বিবাহ ✍ সঞ্জয় আচাৰ্য

(১)
পূবৰ বেলি ক্ষণে ক্ষণে পশ্চিমৰ দিশে
মুকুতাৰ উজ্জ্বল মণিয়ে
হিয়াভৰা কান্দোনৰ মাজেৰে বিদায় মাগিছে
এটি নতুন পোহৰৰ সন্ধানত

(২)
পলকতে দুখন নৈৰ মিলন ঘটি
সু- গভীৰ সাগৰৰ ৰূপ ল'লে
আৰু হালধীয়া সৰিয়হ ফুলবোৰৰ মাজে মাজে
এটি নতুন আশাৰ সন্ধানত ব্ৰতী হ'ল

(৩)
এদিনাখন পূবৰ বেলি হঠাৎ স্তব্ধ হ'ল
মুকুতাৰ উজ্জ্বল মণিয়ে
চিৰকাল বিদায় মাগিলে
সু-গভীৰ সাগৰ এফাল
শুকান হৈ পৰি ৰ'ল
আৰু হালধীয়া সৰিয়হ ফুলবোৰ
কলিতে মৰহিলে ।

ঠিকনাঃ নৰ্থ লখিমপুৰ কলেজ
ফোনঃ ৮২৫৩৯২৬১৮৮৭