টেটকুটি - দ্বিতীয় খণ্ড (কৌস্তভ প্ৰতীম কাশ্যপ)

- নহয় অ', মই সৰস্বতী মাক কৈছো ৷ তই নিজৰ কাম কৰি থাক ৷ - অশোকক কথাষাৰৰ পাছত মাক তাৰ কোঠালিটোৰ ওচৰলৈ চাপি আহিল ৷
- এইটো কি ?
হাতত থকা ঝাড়ুটো ওভতাই মাকে অশোকক সুধিলে ৷ মাকৰ শৰীৰৰ দিশৰ সৈ'তে নব্বৈ ডিগ্ৰী কোণ কৰি থকা হাত দুখনলৈ আৰু ঝাড়ুটোলৈ লক্ষ্য কৰি সি কেইমুহূৰ্তমান নিমাত হৈ থাকিল ৷
- নিজে অথনিৰে পৰা ঝাড়ু দি আছ, এতিয়া মোক সুধিছে যে ৷ ঝাড়ু আক'
- লাগে নেকি ? চকু থৰ কৰি মাকে সুধি দাণত কৰিচিবলৈ ধৰিলে ৷
- সেইটো লৈ মই কি কৰিম ? নিজেই ঝাড়ু দি থাক ৷
অশোকে আকৌ মাকৰ ফালে চাই থকা মুখখন ঘূৰাই সৰস্বতী মাৰ ফটো খনলৈ চালে ৷
- এইটো তোক লাগে নেকি সোধা নাই ৷ এইটোৱেই মাৰ লাগে নেকি সুধিছো ৷ মোক নিজৰ কাম কৰিবলৈ ক'বলৈ আহিছ ৷ আজিলৈকে  নিজৰ কাম এটা ভালদৰে কৰি পাইছ ?
মাকৰ মাত লাহে লাহে ডাঙৰ হৈ অহা দেখি অশোকে
কোঠালিটোত সোমাই থকাটো বৰ সুবিধাজনক নহব' বুলি ভাবি বাথৰূমৰ ফালে ওলাই আহিল ৷

অলপ সময়ৰ পাছতে ইফাল সিফাল কৰি আইনাখনৰ  সমুখত ৰৈ সি নিজকে মূৰ ডাঙি চাই আছিল ৷ তিতি থকা চুলিখিনি সি নিজৰ মনেৰে কিছুমান অদ্ভূত কৌশলেৰে ভাঁজ দিবলৈ ধৰিলে ৷ কোনোবা এপাকত দুইখন হাতেৰে যোৰকৈ মধ্যমীয়া জোখৰ চুলিখিনি তাজমহলৰ ওপৰৰ অংশৰ দৰে থিয় কৰিবলৈ চেষ্টা কৰে ৷ চুলিখিনি পাতল হোৱাৰ বাবে সেই ভাঁজত নৰৈ ঘৰৰ কাষত হাউলি থকা জাতিবাঁহ জোপাৰ দৰে হৈ পৰে ৷ নিজকে "ধেত" বুলি কৈ এবাৰ চুলিখিনি সোঁমাজতে ভাগ কৰি এভাগ সোঁ- ফালে থকা ককাকৰ কোঠালীৰ ফালে মুখ কৰালে আৰু আনটো ভাগ তাৰ বিপৰীতে ৰাখিলে ৷ চুলিখিনি লগত হৈ থকা ব্যস্ততাৰ মাজতে কোন সময়ত মাক আহি তাৰ পাছফালে ৰৈ আছিল সি গমেই নাপালে ৷
- হ'ব যা মোৰ চলমান খানটো ৷ আইনাখন আহি পেলাই চাবিহি ৷
পাছফালৰ পৰা অহা কাইটীয়া লিৰে অশোকৰ গোটেই গাটো বিজবিজাই গ'ল ৷ সি স্কুললৈ বুলি বেগেৰে যোৱাৰ ওলাই গ'ল ৷ বেগাই দিয়া খোজ কেইটাৰ লগে লগে সি নিজৰ চকুদুটা ককাকৰ কোঠালিটোৰ ফালে ঘূৰালে কিয়নো বাহিৰলৈ যোৱাৰ আগত ককাকৰ কোঠালিটো পাৰ হৈ যাব লাগে ৷
- ককা যাওঁ বুলি কৈ সি ওলাই গ'ল ৷ কেইখোজমান যোৱাৰ পাছত তাৰ ঘৰৰ চিৰন্তন সত্যটো মনত পৰি গ'ল যে তাৰ ককাকে কাণেৰে বৰ ভালদৰে নুশুনে ৷ সি পুনৰ ঘূৰি আহি ককাকৰ কোঠালিৰ দৰ্জাখন ওচৰলৈ ৷ সি সম্পূৰ্ণৰূপে খাটাং হ'ল যে তাৰ মুখৰ পৰা ওলোৱা শব্দৰ টিলমানো ককাকে শুনা নাছিল ৷ কাৰণ ককাকৰ কেইমূহূৰ্তমানলৈকে কোনো ধৰণৰ লৰচৰ নাছিল ৷
- ককা যাওঁ ৷
এইবাৰ মাতটো অলপ উচ্চ স্বৰত ক'লে যাতে মাতটোৱে ককাকৰ কাণৰ পৰ্দাখন লৰাব পাৰে ৷
- ক'ত যাৱ ?
বহি থকা বিচনাখনৰ পৰাই ককাকে ক'লে ৷ তাৰোপৰি ককাকে এনেকৈ সুধিলে যেন তেওঁ একো গম নোপোৱাকৈ অশোক ক'ৰবালৈ যাবলৈ ওলাইছে ৷
- পিকনিকলৈ যাওঁ
কথাষাৰ কৈ সি পোনাপোনিকৈ বাহিৰলৈ ওলাই গ'ল ৷ চাইকেলেৰে গৈ স্কুলৰ গেটখনৰ ওপৰত লিখি থোৱা 'জ্ঞান সাৰথি' নামটো চাই আছিল ৷ এটা হুমুনিয়াহ কাঢ়ি তললৈ চাওঁতে দেখে আৰু এজনে সেই একেটা নামকে চাই আছে ৷ অশোকে লগে লগে ধাৰণা কৰিলে সেইটো লৱণেই হ'ব ৷ মামৰে ধৰা লোহাৰ ৰঙৰ কেঁকোৰা চুলিৰে আবৃত্ত লৱণৰ দীঘল মূৰটো ডিঙিৰ সৈতে প্ৰায় পঞ্চলিছ ডিগ্ৰীত সোঁ- ফালে হাউলি আছিল ৷ কোনোবা অহাৰ উমান পাই লৱণে পাছলৈ চাই দেখে তাৰ দুখৰ সমভাগী অশোক তাৰ পাছত ৰৈ আছে ৷ মাগুৰ বৰণৰ চেহেৰাৰ সৈ'তে ঘূৰণীয়া মুখমণ্ডলত কেইটামান শালমইনাৰ গৰাকী হৈ লৱণৰ সমুখত নিমাতে ৰৈ আছিল ৷ কিন্তু  লৱণৰ সমান ভয় তাৰ মুখত ভাঁহি থকা নাছিল যদিও সি বাহিৰলৈ আহিবলৈ দিয়া নাছিল ৷ বিনাশব্দে দুয়ো গৈ নিজৰ দশম শ্ৰেণীৰ কোঠালীটোৰ একেবাৰে শেষত ঠাইডোখৰ দখল কৰিলে ৷ (আগলৈ)