আধুনিক শিক্ষা ব্যৱস্থাত "আধ্যাত্মিক শিক্ষা"ৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি । সংক্ষিপ্ত অৰ্থত, "আধ্যাত্মিক" শব্দটোৱে ঈশ্বৰৰ প্ৰতি একান্ত চিন্তা তথা ভক্তি- ভাৱৰ কথাকে বুজায় । শিক্ষানুষ্ঠান সমূহতো ছাত্ৰ- ছাত্ৰীসকলক এনে শিক্ষা প্ৰদান কৰা পৰিলক্ষিত হয়। আধ্যাত্মিক শিক্ষাৰ অবিহনে এগৰাকী ছাত্ৰ বা ছাত্ৰী পূৰ্ণাংগ শিক্ষাপ্ৰাপ্ত বুলি ক'ব নোৱাৰি । কেৱল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ সঠিক মূল্যাংকন নকৰে, সমান্তৰালভাৱে আধ্যাত্মিক শিক্ষাও ওতঃ প্ৰোতভাৱে জড়িত হৈ আছে ৷
সাম্প্রতিক সময়ত শিক্ষানুষ্ঠানত (স্কুল, কলেজ আদি) যি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়, আধ্যাত্মিক শিক্ষাই কিন্তু সমগুৰুত্ব লাভ কৰা দেখা নাযায় । যাৰ ফলত একাংশ ছাত্ৰ- ছাত্ৰীৰ নৈতিক মূল্যবোধ, সামাজিক মূল্যবোধ তথা মানসিক উৎকৰ্ষ সাধনত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এনে ফলশ্ৰুতিত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজ পিতৃ- মাতৃ, শিক্ষাগুৰু তথা জ্যেষ্ঠৰ প্ৰতি সন্মান, ভক্তি, আদৰ আদি প্ৰায় সকলো হেৰুৱাৰ উপক্ৰম ঘটে আৰু নিজ ব্যক্তিত্বক আত্ম- বিবেচনাৰে সঠিক হিচাপে মূল্যাংকন কৰে ৷
গতিকে দেখা যায় যে, বৰ্তমান সময়ত কেৱল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে যথেষ্ট নহয়, তাৰ লগতে আধ্যাত্মিক শিক্ষাকো সম পৰিমাণে গুৰুত্ব দিব লাগিব । সেয়ে ক'ব পাৰি যে, প্ৰতিজন সু- নাগৰিক, সমাজ- সচেতন ব্যক্তি তথা চৰকাৰে এই ক্ষেত্ৰত অধিক প্ৰাধান্য দিলেহে বিষয়টো পূৰ্ণাংগপ্ৰাপ্তিত পৰিণত হ'ব। অৱশ্যে এইক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে ৷
ঠিকনাঃ ৰহমৰীয়া








