোৰেও তৃপ্তি লয়,
শান্তি পায়
গোপনীয়তা উলংগ কৰি……!!
জানোচা……!
জানোচা নাৰীৰ হৈ জন্মা লোৱাটো অপৰাধ…!!
সেইয়ে,
অপৰাধী উঠন বুকুখন
প্ৰতি নিশাই আবেগত
ধিমিক- ধামাক্ কৈ জ্বলে,
সেই জুইয়ে পুৰি চাঁই কৰি
ধোঁৱাৰ সৈতে উৰুৱাই
হেঁপাহৰ বিলাসী সপোন…
যেন হৈ পৰে
নিসংগতাৰ পূজাৰী
অ-বিশ্বাসৰ জুইয়ে পুৰা
এগৰাকী পংগু নাৰী………!







